নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ গৃহ বন্দিত্বৰ পৰা মুক্তি লাভ কৰাৰ ১০ দিন পিছত কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে জম্মু–কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রী তথা পিডিপি নেত্রী মেহবুবা মুফ্তি৷ নেত্রীগৰাকীয়ে উল্লেখ কৰিছে যে জম্মু–কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মর্যাদা কর্তন কৰাৰ ক্ষমতা কেন্দ্রীয় চৰকাৰৰ নাই৷ এখন সংবাদ মেল আয়োজন কৰি মেহবুবা মুফ্তিয়ে এইবুলিও ভাবুকি দিছে যে সংবিধানৰ ৩৭০ অনুচ্ছেদ পুনৰ প্রৱর্তনৰ বাবে জম্মু–কাশ্মীৰবাসীয়ে সদায় আন্দোলন কৰি যাব৷ এইক্ষেত্রত জম্মু–কাশ্মীৰবাসীক বাধা দিব পৰা ক্ষমতা কেন্দ্রৰ নাই বুলিও মন্তব্য কৰিছে নেত্রীগৰাকীয়ে৷
লক্ষণীয়ভাৱে সংবাদ মেলত জম্মু–কাশ্মীৰৰ পূর্বৰ পতাকা প্রদর্শন কৰি মুফ্তিয়ে এই স্থানত অন্য পতাকাৰ স্থান নাই বুলিও সংবাদ মেলত ঘোষণা কৰিছে৷ মেহবুবা মুফতিৰ এই ঘোষণাৰ পিছতে দেশজুৰি বিষয়টোক লৈ সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