নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেল–দাইলৰ পৰা শাক পাচলিলৈ হোৰাহোৰে বাঢ়িছে দাম

এসাঁজ ভাতৰ বাবে জনতাৰ কঠিন সংগ্রাম

নিয়মীয়া বাৰ্তা ৩১ অক্টোবৰঃ  অনিয়ন্ত্রিত হৈ পৰিছে ৰাজ্যৰ বজাৰ ব্যৱস্থা৷ এহাতে সর্বসাধাৰণ জনতাৰ উপার্জন হ্রাস পাইছে, আনহাতে প্রতিবিধ খাদ্য–সামগ্রী, শাক–পাচলিৰ দাম হোৰাহোৰে বাঢ়িছে৷ এনে পৰিস্থিতিত এসাঁজ ভাতৰ বাবে কঠিন সংগ্রামত অৱতীর্ণ হ’বলগীয়া হৈছে ৰাজ্যৰ লাখ লাখ দৰিদ্র–মধ্যবিত্ত লোক৷ চৰকাৰী আঁচনিৰ অধীনত বুজনসংখ্যক পৰিয়ালে বিনামূলীয়া চাউল লাভ কৰি আছে যদিও আন সামগ্রীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে তেওঁলোককো সকাহ দিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ শেহতীয়া লকডাউনৰ সময়ৰে পৰা অব্যাহত থকা ব্যাপক মূল্যবৃদ্ধিয়ে সর্বস্তৰৰ জনতাক জুৰুলা কৰাৰ পাছতো নির্বিকাৰ হৈ আছে ৰাজ্য চৰকাৰ আৰু চৰকাৰৰ অধীনৰ বিয়াগোম প্রশাসন৷ অসাধু ব্যৱসায়ী, মধ্যভোগীৰ দৌৰাত্ম্য নিয়ন্ত্রণ কৰিব নোৱাৰা চৰকাৰৰ অকর্মণ্যতাৰ পৰিণতিতে আজি বজাৰে বজাৰে জ্বলিছে মূল্যবৃদ্ধিৰ জুই৷ পৰিস্থিতি এনে পর্যায় পাইছে যে বহু পৰিয়ালে খাদ্য তালিকাৰ পৰা আলু, পিঁয়াজ, শাক–পাচলি বাদ দিবলগীয়া হৈছে৷ অসমৰ প্রতিখন বজাৰত প্রতিকিলো আলুৰ দাম ৫০ টকা আৰু প্রতিকিলো পিঁয়াজ ৮০ টকা দৰত বিক্রী হৈ আছে৷ এয়া হঠাৎ হোৱা মূল্যবৃদ্ধিৰ ঘটনা নহয়৷ যোৱা প্রায় এমাহ ধৰি বজাৰত একেই অনিয়ন্ত্রিত মূল্যবৃদ্ধি অব্যাহত আছে৷ আলু–পিঁয়াজৰ উপৰি মিঠাতেলৰ দামো আকাশলংঘী হৈ পৰিছে৷ একেবাৰে সস্তীয়া মিঠাতেলো প্রতিলিটাৰত ১০০ টকাতকৈ অধিক দৰত কিনিবলগীয়া হৈছে গ্রাহকে৷ প্রতিলিটাৰ ধাৰা মিঠাতেল ১৪০ টকা আৰু ইঞ্জিন মিঠাতেল ১৫৮ টকা দৰত বিক্রী হৈ আছে৷ কেৱল এটা মাহৰ ভিতৰতে মিঠাতেলৰ দাম লিটাৰত ১০–১৫ টকাকৈ বৃদ্ধি হৈছে৷ ইফালে, বহু দিনৰ আগতে মগু দাইলৰ দামে শতকৰ ঘৰ অতিক্রম কৰিছে৷ মচুৰ দাইলৰ দামো সমান্তৰালভাৱে বৃদ্ধি পাই আছে৷ প্রতিকিলো মগু দাইল ১২০ টকা আৰু প্রতিকেজি মচুৰ দাইল (সৰু) ৯৬ টকাকৈ গ্রাহকে কিনি খাবলগীয়া হৈছে৷ চাউলৰ দামো নূ্যনতম ৩২ টকাৰ আৰম্ভ কৰি ৬০ টকালৈ বৃদ্ধি পাইছে৷ জুই জ্বলিছে শাক–পাচলিৰ বজাৰতো৷ গুৱাহাটী বজাৰত কেজিত ৮০ টকাতকৈ কম দামত এবিধো পাচলি কিনিবলৈ পোৱা নাযায়৷ সম্প্রতি মহানগৰীত প্রতিকেজি বিলাহী ৮০ টকা, কুণ্ডুলী ৮০ টকা, জিকা ৮০ টকা, লেছেৰা ৮০–৯০ টকা, তিঁয়হ ৮০ টকা, গজৰ ১০০–১২০ টকা, ফুলকবি ১০০ টকা, জলকীয়া ২০০–২৫০ টকা, নহৰু ২০০ টকা দামত বিক্রী হৈ আছে৷ বেঙেনা, ফুলকবিৰ দামো কেজিত ৬০ টকা৷ ৰাজ্যৰ আন আন প্রান্ততো পাচলিৰ দাম সর্বসাধাৰণৰ সামর্থ্যৰ বাহিৰত হৈ পৰিছে৷ খাৰুপেটীয়া বা বৰপেটাৰোডৰ তুলনাত খুচুৰা বজাৰৰ পাচলিৰ দামত বৃহৎ পার্থক্য আছে যদিও চৰকাৰ এইক্ষেত্রত সম্পূর্ণ অস্তিত্বহীন৷ মধ্যভোগীৰ হাতত ৰাজ্যৰ বজাৰ ব্যৱস্থা গতাই দিয়াৰ ফলতে সাধাৰণ জনতা এই অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে৷ ডিজেলৰ মূল্যবৃদ্ধি আৰু টোলগেটত কৰ দিবলগীয়া হোৱা বাবেও খাদ্য–সামগ্রী, পাচলিৰ দাম বৃদ্ধি হোৱা বুলি ব্যৱসায়ীসকলে উল্লেখ কৰে৷ কিন্তু ইয়াৰ বাহিৰেও পাচলি আৰু খাদ্য–সামগ্রীৰ পৰিবহণৰ ক্ষেত্রত চলি থকা ছিণ্ডিকেট হৈ পৰিছে মূল্যবৃদ্ধিৰ অন্যতম প্রধান কাৰণ৷ ইমানৰ পাছতো জনসাধাৰণক সকাহ দিবলৈ ৰাজ্য চৰকাৰে কোনো এটা পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই৷

You might also like