পৰৱর্তী মুখ্য সচিবৰ তালিকাৰ শীর্ষত ডি ভাস্কৰ–জিষ্ণু বৰুৱাৰ নাম
৩১ অক্টোবৰত অৱসৰ গ্রহণ কৰিব কুমাৰ সঞ্জয় কৃষ্ণই
নিয়মীয়া বাৰ্তা ২৯ অক্টোবৰঃ কোন হ’ব ৰাজ্যৰ পৰৱর্তী মুখ্য সচিব? অহা ৩১ অক্টোবৰত অৱসৰ গ্রহণ কৰিবলগীয়া মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ স্থানত পৰৱর্তী মুখ্য সচিব কোন হ’ব, তাক লৈ এতিয়া দিছপুৰত চলিছে ব্যাপক চিন্তা–চর্চা৷ উল্লেখ্য যে কুমাৰ সঞ্জয় কৃষ্ণৰ কার্যকাল বৃদ্ধিৰ বাবে এক প্রস্তাৱ উত্থাপিত হৈছিল যদিও শেহতীয়াকৈ তেওঁৰ ভাতৃ তথা অপসাৰিত আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণ আই এছ কেলেংকাৰিত জড়িত হৈ পৰা ঘটনাৰ পিছত মুখ্য সচিবগৰাকীৰ কার্যকাল বৃদ্ধি নকৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে৷ এনে পৰিপ্রেক্ষিতত ৰাজ্যৰ পৰৱর্তী মুখ্য সচিবৰ দায়িত্ব কাৰ ওপৰত অর্পণ কৰিব, তাক লৈ চলিছে ব্যাপক গুণাগঁথা৷ জানিব পৰা মতে, ৰাজ্য চৰকাৰে পৰৱর্তী মুখ্য সচিবৰ বাবে ৫জনীয়া এখন তালিকা প্রস্তুত কৰিছে৷ এই তালিকাৰ শীর্ষত আছে ভি এছ ভাস্কৰ৷ আনহাতে তালিকাৰ আন চাৰিগৰাকী আইএএছ বিষয়া হ’ল ক্রমে ৰবি কাপুৰ, জিষ্ণু বৰুৱা, সৰস্বতী প্রসাদ আৰু মণিন্দৰ সিং৷ এইক্ষেত্রত আটাইকেইজনৰ ভিতৰত জ্যেষ্ঠ আই এ এছ বিষয়া হিচাপে ভি এছ ভাস্কৰৰ নাম সর্বাধিক উচ্চাৰিত হৈছে৷ বর্তমান প্রশাসনিক ন্যায়াধিকৰণৰ অধ্যক্ষৰ দায়িত্বত থকা ভি এছ ভাস্কৰ হ’ল ১৯৮৫ বেট্চৰ আই এ এছ বিষয়া৷ আনহাতে ভি এছ ভাস্কৰৰ পিছতেই চর্চালৈ আহিছে গৃহ–ৰাজনৈতিক বিভাগৰ লগতে আন কেইবাটাও গুৰুত্বপূর্ণ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাৰ নাম৷ জিষ্ণু বৰুৱা হ’ল ১৯৮৮ বেট্চৰ আই এ এছ বিষয়া৷ জিষ্ণু বৰুৱাৰ পিছতেই চর্চালৈ অহা উচ্চ শিক্ষা বিভাগ, খাদ্য আৰু যোগান বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিং হ’ল ১৯৮৯ বেট্চ আই এ এছ বিষয়া৷ ইয়াৰ বিপৰীতে তালিকাত থকা ৰবি কাপুৰ আৰু সৰস্বতী প্রসাদ বর্তমান কেন্দ্রীয় চৰকাৰৰ অধীনত ডেপুটেচনত আছে৷ এইক্ষেত্রত ৰবি কাপুৰে চলিত বর্ষৰ ৩১ ডিচেম্বৰত অৱসৰ গ্রহণ কৰিব৷ আনহাতে সৰস্বতী প্রসাদে কেন্দ্রীয় চৰকাৰৰ দায়িত্ব এৰি আহিবলৈ ইচ্ছা প্রকাশ কৰা নাই৷ এনে অৱস্থাত জ্যেষ্ঠতাৰ ভিত্তিত ভি এছ ভাস্কৰে মুখ্য সচিবৰ দায়িত্ব পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে৷ বর্তমানেও মুখ্য সচিবৰ সম–পদমর্যাদাৰ পদত দায়িত্ব চম্ভালি থকা ভি এছ ভাস্কৰৰ দীঘলীয়া প্রশাসনিক অভিজ্ঞতায়ো এইক্ষেত্রত মুখ্য সচিব পদৰ দাবী অধিক দৃঢ় কৰি তুলিছে৷