নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ মহাজোঁট গঠনেৰে ২০২১ চনত দিছপুৰ
দখলৰ বাবে কংগ্রেছে চলোৱা প্রচেষ্টাক প্রত্যাহ্বান জনাই বিজেপিয়ে আগন্তুক নির্বাচনত ১০৩খন আসন দখলৰ লক্ষ্য বান্ধি লৈছে৷ কার্যতঃ বিধানসভা নির্বাচনত বিৰোধীক নিশকতীয়া কৰি বৃহৎ সংখ্যাগৰিষ্ঠতাৰে পুনৰ শাসনলৈ অহাৰ লক্ষ্যৰে ইতিমধ্যে আৰম্ভ কৰিছে ব্যাপক দলীয় কর্মসূচী৷ সমান্তৰালভাৱে শাসকীয় দলটোৱে ২০১৬ চনৰ বিধানসভা নির্বাচনতকৈ অধিক আসন দখলৰ বাবেও প্রস্তুত কৰিছে সমীকৰণ৷ বিজেপিয়ে লক্ষ্য স্থিৰ কৰি লোৱা ১০৩খন আসন কিদৰে দখল কৰিব, তাৰ সমীকৰণো কালি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে স্পষ্ট কৰি দিলে৷
ৰাজ্যিক সভাপতিগৰাকীৰ মন্তব্য– বিজেপিৰ লক্ষ্য আছিল ১০০+৷ কিন্তু এইবাৰ আমাৰ লক্ষ্য হ’ব ১০৩খন আসন৷ ১০৩খন আসনত কংগ্রেছ–এআইইউডিএফৰ্ দখলৰ পৰা কাঢ়ি অনা ৯খন আসন যোগ হ’ব৷ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত কালি এখন সংবাদ মেল সম্বোধন কৰি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ১০৩খন আসন দখলৰ সমীকৰণো আঙুলিয়াই দিয়ে৷ এই সন্দর্ভত সভাপতি দাসে কয়– বিজেপিৰ দখলত ৬১খন আসন আছে৷
আনহাতে মিত্রদলৰ হাতত আছে ২৬খন আসন, মুঠ মিত্রজোঁটৰ হাতত আছে ৮৭খন আসন৷ আনহাতে এইবাৰ বিজেপিয়ে উজনি অসমৰ কংগ্রেছৰ দখলত থকা ৯খন আসন দখল কৰিবলৈ সক্ষম হ’ব৷ বিশেষকৈ গোলাঘাট, সৰুপথাৰ, নাজিৰা, তিতাবৰ, মৰিয়নি, শিৱসাগৰ, ডুমডুমা, নাওবৈচা, উত্তৰ কৰিমগঞ্জ– এই সমষ্টিকেইটা নতুনকৈ বিজেপিৰ দখললৈ আহিব৷ আনহাতে দলৰ ৭গৰাকীকৈ সংখ্যালঘু প্রার্থীয়ে এইবাৰ জয়যুক্ত হ’ব৷
অর্থাৎ ৮৭খন আসনৰ লগত নতুনকৈ যোগ হ’ব ১৬খন আসন৷ এই অংকৰে বিজেপিয়ে এইবাৰ ১০৩খন আসন দখল কৰাটো প্রায় নিশ্চিত৷ মন কৰিবলগীয়া যে উজনি অসমত দলীয় স্থিতি শক্তিশালী কৰাৰ লক্ষ্যৰে ব্যাপক ৰণনীতি স্থিৰ কৰা বিজেপিয়ে অহা দুমাহৰ বাবে প্রস্তুত কৰি তুলিছে দলীয় কার্যসূচী৷ কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাই নামনি অসমত বিজেপিক প্রত্যাহ্বান জনোৱাৰ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি শাসকীয় দলটোৱে এইবাৰ উত্তৰ অসম, উজনি অসম আৰু বৰাক উপত্যকাৰ আসনৰ ওপৰত সর্বাধিক গুৰুত্ব আৰোপ কৰিছে৷
