জাগীৰোডৰ গোপালকৃষ্ণ চাহ বাগিচাত আদৰ্শ হাইস্কুল নিৰ্মাণৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী পীয়ূষ হাজৰিকাই
নিয়মীয়া বাৰ্তা, ২ নৱেম্বৰঃ ৰাজ্যৰ ১১৯ খন চাহ বাগিচাত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় নিৰ্মাণৰ বাবে অসম চৰকাৰে লোৱা পদক্ষেপৰ অংশ হিচাপে আজি জাগীৰোডৰ গোপাল কৃষ্ণ চাহ বাগিচাত বিধায়ক তথা অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ূষ হাজৰিকাই বাগিচাৰ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ মাংগলিক ৰীতি-নীতিৰে আধাৰশিলা স্থাপন কৰে ৷
নেলীৰ গোপাল কৃষ্ণ চাহ বাগিচাত নিৰ্মাণ হ’বলগীয়া বিদ্যালয়খনে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীৰ লগতে চাহ জনগোষ্ঠী জাতিটোৰ যথেষ্ট উন্নতি হ’ব। এক কোটি ১৯ লাখ ৭৫ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া বিদ্যালয়খনে চাহ বাগিচাবোৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ দিশত সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব বুলি মন্ত্ৰী পীয়ূষ হাজৰিকাই মন্তব্য কৰে।
নিৰ্মানকাৰ্যৰ মাংগলিক শুভাৰম্ভ কৰি সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্ত্ৰী পীয়ূষ হাজৰিকাই কটাক্ষ কৰে ৰিপুণ বৰাক ৷ তেওঁ কয় যে আকাশত চাং পাতি কংগ্ৰেছৰ চৰকাৰ বনাবলৈ মুংগেৰিলালৰ হাচিন সপোন দেখিছে ৰিপুণ বৰাই ৷ কংগ্ৰেছৰ আধৰুৱা বহু কাম বিজেপিয়ে সম্পূৰ্ণ কৰিছে যদিও বিদ্যালয়সমূহৰ কাম কংগ্ৰেছ চৰকাৰ আহিলে বন্ধ কৰি দিয়াৰ ইংগিত দি নিকৃষ্ট মানসিকতাৰ পৰিচয় দিছে ৰিপুণ বৰাই।
২০২১ চনত বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে আৰু বিদ্যালয়সমূহৰ কাম আধাৰশিলাতেই থাকিব বুলি মন্তব্য কৰিছিল ৰিপুণ বৰাই ৷ তাৰেই পৰিপ্ৰেক্ষিতত ৰিপুণ বৰাক এনেদৰে কটাক্ষ কৰে মন্ত্ৰী হাজৰিকাই ৷ আনহাতে মহানগৰ সম্প্ৰসাৰণৰ বিষয়টো লৈ তিৱা সংগঠনৰে আলোচনাৰ পোষকতা কৰি সমস্যাটো সমাধানৰ ইংগিত দিয়ে ৷ পল্লৱ বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানত জিলা উপায়ুক্ত লীনা দাস, আৰক্ষী অধীক্ষক ড° নন্দ সিং বৰকলাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।