প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক পুনৰ জি এম চি এইচত ভৰ্তি
নিয়মীয়া বাৰ্তা, ২ নৱেম্বৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক পুনৰ ভৰ্তি কৰোৱা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। কালি নিশা মুখ্যমন্ত্ৰীগৰাকীৰ হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত পুনৰ চিকিৎসালয়খনত ভৰ্তি কৰোৱা হয়।
ক’ৰোনাত আক্ৰান্ত হোৱাৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ক’ৰোনা মুক্ত হৈছিল যদিও স্বাস্থ্য কিছু দুৰ্বল হৈ থকাত যোৱা দুমাহ ধৰি চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছিল আৰু যোৱা ২৫ অক্টোবৰত হাস্পতালৰ পৰা ঘৰলৈ গৈছিল তেওঁ।
কিন্তু কালি নিশা পুনৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক নিশাই হাস্পতাললৈ অনা হয়। বৰ্তমান আই চি ইউত চিকিৎসা চলাই থকা হৈছে গগৈৰ।