উজনি অসমৰ গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্রুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি আৰু দৰং এই ৮খন জিলাৰ অধিকাংশ আসন দখলৰ বাবে ইতিমধ্যে দলটোৱে প্রস্তুত কৰি তুলিছে বিশেষ ৰণকৌশল৷ এই জিলাকেইখনত কংগ্রেছ আৰু এআইইউডিএফৰ দখলত থকা আসন কাঢ়ি অনাৰ লক্ষ্যৰে নৱেম্বৰ আৰু ডিচেম্বৰ মাহৰ ভিতৰতেই দলটোৱে প্রস্তুত কৰি তুলিব এক বিশেষ এজেণ্ডা৷ মুখ্যতঃ এই লক্ষ্যৰে ২৯ অক্টোবৰৰ পৰা ২৬ ডিচেম্বৰলৈ ৰাজ্যিক বিজেপিয়ে প্রস্তুত কৰিছে এক দীঘলীয়া দলীয় কার্যসূচী৷
বিধানসভা নির্বাচনক লক্ষ্য কৰিয়েই প্রস্তুত কৰা এই কার্যসূচী অনুসৰি ১৯ নৱেম্বৰত অনুষ্ঠিত হ’ব লগা দলৰ ক’ৰ কমিটীৰ বৈঠকত প্রস্তুত কৰা হ’ব নির্বাচনী ৰণকৌশল৷ ইয়াৰ পিছতে ৮ ডিচেম্বৰত জিলা সভাপতি, বিধানসভা প্রভাৰীসকলক লৈ আয়োজন কৰিব এক বৃহৎ সভা৷ এই সভাতেই বিজেপিয়ে কার্যতঃ আনুষ্ঠানিকভাৱে নির্বাচনী ৰণশিঙা বজোৱাৰ সম্ভাৱনা আছে৷ আজি দলৰ দীঘলীয়া কার্যসূচীৰ কথা ঘোষণা কৰি সভাপতি ৰঞ্জিত দাসে কয় যে আগন্তুক নির্বাচনত বিজেপিৰ মূল ইছ্যু হ’ব বিকাশ তথা উন্নয়ন৷
যোৱা চাৰে চাৰি বছৰত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে যি অভূতপূর্ব পৰিৱর্তন কৰিলে, সেয়া কংগ্রেছৰ ১৫ বছৰীয়া শাসনকালতো সম্ভৱ হোৱা নাছিল৷ এই চাৰে চাৰি বছৰত ৮খনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন, ১৯ হাজাৰ কিলোমিটাৰ পথ নির্মাণ, এক লাখতকৈ অধিক ভূমিপুত্রক মাটিৰ পট্টা প্রদান, ১৮ লাখ লোকক বৃদ্ধপেন্সন, ১৯ লাখ লোকক অৰুণোদয় আঁচনিৰ জৰিয়তে উপকৃত কৰা হৈছে৷ বিজেপিয়ে সর্বস্পর্শী, সর্বব্যাপী আঁচনিৰ জৰিয়তে ৰাজ্যৰ প্রতিজন লোকক বিকাশৰ ধাৰাত সাঙুৰি লৈছে৷ গতিকে এই বিকাশেই হ’ব নির্বাচন জয়ৰ মূলমন্ত্র৷ উল্লেখ্য যে নির্বাচনক লক্ষ্য কৰিয়ে ৰাজ্যিক বিজেপিয়ে প্রস্তুত কৰি তোলা দুমাহজোৰা কার্যসূচী দলটোৰ অ’বিচি মর্চাৰ ৰাজ্যিক কার্যনির্বাহক সভাৰে আৰম্ভ হ’ব৷
