কৃষকৰ বাবে ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ ব্যতিক্ৰমী পদক্ষেপ
নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ উন্নত আৰু বৈজ্ঞানিক কৃষি পদ্ধতি সম্পৰ্কত গ্ৰামাঞ্চলৰ কৃষক ৰাইজক জ্ঞাত কৰাৰ উদ্দেশ্যে ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদে হাতত লৈছে বিশেষ পদক্ষেপ। সেউজ গৃহৰ ভিতৰত বিজ্ঞান সন্মতভাৱে শাক-পাচলিৰ কৃষি কৰ্ম কৰি অধিক উৎপাদেনেৰে গ্ৰামাঞ্চলৰ কৃষক ৰাইজ আৰ্থিকভাৱে লাভৱান হ’ব পৰাকৈ এক প্ৰচেষ্টা আৰম্ভ কৰিছে পৰিষদে।
সেয়ে আজি পৰিষদৰ উদ্যোগত ‘কম খৰচী প্লাষ্টিক গৃহৰ ভিতৰত আবতৰীয়া অধিক মূল্যৰ শাক-পাচলি উৎপাদন’ শীৰ্ষক বিষয়ত নগাবাটৰ ঠেঙাল গাঁৱত এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। পৰিষদৰ নগাবাট সমষ্টিৰ কাৰ্যবাহী সদস্য বিপুল কছাৰীয়ে আঁত ধৰা কাৰ্যসূচীত উপ মুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰী, অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ড০ বিজিত সাউদ, এফ এম চি কোম্পানীৰ প্ৰাঞ্জলজ্যোতি দত্ত, কৃষক বিচিত্ৰ বৰা আদিয়ে অংশগ্ৰহণ কৰি উপস্থিত থকা প্ৰায় দুই শতাধিক ৰাইজক কৃষি সম্পৰ্কীয় বিভিন্ন পৰামৰ্শ আগবঢ়ায়।
পৰিষদৰ নগাবাট সমষ্টিৰ কাৰ্যবাহী সদস্য বিপুল কছাৰীয়ে জানিবলৈ দিয়া মতে, পৰিষদৰ অন্তৰ্গত বিভিন্ন গাঁৱত মুঠ ২৯ টা সেউজ গৃহ কৃষকৰ বাবে নিৰ্মাণ কৰিব।