নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূজাত ২ লাখ কোটিৰ লোকচান হ’ব ব্যৱসায়ীৰ

ক’ৰোনা কালত দুর্গোৎসৱৰ ব্যৱসায়ত মহামন্দা

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰঃ শাৰদীয় দুর্গোৎসৱ এতিয়া কেৱল পূজা–র্চনাতেই সীমাবদ্ধ হৈ থকা নাই৷ বিজ্ঞাপন আৰু কর্প’ৰেট ফাণ্ডিঙৰ সৌজন্যত সার্বজনীন দুর্গোৎসৱ ইতিমধ্যে বৃহৎ ব্যৱসায়–বাণিজ্যৰ উপলক্ষত পৰিণত হৈছে৷ বিগত বর্ষত অর্থাৎ ২০১৯ চনত অসমকে ধৰি পূর্ব ভাৰতত দুর্গাপূজা উপলক্ষে হোৱা ব্যৱসায়ৰ পৰিমাণ আছিল ডেৰ লাখ কোটি টকাৰো অধিক৷ দ্য এছ’চিয়েটেড চেম্বার্ছ অৱ কমার্চ এণ্ড ইণ্ডাষ্ট্রী অৱ ইণ্ডিয়াৰ (এছ’চেম) এক সমীক্ষাত এই কথা প্রকাশ পাইছিল৷ যোৱা বছৰ নৱেম্বৰ মাহত ‘এছ’চেম’–এ প্রকাশ কৰা হিচাপ অনুসৰি চলিত বছৰত দুর্গাপূজাক কেন্দ্র কৰি হ’বলগীয়া ব্যৱসায়ৰ পৰিমাণ ২ লাখ কোটি টকা স্পর্শ কৰাৰ কথা আছিল৷ পিছে সমগ্র বিশ্বতে সংহাৰী ৰূপ ধাৰণ কৰা মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণে সকলো হিচাপ–নিকাচ ওলট–পালট কৰি দিলে৷

এছ’চেমৰ সম্পাদক মণ্ডলীৰ অন্যতম সদস্য কুন্তল কৰে এই প্রতিবেদকৰ আগত আশংকা প্রকাশ কৰে যে ক’ভিড প্রট’কল তথা দেশৰ নিম্নগামী অর্থনীতিৰ বাবে এইবাৰ দুর্গাপূজাৰ বতৰত ব্যৱসায় নির্ধাৰিত লক্ষ্যৰ ১ শতাংশতো উপনীত হ’ব নোৱাৰিব৷ প্রায় ২ লাখ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব এক বৃহৎসংখ্যক লোক জড়িত থকা এই সামগ্রিক ব্যৱসায়ত৷ এছ’চেমৰ পৰা প্রাপ্ত তথ্য অনুসৰি অসম, পশ্চিমবংগৰ লগতে বিহাৰ আৰু ওড়িশাতো ভালেসংখ্যক দুর্গাপূজা অনুষ্ঠিত হয়৷ এই চাৰিখন ৰাজ্যত যোৱা বছৰ আছিল প্রায় ৫৫ হাজাৰ পূজা মণ্ডপ৷ অৱশ্যে এইবাৰ কিমানসংখ্যক দুর্গাপূজা হ’ব, তাৰ কোনো পৰিসংখ্যা এছ’চেমে এতিয়ালৈকে লাভ কৰা নাই যদিও ব্যৱসায়িক বিভিন্ন মহলৰ পৰা বণিক সংস্থাটোৱে যি ‘ফীডবেক’ লাভ কৰিছে, সেই অনুসৰি দুর্গাপূজাক কেন্দ্র কৰি উক্ত ৰাজ্যসমূহত এতিয়ালৈকে ১০,০০০ কোটি টকাৰো ব্যৱসায় হোৱা নাই৷ চলিত সপ্তাহত আন ৫,০০০ কোটি টকাৰ ব্যৱসায় হোৱাৰ সম্ভাৱনা আছে যদিও সেয়া দুর্গাপূজাৰ সময়ত ব্যৱসায়ৰ বাবে তেনেই নগণ্য বুলি কুন্তল কৰে অভিমত ব্যক্ত কৰে৷ উল্লেখ্য যে ২০১৫ চনৰ পৰাই এছ’চেমে দুর্গাপূজাক কেন্দ্র কৰি হোৱা ব্যৱসায়–বাণিজ্যৰ হিচাপ–নিকাচ কৰি আহিছে৷ প্রথম বর্ষত কেৱল পশ্চিমবংগক কেন্দ্র কৰি এছ’চেমে ব্যৱসায়ৰ পৰিমাণ নির্ধাৰণ কৰিছিল৷ ২০১৬ চনৰ পৰা ব্যণিজ্যিক সংস্থাটোৱে সমগ্র পূর্ব ভাৰতত সমীক্ষা চলাই আহিছে আৰু যোৱা বছৰ এই ব্যৱসায়ৰ পৰিমাণ ১,৫০,০০০ কোটি টকা আছিল বুলি এছ’চেমৰ তৰফৰ পৰা প্রকাশ কৰা হৈছে৷ এছ’চেমৰ যোৱা পাঁচ বছৰৰ অধ্যয়নত দেখা গৈছে যে প্রতিবছৰ দুর্গোৎসৱ উপলক্ষে হোৱা ব্যৱসায়ৰ পৰিমাণ প্রায় ৩৫ শতাংশ হাৰত বৃদ্ধি পাইছিল৷ বিশেষকৈ দুর্গাপূজাক কেন্দ্র কৰি কর্প’ৰেট সংস্থাবোৰেও ব্যাপক পৰিমাণৰ ধন ব্যয় কৰি আহিছে৷ মৃৎশিল্পীসকলৰো উপার্জন যোৱা এটা দশকত এশ গুণলৈকে বৃদ্ধি পাইছে৷ পূজাৰ বতৰত ক্ষুদ্র ব্যৱসায়ীসকলৰো উপার্জন ব্যাপক হাৰত বৃদ্ধি পাইছে৷ লক্ষণীয়ভাৱে বিগত এক দশকত দুর্গাপূজাক কেন্দ্র কৰি কেৱল মৃৎশিল্পী কিম্বা ক্ষুদ্র ব্যৱসায়ীসকলেই নহয়, ৰিয়েল ইষ্টেট, গাডী উদ্যোগতো ব্যৱসায়ৰ ব্যাপক বৃদ্ধি ঘটিছিল৷

