নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ ডিচেম্বৰৰ ভিতৰত বিটিচিৰ নির্বাচনী প্রক্রিয়া

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰঃ অহা ১৫ ডিচেম্বৰৰ ভিতৰত বিটিচি নির্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে৷ বৃহস্পতিবাৰে খানাপাৰাৰ অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত মন্ত্রী পৰিষদৰ বৈঠকত বিটিচিৰ নির্বাচন প্রক্রিয়া অহা ১৫ ডিচেম্বৰৰ ভিতৰত সম্পন্ন কৰাৰ বাবে ৰাজ্যিক নির্বাচন আয়ুক্তক অনুৰোধ জনোৱাৰ সিদ্ধান্ত লোৱা হয়৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ মধ্যস্থতাত অনুষ্ঠিত মন্ত্রী পৰিষদৰ বৈঠকে লগতে বিটিচিৰ নির্বাচন অনুষ্ঠিত নোহোৱা পর্যন্ত অঞ্চলটোত ৰাজ্যপালৰ শাসন বাহাল ৰখাৰ বাবেও সিদ্ধান্ত গ্রহণ কৰি ৰাজ্যপালৰ শাসনৰ ম্যাদ বৃদ্ধিৰ প্রস্তাৱত অনমোদন জনায়৷ স্মর্তব্য যে যোৱা ৪ এপ্রিলত বিটিচি নির্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ক’ভিডজনিত পৰিৱেশৰ বাবে ৰাজ্য চৰকাৰৰ পৰামর্শমর্মে ৰাজ্যিক নির্বাচন আয়োগে সাময়িকভাৱে নির্বাচন স্থগিত ৰাখিছিল৷ ইয়াৰ মাজতে যোৱা ২৭ এপ্রিলত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিটিচি পৰিষদৰ কার্যকাল অন্ত পৰাৰ পৰিপ্রেক্ষিতত সেই দিনাৰ পৰা ছমাহৰ বাবে অঞ্চলটোত ৰাজ্যপালৰ শাসন প্রৱর্তন কৰা হয়৷ অহা ২৭ অক্টোবৰত ৰাজ্যপালৰ শাসনৰ ম্যাদ অন্ত পৰিব৷

বি পি এফ, এ আই ইউ ডি এফ, গণ সুৰক্ষা মঞ্চ, কংগ্রেছ আদিকে ধৰি প্রায় প্রতিটো ৰাজনৈতিক দলে ৰাজ্যপালৰ শাসনৰ প্রথম ছমাহৰ ম্যাদৰ ভিতৰতে বিটিচি নির্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাই আহিছিল আৰু এই সম্পর্কত অলপতে ৰাজ্য চৰকাৰে আয়োজন কৰা সর্বদলীয় বৈঠকতো সেই বিষয়ে মত প্রকাশ কৰে৷ কিন্তু ৰাজ্য চৰকাৰে ক’ভিডজনিত পৰিৱেশৰ বাবে ৩০ নৱেম্বৰ পর্যন্ত বিটিচি নির্বাচন অনুষ্ঠিত নকৰাৰ স্থিতি গ্রহণ কৰে৷ সেই অনুসৰি আজি অনুষ্ঠিত মন্ত্রী পৰিষদৰ বৈঠকে অহা ১৫ ডিচেম্বৰৰ ভিতৰত বিটিচি নির্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয় আৰু নির্বাচন অনুষ্ঠিত নোহোৱা পর্যন্ত ৰাজ্যপালৰ শাসনৰ ম্যাদ বৃদ্ধিৰ প্রস্তাৱত অনুমোদন জনায়৷

আনহাতে, আজিৰ মন্ত্রী পৰিষদৰ বৈঠকে গৰুৰ খাদ্যৰ বাবে প্রয়োজনীয় পুঁজিৰ ব্যৱধান পূৰণৰ বাবে গো–শালাসমূহক বিত্তীয় সাহায্য আগবঢ়োৱাৰ বাবে সিদ্ধান্ত গ্রহণ কৰে৷ একেদৰে গৰুৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ নিহত হোৱা আৰক্ষী কনিষ্টবল ৰবেন দাসৰ নিকটাত্মীয়লৈ ১০ লাখ টকাৰ এককালীন সাহায্য প্রদানৰ বাবেও মন্ত্রী পৰিষদৰ বৈঠকে সিদ্ধান্ত গ্রহণ কৰে৷ ইপিনে মাজুলী সংযোগী দলং নির্মাণৰ বাবে ব্যৱহূত হ’বলগীয়া বালি, ষ্টীল, বিটুমিন আদিৰ ক্ষেত্রত ৰজ্যিক জি এছ টি, ৰয়েল্টী আৰু স্থানীয় কৰ ৰেহাই দিয়াৰ বাবে আজিৰ মন্ত্রী পৰিষদৰ বৈঠকে অনুমোদন জনায়৷ তদুপৰি মাজুলী সংযোগী দলঙত এপ্র’চৰ বাবে ভূমি অধিগ্রহণৰ ব্যয় ৰাজ্য চৰকাৰে বহন কৰাৰ ক্ষেত্রতো আজিৰ মন্ত্রী পৰিষদৰ বৈঠকে অনুমোদন জনায়৷

You might also like