বিদ্যালয়ত শাৰীৰিক শাস্তিৰ প্ৰাসংগিকতা
‘চেকনিৰ আগত বিদ্যা’ বুলি অসমীয়াত এষাৰ আপ্তবাক্য আছিল৷ এতিয়া এই আপ্তবাক্যফাঁকি আওপুৰণি হ’ল৷ সর্বশিক্ষা অভিযান আৰু শিশু শিক্ষাৰ মৌলিক অধিকাৰ–২০০৯ৰ মতে বিদ্যালয় চৌহদৰ ভিতৰত ৬–১৪ বছৰৰ কোনো শিশুকে শাৰীৰিক শাস্তি বা মানসিক নির্যাতন দিব নোৱাৰিব৷ তাহানি শিক্ষকৰ হাতত একোডাল এছাৰি আছিল৷ এছাৰিৰ কোব খোৱাৰ ভয়ত শিক্ষার্থীসকলে নিয়মানুৱর্তিতা মানি চলাৰ উপৰি নিয়মীয়াকৈ নিজৰ পাঠ অধ্যয়ন কৰিবলৈ বাধ্য হৈছিল৷ আওপকীয়াকৈ এছাৰিডালে শিক্ষার্থীসকলৰ যথেষ্ট উপকাৰ সাধন কৰিছিল বুলিও ক’ব পাৰি৷ নতুন শিক্ষা ব্যৱস্থাত শিক্ষকৰ হাতত এছাৰি লোৱাৰ অধিকাৰ নাইকিয়া হ’ল৷ আনকি উচ্ছৃংখল ছাত্র–ছাত্রীক গালি এষাৰ পাৰি শাসন কৰাৰ ক্ষেত্রতো সীমাবদ্ধতা আহি পৰিল৷ নতুন আইন মতে বিদ্যালয়ত শিক্ষার্থীক কোনো কাৰণতে শাস্তি প্রদান কৰিব নোৱাৰাৰ ফলত এচাম শিক্ষার্থীক নিয়ন্ত্রণ কৰাটো কঠিন হৈ পৰিছে৷ অনুশাসনৰ অভাৱত তেওঁলোক হৈ পৰিছে উচ্ছৃংখল, উদণ্ড৷ এটা সময় আছিল প্রাথমিক বিদ্যালয়ত শিক্ষকৰ হাতত এছাৰি এডাল দেখা পালে ছাত্র–ছাত্রীয়ে যথেষ্ট ভয় খাই কৰণীয়খিনি মনোযোগেৰে কৰিবলৈ বাধ্য হৈছিল৷ এইক্ষেত্রত এছাৰিডালক অনুশাসনৰ আহিলা বুলি ভবাৰো থল আছে৷
ব্যঞ্জন এখন সোৱাদ হ’বলৈ হ’লে জুই টান হ’বই লাগিব৷ কেঁচা খৰিৰ কম জুইত ৰন্ধা আঞ্জা মুখত লগা নহয়৷ ঠিক সেইদৰে ছাত্র–ছাত্রীক সঠিক পথলৈ আনিবলৈ শিক্ষকসকল অলপ হ’লেও কঠোৰ হ’বই লাগিব৷ এটা কথা ঠিক যে প্রতিজন শিক্ষকে ছাত্র–ছাত্রীক নিজ সন্তানৰ দৰেই মৰমৰ চকুৰে চায়৷ সেয়ে হ’লেও শিক্ষকসকল কেতিয়াবা সেই মৰমৰ ছাত্র–ছাত্রীৰ ওপৰত গৰম হ’বলৈ বাধ্য হয়৷ অতিমাত্রা জুইত আঞ্জাত জ্বলি যোৱাৰ নিচিনা ছাত্র–ছাত্রীৰ ক্ষেত্রতো বেছি কঠোৰ হ’লে তেওঁলোক বিপথে যোৱাৰ সম্ভাৱনা থাকে৷ সেয়েহে শিক্ষকসকল এইক্ষেত্রত যথেষ্ট সাৱধান হোৱা দৰকাৰ৷ সামান্য পৰিমাণৰ তাপ ব্যৱহাৰ কৰি মখমল কাপোৰ ইস্ত্রি কৰাৰ দৰে শিক্ষকসকলেও অন্তৰত মৰম ৰাখি বাহিৰে কিছু গৰম দেখুৱাই কোমলমতীয়া অনভিজ্ঞ ছাত্র–ছাত্রীসকলক শাসন কৰা দৰকাৰ৷ শিক্ষকে ছাত্র–ছাত্রীৰ লগত আত্মীয়তাৰে তেওঁলোকৰ মনোজগতত প্রৱেশ কৰি তেওঁলোকক উচিত পৰামর্শ প্রদান কৰাটো জৰুৰী৷ তাৰ মাজতে কোনো ছাত্র–ছাত্রী বিপথে যোৱা যেন অনুভৱ হ’লে তেওঁলোকক সঠিক বাট দেখুওৱাৰ দায়িত্বও শিক্ষকৰেই৷ এইক্ষেত্রত বিদ্যালয় কর্তৃপক্ষ নাইবা অভিভাৱকে হস্তক্ষেপ কৰিলে হিতে বিপৰীত হোৱাৰ সম্ভাৱনাই অধিক৷ ভাল কামত প্রশংসা আৰু বেয়া কামত ধিক্কাৰ দিলেহে উঠি অহা ছাত্র–ছাত্রীয়ে ভাল কামৰ প্রতি আগ্রহান্বিত হ’ব আৰু নিজৰ ভুলবোৰ বুজি পাবলৈ সক্ষম হ’ব৷ বেয়া কামটো বুজাবলৈ শিক্ষকে কেতিয়াবা ধমক দি সামান্য শাস্তি প্রদান কৰাটো একো দোষণীয় কাম নহয়৷ এইধৰণৰ শাসন ছাত্রজনৰ ভৱিষ্যৎ গঢ়াত সহায়ক হয়৷ অৱশ্যে এটা কথা ঠিক যে সামান্য কথাতে শ্রেণীকোঠাৰ ভিতৰত ছাত্রক হকে–বিহকে এছাৰিৰে কোবোৱা নাইবা মানসিক নির্যাতন দিয়াটো নিশ্চয়কৈ অপৰাধ৷
কোনো শিক্ষকে ছাত্র–ছাত্রীৰ অমংগল কামনা নকৰে৷ অতীজৰে পৰা ভাৰতীয় সংস্কৃতিত ঈশ্বৰৰ পাছতে গুৰুৰ স্থান৷ গুৰুভক্তিৰ প্রমাণ চাবলৈ গুৰুৱে আনকি ৰাজকোঁৱৰসকলকো নানা কষ্টসাধ্য কাম কৰিবলৈ বাধ্য কৰাইছিল৷ অতীতৰ গুৰুকুল ব্যৱস্থাত উপযুক্ত বয়সত ৰজাই ৰাজকোঁৱৰসকলক শিক্ষা–দীক্ষাৰ বাবে গুৰুৰ হাতত অর্পণ কৰিছিল৷ ৰাজকোঁৱৰসকলৰ শিক্ষাৰ ক্ষেত্রত ৰজাই কোনো হস্তক্ষেপ নকৰিছিল৷ শিক্ষা প্রদান কার্যত গুৰুক সম্পূর্ণ স্বাধীনতা প্রদান কৰিছিল৷ কিন্তু বর্তমান সময়ত কিছুসংখ্যক অভিভাৱকে সামান্য কথাতে সন্তানৰ সন্মুখতে শিক্ষকক সমালোচনা কৰে৷ মাক–দেউতাকৰ যেনেদৰে নিজ সন্তানক শাসন কৰাৰ অধিকাৰ থাকে, ঠিক তেনেদৰে শিক্ষকসকলৰো ছাত্র–ছাত্রীক শাসন কৰাৰ অধিকাৰ থাকিব লাগে৷ কিন্তু বর্তমান শিক্ষা ব্যৱস্থাই শিক্ষকৰ এই অধিকাৰ খর্ব কৰা যেন অনুভৱ হয়৷ বহুক্ষেত্রত দেখা যায় বিদ্যালয়ৰ শিক্ষক–শিক্ষার্থীৰ মাজত ঘটা সামান্য ঘটনা একোটা গৈ আদালতৰ মজিয়া পায়গৈ৷ এনে ঘটনাই শিক্ষকৰ সন্মান হানি কৰাৰ উপৰি গুৰু–শিষ্যৰ সম্বন্ধত ফাট মেলে৷ ছাত্রাৱস্থাত অনুশাসনৰ খুবেই দৰকাৰ৷ অনুশাসনহীনতাই ছাত্র সমাজত বিশৃংখলতাৰ সৃষ্টি কৰে৷ সেয়ে সমাজৰ মংগলৰ কাৰণে শিক্ষার্থীক শাসন কৰাৰ সম্পূর্ণ স্বাধীনতা শিক্ষকসকলে পাব লাগে৷
বন্তি বৰঠাকুৰ বৰুৱা
ফোনঃ ৭০০২৭-৮৪৭৮০