আনহাতে, ই–কমার্চ কোম্পানীবোৰৰ জৰিয়তে সমগ্র দেশৰ সৰু–বৰ ব্যৱসায়িক প্রতিষ্ঠানসমূহ দুর্গোৎসৱৰ সৈতে জডিত হৈ পৰিছিল৷ এছ’চেমৰ সমীক্ষাত দেখা গৈছে দুর্গাপূজাৰ মাহটোত অসম আৰু পশ্চিমবংগৰ মধ্যবিত্ত এটা পৰিয়ালে কমেও ১০,০০০ টকা ব্যয় কৰে৷ উচ্চবিত্ত পৰিয়ালে ব্যয় কৰে কমেও ২৫,০০০ টকা৷ একেদৰে দুর্গাপূজাৰ দিনকেইটাৰ ওপৰত বহুলাংশে নির্ভৰ কৰে পর্যটন উদ্যোগৰ বিকাশ৷ পিছে ক’ৰোনাকালীন পৰিস্থিতিত এই সকলো উদ্যোগত এতিয়া নিমাওমাও পৰিৱেশ৷ এক কথাত ক’বলৈ গ’লে দুর্গোৎসৱৰ বতৰত ব্যৱসায়ত বিৰাজ কৰিছে মহা মন্দাৱস্থাই৷ এছ’চেমৰ সম্পাদক মণ্ডলীৰ অন্যতম সদস্য কুন্তল কৰে প্রকাশ কৰা মতে, এইবাৰ অটোম’বাইল খণ্ড আৰু ই–কমার্চ কোম্পানীবোৰে কম–বেছি কিছু ব্যৱসায় কৰিবলৈ সক্ষম হৈছে যদিও ক্ষুদ্র ব্যৱসায়িক প্রতিষ্ঠান আৰু মৃৎশিল্পীসকল আটাইতকৈ বেছি ক্ষতিগ্রস্ত হৈছে৷ এইবাৰ পূর্ব ভাৰতত কেৱল মৃৎশিল্পীসকলৰ সন্মিলিত লোকচানৰ পৰিমাণ ৫০,০০০–৬০,০০০ কোটি টকা হ’ব পাৰে বুলি এছ’চেমে প্রকাশ কৰে৷

You might also like