নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ কুকুৰাৰ মাংসৰ দোকানত গোপনে গো–মাংস বিক্রী

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ মহানগৰীৰ নাৰেংগীৰ কলংপাৰ বজাৰত গো–মাংস বিক্রী কৰাক কেন্দ্র কৰি কালি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ প্রতিদিনৰ দৰে আজিও বজাৰখনত কুকুৰা মাংস বিক্রী কৰা এখন দোকানৰ পৰা এজন গ্রাহকে কুকুৰাৰ মাংস কিনি আছিল৷ কিন্তু হঠাৎ গ্রাহকজনৰ চকু পৰে দোকানখনত থোৱা এটা মাংসৰ টোপোলাৰ ওপৰত৷

গ্রাহকজনে ব্যৱসায়ীজনক টোপোলাটোত কি মাংস আছে বুলি প্রশ্ণ কৰাত ব্যৱসায়ীজনে সদুত্তৰ দিব নোৱাৰাত বজাৰত উপস্থিত একাংশ লোকে টোপোলাটো পৰীক্ষা কৰি গো–মাংস বুলি নিশ্চিত হয়৷ ইয়াৰ পিছতে বজাৰখনত উপস্থিত থকা লোকসকলে গো–মাংস বিক্রী কৰাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ একাংশ উত্তেজিত ৰাইজে কুকুৰাৰ দোকানখনৰ লগতে বজাৰৰ কেইবাখনো দোকান ভাঙি লণ্ডভণ্ড কৰে৷

একাংশ লোকে অভিযোগ কৰা মতে, দীর্ঘদিন ধৰি ব্যৱসায়ীজনে কুকুৰাৰ মাংস বিক্রীৰ অচিলা লৈ গো–মাংস বিক্রী কৰি অহাৰ লগতে একেখন দাৰেই কুকুৰা আৰু গো–মাংস কাটি বিক্রী কৰি আহিছিল৷ অৱশ্যে ঘটনাস্থলীত নুনমাটি আৰক্ষী আৰু নিউ গুৱাহাটী ৰে’ল আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে৷

ইপিনে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্রণৰ অন্তত মুর্গীৰ মাংস আৰু গো–মাংসখিনি জব্দ কৰি লৈ যায়৷ ইফালে, গো–মাংস বিক্রী কৰা দোকানখনৰ মালিক ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল যদিও একাংশ ৰাইজে আটক কৰি নুনমাটি আৰক্ষীক গতাই দিয়ে৷ পিছত আটক কৰা দোকানখনৰ মালিকৰ পৰা অনুসন্ধান কৰি আৰু এজন লোকক আটক কৰে৷ আটক কৰা লোক দুজন ক্রমে আহম্মদ আলী (৩৬) আৰু অচিৰণ নেছা বুলি আৰক্ষী সূত্রই জানিবলৈ দিছে৷

আনহাতে এই সমগ্র ঘটনা সন্দর্ভত বজৰং দল, উত্তৰ–পূব প্রান্ত নামৰ এটা হিন্দুত্ববাদী সংগঠনে নুনমাটি থানাত এখন এজাহাৰ দাখিল কৰে আৰু এজাহাৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে গোচৰ ৰুজু কৰি ব্যক্তি দুজনক জে’ললৈ প্রেৰণ কৰে৷ উল্লেখ্য যে একাংশ ৰাইজে অভিযোগ কৰা মতে, দোকানখনত মুর্গী মাংসৰ লগতে গোপনে বিক্রী কৰি আহিছিল গো–মাংস৷

You might also like