লাডেনৰ সাক্ষাৎকাৰ গ্রহণ কৰা সাংবাদিক ৰবার্টৰ দেহাৱসান
নিয়মীয়া বাৰ্তা ৩ নৱেম্বৰঃ কুখ্যাত সন্ত্রাসবাদী মাষ্টাৰমাইণ্ড ওছামা বিন লাডেনৰ ৯০ৰ দশকটোত তিনিবাৰকৈ সাক্ষাৎকাৰ গ্রহণ কৰা প্রখ্যাত ব্রিটিছ সাংবাদিক ৰবার্ট ফিস্কৰ দেহাৱসান ঘটিছে৷ ৭৪ বছৰীয়া সাংবাদিকগৰাকীয়ে ডাবলিনৰ ছেইণ্ট ভিনচেণ্ট হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছে৷ শুকুৰবাৰে হঠাতে অসুস্থ হৈ পৰা সাংবাদিকগৰাকীক হাস্পতালত ভর্তি কৰোৱা হৈছিল বুলি আইৰিছ টাইমছৰ প্রতিবেদনত প্রকাশ পাইছে৷ ১৯৭০ৰ দশকটোত সাংবাদিকতা আৰম্ভ কৰা ৰবার্টে মধ্যপ্রাচ্যৰ দুর্গম অঞ্চলত কর্তব্যত নিয়োজিত হৈছিল৷ সাংবাদিকতাৰ ক্ষেত্রখনত আগবঢ়োৱা সেৱাৰ বাবে বহু বঁটা তথা সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁ৷ মধ্যপ্রাচ্য, বল্কান, উত্তৰ আফ্রিকাৰ যুদ্ধৰ সংবাদ ব্রিটেইনৰ কেইবাখনো কাকতত পৰিৱেশন কৰিছিল ৰবার্টে৷ ২০০৫ চনত নিউয়র্ক টাইমছে ৰবার্টক ব্রিটেইনৰ আটাইতকৈ বিখ্যাত ফৰেইন কৰেস্পণ্ডেণ্ট আখ্যা দিছিল৷ ১৯৪৪ চনত কেণ্টৰ মেডিষ্টনত জন্মলাভ কৰা ৰবার্টে পৰৱর্তী সময়ত আয়াৰলেণ্ডৰ নাগৰিকত্ব লাভ কৰিছিল৷ আয়াৰলেণ্ডৰ ৰাজধানী ডাবলিনৰ পার্শ্বৱর্তী ডাল্কিত বাস কৰিছিল সাংবাদিকগৰাকীয়ে৷ সাংবাদিক ৰবার্টৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে আইৰিছ ৰাষ্ট্রপতি মাইকেল ডি হিগিনছে৷