ভাৰতত প্রৱেশ কৰা নাই চীনা সেনা, এলএচিৰ পৰিস্থিতি নিয়ন্ত্রণাধীন
কংগ্রেছ নেতা ৰাহুলক সমালোচনা ৰাজনাথ সিঙৰ
নিয়মীয়া বাৰ্তা ৩ নৱেম্বৰঃ ভাৰতৰ ভূমিত চীনৰ পি এল এই প্রৱেশ কৰা বুলি কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে কৰা অভিযোগক নস্যাৎ কৰি কংগ্রেছ নেতাগৰাকীৰ মন্তব্যক গৰিহণা দিছে কেন্দ্রীয় প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে৷ লাডাখৰ গালৱান উপত্যকাৰ সংঘর্ষ সন্দর্ভত মন্তব্য কৰি কেন্দ্রীয় প্রতিৰক্ষামন্ত্রী সিঙে কয় যে এল এ চিৰ পৰিস্থিতি নিয়ন্ত্রণাধীন আৰু পি এল এই ভাৰতৰ ভূমিত প্রৱেশ কৰা নাই৷ ইণ্ডিয়া টুডে’ টিভিৰ সৈতে হোৱা সাক্ষাৎকাৰত প্রতিৰক্ষামন্ত্রী সিঙে চীনৰ সেনাৰ সৈতে এল এ চিত সংঘাত সন্দর্ভত কেন্দ্রীয় চৰকাৰৰ স্থিতি স্পষ্ট কৰি দিয়ে৷ লাডাখৰ এল এ চিত পৰিস্থিতি নিয়ন্ত্রণত৷ পি এল এ ভাৰতৰ ভূমিত প্রৱেশ কৰাটো সম্পূর্ণ ভিত্তিহীন বুলিও কয় প্রতিৰক্ষামন্ত্রীগৰা৷ দুই দেশৰ সেনাৰ কমাণ্ডাৰ পর্যায়ৰ বৈঠক অব্যাহত আছে যদিও সীমান্তৰ বিবাদ কেতিয়ালৈকে মীমাংসা হয়, তাৰ কোনো নিশ্চিতি নাই বুলিও কয় প্রতিৰক্ষামন্ত্রীগৰা৷ গালৱানৰ ঘটনাৰ পিছত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সেনাৰ সৈতে মিলিত হোৱাৰ লগতে তেওঁ নিজেও মিলিত হৈ সীমান্ত অতিক্রম কৰি পি এল এই দেশৰ ভূমিত প্রৱেশ নকৰাটো নিশ্চিত হৈছে বুলিও কয় মন্ত্রীগৰাকীয়ে৷