ধেমাজিত হ’ব লগা এই বৈঠকৰ পিছতেই উক্ত স্থানতেই ৩০ অক্টোবৰত অ’বিচি মর্চাৰ ৰাজ্যিক প্রভাৰী, সভাপতি আৰু সাধাৰণ সম্পাদকসকলৰ আন এক বৈঠক অনুষ্ঠিত হ’ব৷ আনহাতে ১ নৱেম্বৰৰ পৰা ৪ নৱেম্বৰলৈ বিশেষ কার্যসূচীৰে বিটিআৰ ভ্রমণ কৰিব সভাপতি ৰঞ্জিত দাসে৷ ৬ নৱেম্বৰত বিধানসভাৰ বিস্তাৰকসকলক লৈ গুৱাহাটীত হ’ব এক প্রশিক্ষণ কার্যসূচী৷ আনহাতে ৭ নৱেম্বৰত বিধানসভা প্রভাৰী সংযোজকসকলক উক্ত স্থানতেই দিয়া হ’ব প্রশিক্ষণ৷
১৯ নৱেম্বৰত ৰাজ্যিক বিষয়ববীয়া আৰু গুৰুত্বপূর্ণ ক’ৰ কমিটীৰ বৈঠক অনুষ্ঠিত হ’ব গুৱাহাটীত৷ ২১ নৱেম্বৰত বিধানসভা সমষ্টিভিত্তিক পঞ্চায়ত প্রতিনিধি সন্মিলন অনুষ্ঠিত হ’ব৷ ২৬ নৱেম্বৰত বিধানসভা সমষ্টিভিত্তিক সকলো মর্চাৰ বিষয়ববীয়া, মণ্ডল প্রভাৰী, জিলা বিষয়ববীয়া আৰু বিধায়কসকলৰ আন এক বৈঠক অনুষ্ঠিত হ’ব৷ ১৯ নৱেম্বৰত বুথ পর্যায়ত ১০টা স্থানত দলীয় চিহ্ণ দেৱালত অংকন কৰিব৷ ১ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ শক্তি কেন্দ্র পর্যায়ত দলীয় কার্যকর্তাৰ সন্মিলন অনুষ্ঠিত হ’ব৷
আনহাতে ৮ ডিচেম্বৰত জিলা প্রভাৰী, জিলা সভাপতি, জিলা সাধাৰণ সম্পাদকদ্বয়, বিধানসভা প্রভাৰী, বিধানসভা সংযোজক আৰু বিধানসভা বিস্তাৰকসকলৰ এক সভা অনুষ্ঠিত হ’ব কলাক্ষেত্রত৷ ২৫ ডিচেম্বৰত শিলচৰত ৰাজ্যিক বিষয়ববীয়াৰ সভা অনুষ্ঠিত কৰাৰ পিছত ২৭ আৰু ২৮ ডিচেম্বৰত কৰিমগঞ্জত অনুষ্ঠিত হ’ব ৰাজ্যিক কার্যনির্বাহক সভা৷ এই দুমহীয়া বিৰামহীন দলীয় কার্যসূচীৰে নির্বাচনলৈ প্রস্তুতি আৰম্ভ কৰা বিজেপিয়ে এই বৈঠকসমূহতে দলৰ ৰণনীতি সম্পর্কে তৃণমূল কর্মীক অৱগত কৰাৰ পূর্ণ সম্ভাৱনা আছে৷
যিসময়ত কংগ্রেছ তথা বিৰোধী দলসমূহে মিত্রজোঁট গঠনৰ নামত ইখনৰ পিছত সিখনসিদ্ধান্তহীনভা বৈঠক অনুষ্ঠিত কৰি সময় অতিবাহিত কৰিছে, তেনে সময়ত তৃণমূল পর্যায়ৰ পৰাই শাসকীয় দলটোৱে আৰম্ভ কৰিছে নির্বাচনী প্রস্তুতি৷ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে মুখ্যতঃ এই পৰিকল্পনাক তুলি ধৰি কালি পুনৰ দলটোৱে ১০৩খন আসন লাভ কৰিব বুলি দৃঢ়তাৰে ঘোষণা কৰে৷