নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রত্যাৱর্তনৰ বাবে লৰা–ঢ়পৰা নকৰিবাঃ ৰোহিতক পৰামর্শ প্রশিক্ষক ৰবি শাস্ত্রীৰ

নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ হেমষ্ট্রিঙৰ আঘাতৰ বাবে অষ্ট্রেলিয়া ভ্রমণলৈ ঘোষিত ভাৰতীয় দলত স্থান লাভ নকৰা টীম ইণ্ডিয়াৰ তাৰকা অ’পেনাৰ ৰোহিত শর্মাক প্রত্যাৱর্তনৰ বাবে অধিক লৰা–ঢ়পৰা নকৰিবলৈ পৰামর্শ আগবঢ়াইছে প্রশিক্ষক ৰবি শাস্ত্রীয়ে৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে– প্রত্যাৱর্তনৰ ক্ষেত্রত অধিক দৌৰাদৌৰি কৰিলে ৰোহিত বিপদৰ সন্মুখীন হ’ব বুলি ব’ডৰ মেডিকেল ৰিপ’টত প্রকাশ পাইছে৷ গতিকে তেওঁ এশ শতাংশ সুস্থ হোৱালৈ অপেক্ষা কৰা উচিত৷ ইফালে, ভাৰতীয় দলত আঘাতৰ বাবে ৰোহিতে স্থান নোপোৱা সন্দর্ভত প্রশিক্ষক শাস্ত্রীয়ে উল্লেখ কৰে যে ৰাষ্ট্রীয় নির্বাচকমণ্ডলীয়ে ব’ডৰ মেডিকেল ৰিপ’ট অনুসৰণ কৰি এই সিদ্ধান্ত গ্রহণ কৰিছে৷ ‘দল গঠন সন্দর্ভত মই কোনো কথা ক’ব নোৱাৰিম৷ কাৰণ এই সমগ্র প্রক্রিয়াটো পৰিচালনা কৰে ৰাষ্ট্রীয় নির্বাচকমণ্ডলীয়ে৷ মই মাথোঁ এই কথাই ক’ব পাৰিম যে মেডিকেল ৰিপ’টত ৰোহিতৰ আঘাত গুৰুতৰ বুলি প্রকাশ পাইছে৷ আৰু তেওঁ প্রত্যাৱর্তনৰ ক্ষেত্রত সাৱধানতা অৱলম্বন কৰা উচিত৷’ –শাস্ত্রীয়ে এইদৰে কয়৷ উল্লেখ্য যে আগন্তুক অষ্ট্রেলিয়া ভ্রমণত ভাৰতে তিনিখন টি–২০, তিনিখন এদিনীয়া আৰু চাৰিখন টেষ্ট মেচ খেলিব৷

You might also like