নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰী হ’ব বিচাৰে ৰূপজ্যোতি কুৰ্মীয়ে! ৰকিবুল হুছেইনক লৈও বিস্ফোৰক মন্তব্য

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰঃ অসমত বাস কৰা প্ৰায় ১ কোটি চাহ জনজাতিৰ প্ৰতিনিধি হিচাপে এগৰাকী চাহ জনজাতিৰ প্ৰতিনিধি মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। অৱশ্যে হাইকমাণ্ডে বিচাৰিলে তেৱোঁ সেই পদৰ বাবে যোগ্য বুলি বিবেচনা কৰে নিজকে।

সংবাদ প্ৰতিষ্ঠান নিউজ লাইভৰে হোৱা এটা সাক্ষাৎকাৰত বিধায়ক কুৰ্মীয়ে কয় যে অসমত ইয়াণ্ডাবু সন্ধিৰ পিছত অৰ্থাৎ ভাৰতৰ স্বাধীনতা আন্দোলনৰ পিছত চাহ জনজাতিৰ লোকসকলে আহি অসমৰ সমাজ-সংস্কৃতিলৈ অভূতপূৰ্ব অৱদান আগবঢ়াইছে। আনহাতে অসমৰ ৰাজনীতিত শক্তিশালী ভূমিকা পালন কৰা চাহ জনজাতিৰ ডেকাচামেও জনগোষ্ঠীটোৰ পৰা এগৰাকী মুখ্যমন্ত্ৰী বিচাৰে।

গতিকে কংগ্ৰেছ হাইকামাণ্ডে চাহ জনজাতিৰ লোককো এই সুযোগ দিব লাগে। দীঘলীয়া সাক্ষাৎকাৰটোত কুৰ্মীয়ে কংগ্ৰেছৰ ৰকিবুল হুছেইনকে ধৰি শ্বেৰমান আলীৰ প্ৰসংগতো বিস্ফোৰক মন্তব্য কৰে। কুৰ্মীয়ে ৰকিবুল হুছেইনে নিজ সমষ্টি বা তেওঁক ভাল পোৱা ঠাইলৈ যোৱাৰ পোষকতা কৰি আন সমষ্টিলৈ গ’লে কংগ্ৰেছৰ ভোটত খহনীয়া হোৱা আশংকা ব্যক্ত কৰে।

You might also like