নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত অনুজ্ঞা–পত্র অবিহনে চলাইছে ব্যৱসায়

নিয়মীয়া বাৰ্তা ৩১ অক্টোবৰঃ গুৱাহাটী পৌৰ নিগমৰ অনুজ্ঞা–পত্র অবিহনে ব্যৱসায় চলাই আহিছে একাংশ অসাধু ব্যৱসায়ীয়ে৷ জিএমচিৰ একাংশ বিষয়া–কর্মচাৰীক মেনেজ কৰি কৰফাঁকিৰে মহানগৰীৰ বিভিন্ন স্থানত হাজাৰ হাজাৰ ব্যৱসায়ীয়ে মাছ, মাংস, কণী, গাখীৰ, ভেটেৰিনেৰী ক্লিনিক, পশুখাদ্য, ফার্ম, হেচ্চাৰীকে ধৰি বিভিন্ন ধৰণৰ ব্যৱসায় চলাই আহিছে৷ গুৱাহাটী মহানগৰীত ব্যৱসায় কৰিবলৈ জিএমচিৰ অনুজ্ঞা–পত্র লোৱাটো বাধ্যতামূলক৷ কিন্তু জিএমচি কর্তৃপক্ষৰ হেমাহি আৰু প্রশাসনিক দুর্বলতাৰ সুযোগ লৈ হাজাৰ হাজাৰ অসাধু ব্যৱসায়ীয়ে অনুজ্ঞা–পত্র অবিহনেই ব্যৱসায় চলাই আহিছে৷ তদুপৰি অনুজ্ঞা–পত্র থকা ব্যৱসায়ীসকলেও প্রতিবছৰে অনুজ্ঞা–পত্র নবীকৰণ নকৰাকৈয়ে কৰফাঁকিৰে ব্যৱসায় চলাই অহাৰ তথ্য পোহৰলৈ আহিছে৷ প্রাপ্ত তথ্য অনুসৰি, গুৱাহাটী মহানগৰীত পৌৰ নিগমৰ ভেটেৰিনেৰী শাখাৰ অনুজ্ঞা–পত্র থকা সর্বমুঠ ১,৫৫৪খন ব্যৱসায়িক প্রতিষ্ঠান আছে৷ ইয়াৰ ভিতৰত মাত্র ৫৬৪খন ব্যৱসায়িক প্রতিষ্ঠানেহে অনুজ্ঞা–পত্র নবীকৰণ কৰিছে৷ তদুপৰি ইয়াৰ ভিতৰত আছে ১৯৮খন নতুনকৈ অনুজ্ঞা–পত্র লোৱা ব্যৱসায়িক প্রতিষ্ঠান৷ গুৱাহাটী পৌৰ নিগমৰ ভেটেৰিনেৰী শাখাৰ অধীনত অনুজ্ঞা–পত্র থকা ১৮১খন ছাগলীৰ মাংস বিক্রীৰ দোকান আছে৷ ইয়াৰে মাত্র ৭৮খন ব্যৱসায়িক প্রতিষ্ঠানেহে অনুজ্ঞা–পত্র নবীকৰণ কৰিছে৷ গুৱাহাটীত সর্বমুঠ ২৪০খন অনুজ্ঞা–পত্র থকা মাছ বিক্রী কৰাৰ দোকান আছে৷ ইয়াৰে মাত্র ৪৯খন দোকানেহে অনুজ্ঞা–পত্র নবীকৰণ কৰিছে৷ গুৱাহাটীত কণী আৰু মুর্গী বিক্রী কৰা ৪৭০খন অনুজ্ঞা–পত্র থকা দোকান আছে৷ ইয়াৰ ভিতৰত মাত্র ১৭৯খন দোকানৰ অনুজ্ঞা–পত্র নবীকৰণ কৰিছে৷ গাহৰিৰ মাংস বিক্রী কৰা ৫৫খন দোকানৰ ভিতৰত ১৫খন দোকানে অনুজ্ঞা–পত্র নবীকৰণ কৰিছে৷ পশু খাদ্যকে ধৰি বিভিন্ন সামগ্রী যোগান ধৰা ৭৩খন অনুজ্ঞা–পত্র থকা ব্যৱসায়িক প্রতিষ্ঠানৰ ভিতৰত মাত্র ১৯খনেহে নবীকৰণ কৰিছে৷ ২০খন ফার্ম, হেচ্চাৰীৰ ভিতৰত ১০খনে অনুজ্ঞা–পত্র নবীকৰণ কৰিছে৷ গাখীৰৰ সামগ্রী বিক্রী কৰা ৫৯খন ব্যৱসায়িক প্রতিষ্ঠানৰ ভিতৰত ১২খনেহে অনুজ্ঞা–পত্র নবীকৰণ কৰিছে৷ একেদৰে ২২খন ভেটেৰিনেৰী ক্লিনিকৰ ভিতৰত ১৩খনেহে অনুজ্ঞা–পত্র নবীকৰণ কৰিছে৷ তদুপৰি একুৰিয়াম, গাখীৰৰ হকাৰকে ধৰি বহু ব্যৱসায়ীয়ে অনুজ্ঞা–পত্র নবীকৰণ নকৰাকৈ আৰু অনুজ্ঞা–পত্র অবিহনে ব্যৱসায় চলাই আহিছে৷ গুৱাহাটী মহানগৰীত অনুজ্ঞা–পত্র নথকাকৈ কৰফাঁকিৰে ব্যৱসায় চলাই অহা ব্যৱসায়ীসকলৰ বিৰুদ্ধে জিএমচি কর্তৃপক্ষই কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like