নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাখটকীয়াৰ পৌৰ নিগমৰ কার্যালয়ত কর্মচাৰীৰ দালালি, জন্ম–মৃত্যুৰ প্রমাণ–পত্র প্রদানক লৈ মুকলি বেহা

নিয়মীয়া বার্তা, ২৯ অক্টোবৰঃ জন্ম–মৃত্যুৰ প্রমাণ–পত্র প্রদানৰ নামত ৰাজধানী চহৰ গুৱাহাটীত চলিছে মুকলি বেহা৷ যাৱতীয় নথি–পত্র দাখিল কৰাৰ পাছতো জন্ম–মৃত্যুৰ প্রমাণ–পত্র প্রদান নকৰাত হাহাকাৰৰ সৃষ্টি হৈছে আবেদনকাৰীসকলৰ মাজত৷ বিশেষকৈ লাখটকীয়াস্থিত গুৱাহাটী পৌৰ নিগমৰ কার্যালয়ত থকা জন্ম–মৃত্যুৰ প্রমাণ–পত্র পঞ্জীয়ন শাখাত ইয়াৰ অবৈধ বেহা অব্যাহত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ কার্যালয়টোৰ একাংশ অসাধু কর্মচাৰীয়ে জন্ম–মৃত্যুৰ প্রমাণ–পত্র প্রদানৰ নামত দালালি কৰাৰো অভিযোগ উত্থাপন কৰিছে বহু আবেদনকাৰীয়ে৷

প্রাপ্ত তথ্য অনুসৰি ৩০০ৰ পৰা ১,০০০ টকা প্রদান কৰিলেহে এই অসাধু কর্মচাৰীসকলে যাৱতীয় প্রক্রিয়া অনুসৰি আবেদনকাৰীসকলক প্রদান কৰে জন্ম–মৃত্যুৰ প্রমাণ–পত্র৷ দীর্ঘদিন ধৰি লাখটকীয়াৰ পৌৰ নিগমৰ কার্যালয়ত জন্ম–মৃত্যুৰ প্রমাণ–পত্র পঞ্জীয়ন শাখাত কর্মৰত একাংশ অসাধু কার্যালয় সহায়কে এই অবৈধ বেহা চলাই আহিছে৷ জন্মৰ প্রমাণ–পত্রখন অতি গুৰুত্বপূর্ণ পৰিচয়–পত্র৷ জন্মৰ প্রমাণ–পত্রৰ ওপৰত ভিত্তি কৰিয়েই বিদ্যালয়ত নামভর্তি, চৰকাৰী চাকৰি, ড্রাইভিং লাইচেন্স, পাছপ’ট আদি লাভ কৰিব পাৰে৷

অভিভাৱকে শিশুৰ জন্মৰ পৰা ২১ দিনৰ ভিতৰত জন্মৰ প্রমাণ–পত্রৰ বাবে পঞ্জীয়ন কৰিব লাগে৷ চৰকাৰী নিয়ম অনুসৰি ২১ দিনৰ ভিতৰত জন্মৰ প্রমাণ–পত্র পঞ্জীয়ন কৰিলে ২ টকা, এমাহৰ পিছত পঞ্জীয়ন কৰিলে ৫ টকা, এবছৰৰ পাছত পঞ্জীয়ন কৰিলে ১০ টকা জমা দিব লাগে৷ অনলাইন প্রক্রিয়াৰে আবেদন কৰিলে ৩০ টকা আৰু প্রতিটো পৃষ্ঠাৰ ছপা মাচুল ১০ টকা আৰু স্কেনিং মাচুল ৫ টকা আবেদনকাৰীয়ে জমা দিব লাগে৷

কিন্তু ইয়াৰ বিপৰীতে জন্মৰ প্রমাণ–পত্র বিচাৰি আবেদন কৰা লোকসকলৰ পৰা লাখটকীয়াৰ জি এম চিৰ কার্যালয়ত থকা জন্ম–মৃত্যুৰ পঞ্জীয়ন শাখাৰ কর্মচাৰীয়ে আবেদনকাৰীৰ পৰা নানা অজুহাত দেখুৱাই ৩০০ৰ পৰা ১,০০০ টকা পর্যন্ত অবৈধভাৱে সংগ্রহ কৰি আহিছে৷ আজি কার্যালয়টোলৈ জন্মৰ প্রমাণ–পত্র বিচাৰি অহা এগৰাকী আবেদনকাৰীৰ পৰা কার্যালয়টোৰ এগৰাকী সহায়কে ৩০০ টকা আদায় লয়৷

কার্যালয়ৰ ভিতৰত চিচি কেমেৰা থকাত কর্মচাৰীগৰাকীয়ে কার্যালয়ৰ বাহিৰত আবেদনকাৰীৰ পৰা এই ধনৰাশি আদায় লয়৷ এয়া কেৱল এটা উদাহৰণহে৷ এনেদৰে প্রতিজন আবেদনকাৰীৰ পৰা লাখটকীয়াস্থিত কার্যালয়টোত অসাধু কর্মচাৰীয়ে জন্ম–মৃত্যুৰ প্রমাণ–পত্র প্রদানৰ নামত ধন সংগ্রহ কৰি আহিছে৷ বিভাগীয় কর্তৃপক্ষই চৰজমিন তদন্ত কৰিলেই কার্যালয়টোত দালালৰাজ চলাই থকা চক্রটোক উৎখাত কৰিব পাৰিব৷

You might also like