নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিআৰএছচিয়ে বাতিল নকৰিলে মিঞা মিউজিয়ামৰ প্রস্তাৱ ৰৈ যাব দলিল হিচাপে

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত মিঞা মিউজিয়াম স্থাপনৰ বাবে অনুমোদন জনোৱা বিধানসভাৰ শিক্ষা বিভাগৰ ডিআৰএছচিৰ প্রস্তাৱটোক লৈ ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হোৱাৰ সময়তে সেই প্রস্তাৱটো বাতিল কৰিব নে নাই, তাক লৈ ৰাজনৈতিক মহলত ব্যাপক চর্চা লাভ কৰিছে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইতিমধ্যে চৰকাৰে সেই প্রস্তাৱ কার্যকৰী নকৰে বুলি স্পষ্ট কৰি দিছে৷

এই সম্পর্কত কালি অসম বিধানসভাৰ প্রধান সচিব এম কে ডেকাই সংবাদ মাধ্যমৰ আগত কয় যে ডিআৰএছচিয়ে অনুমোদন জনোৱা প্রস্তাৱ কার্যকৰী কৰা–নকৰাটো চৰকাৰৰ কথা৷ চৰকাৰে তেনে অনুমোদন কার্যকৰী নকৰিবও পাৰে৷ তদুপৰি সেই অনুমোদন বাতিল কৰা–নকৰাৰ সিদ্ধান্তও ডিআৰএছচিয়েহে ল’ব লাগিব৷

উল্লেখ্য যে যোৱা ১৬ মার্চত বিধানসভাৰ শিক্ষা বিভাগৰ ডিআৰএছচিৰ বৈঠকত কলাক্ষেত্রত মিঞা মিউজিয়াম স্থাপনৰ প্রস্তাৱত অনুমোদন জনায়৷ যোৱা ২৪ মার্চত বিধানসভাৰ মজিয়াত সেই প্রতিবেদন গৃহীতও হয়৷ বিধানসভাৰ এক সূত্রই জানিবলৈ দিয়া মতে, চৰকাৰে সদ্যহতে সেই অনুমোদন ৰূপায়ণ নকৰাকৈ থাকিলেও যদিহে উক্ত অনুমোদন বাতিলৰ ব্যৱস্থা নকৰে অদূৰ ভৱিষ্যতে সেই বিষয়টো দলিল হিচাপে ৰৈ যাব৷

পৰৱর্তী পর্যায়ত আন কোনো চৰকাৰে তাৰেই আধাৰত কলাক্ষেত্রত মিঞা মিউজিয়াম স্থাপনৰ বাবে অগ্রসৰ হোৱাৰ অৱকাশ উলাই কৰিব নোৱাৰি৷ এনে অৱস্থাত বর্তমানৰ চৰকাৰ দিনতেই সংশ্লিষ্ট ডিআৰএছচিয়ে সেই অনুমোদন কেতিয়াকৈ বাতিল কৰে, সেয়াহে লক্ষণীয় হ’ব৷

You might also like