মিঞা মিউজিয়াম সন্দর্ভত কি প্রতিক্রিয়া ৰঞ্জিত দাসৰ?
নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত মিঞা মিউজিয়াম স্থাপনৰ বাবে কংগ্রেছী বিধায়ক শ্বেৰমান আলী আহমেদে ৰাজ্য চৰকাৰলৈ প্রেৰণ কৰা পত্রক লৈ উত্তাল হৈ আছে ৰাজ্যৰ ৰাজনীতি৷ মিঞা মিউজিয়াম সন্দর্ভত কালি পুনৰ প্রতিক্রিয়া প্রকাশ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে৷
এখন সংবাদ মেলত এই প্রতিক্রিয়া প্রকাশ কৰি ৰঞ্জিত দাসৰ মন্তব্য– কংগ্রেছে এআইইউডিএফৰ ভোট ল’বলৈহে মেৰুকৰণৰ ৰাজনীতি কৰিছে৷ উজনি অসম, উত্তৰ অসমত কংগ্রেছৰ অস্তিত্বৰ সংকট ঘটাৰ পিছত নামনি অসমতো এআইইউডিএফে কংগ্রেছৰ হাতৰ পৰা নির্বাচনত আসন কাঢ়ি লোৱাৰ সম্ভাৱনা বৃদ্ধি হোৱা বাবেই ৰাজনৈতিক ৰহণ সানি শ্বেৰমান আলীয়ে এই মন্তব্য প্রকাশ কৰিছে৷
ৰঞ্জিত দাসে কয়– শ্বেৰমান আলীয়ে কেৱল এক সম্প্রদায়ক লক্ষ্য কৰি মিঞা মিউজিয়ামৰ কথা কৈছে৷ নামনি অসমৰ চৰত কেৱল ধর্মীয় সংখ্যালঘু লোকেহে বাস কৰে৷ চাপৰিতহে অসমীয়া ভূমিপুত্রসকলে বাস কৰে৷ শ্বেৰমান আলীয়ে এআইইউডিএফৰ ভোটবেংক হিচাপে থকা এই চৰ অঞ্চলৰ লোকৰ ভোট লাভ কৰাৰ বাবেহে এইদৰে মিঞা মিউজিয়ামৰ প্রসংগ দাঙি ধৰিছে৷
এতিয়া কংগ্রেছ আৰু এআইইউডিএফৰ মাজত কোনো পার্থক্য নাই৷ কংগ্রেছ আৰু এআইইউডিএফ এটা মুদ্রাৰ ইপিঠি–সিপিঠি৷ শ্বেৰমান আলীয়ে বিধানসভাত এটা কথা কয় আৰু বিধানসভাৰ বাহিৰত আন এটা কথা কৈ অসমৰ ৰাইজক বিভ্রান্ত কৰি আহিছে৷ কিন্তু এটা কথা স্পষ্ট যে কলাক্ষেত্রত কেতিয়াও মিঞা মিউজিয়াম স্থাপন কৰিবলৈ দিয়া নহ’ব৷