নিয়মীয়া বাৰ্তা ৪ নৱেম্বৰঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণে সলনি কৰিছে জীৱন যাপনৰ প্রণালী৷ ক’ৰোনাৰ সংক্রমণ প্রতিৰোধৰ বাবে ঘোষণা কৰা লকডাউনে পৰিৱর্তন আনিছে জীৱনযাত্রাৰ স্বাভাৱিক শৈলীলৈ৷ ৰাজ্যৰ শৈক্ষিক খণ্ডলৈয়ো আহিছে পৰিৱর্তন৷ লকডাউনৰ সময়ছোৱাত শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ পৰাৰ লগে লগে আৰম্ভ হৈছে অনলাইন শিক্ষা পদ্ধতি৷ কিন্তু এইক্ষেত্রত একাংশ শিক্ষার্থীৰ বাবে অনলাইন শিক্ষাগ্রহণত বাধাৰ কাৰণ হৈ পৰিছে প্রযুক্তিগত অসুবিধা৷ ইয়াৰ মাজতে ‘এনুৱেল ষ্টেটাছ অৱ এডুকেচন ৰিপ’ট’ (এএছইআৰ) গ্রাম্য ২০২০ত প্রকাশ পাইছে কেইবাটাও গুৰুত্বপূর্ণ তথ্য৷ সেই অনুসৰি অসমৰ ৫২.৪ শতাংশ চৰকাৰী বিদ্যালয়ৰ শিক্ষার্থীৰ ঘৰতহে উপলব্ধ স্মার্টফোন৷ ইয়াৰ বিপৰীতে ব্যক্তিগত বিদ্যালয়ৰ ৭৮.৩ শতাংশ শিক্ষার্থীৰ ঘৰত উপলব্ধ স্মার্টফোন৷ চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ উভয়ৰে গড় হিচাপত ৰাজ্যৰ ৬০.৭ শতাংশ শিক্ষার্থীৰ ঘৰতহে আছে স্মার্টফোন৷ অৱশ্যে বিগত বর্ষৰ তুলনাত ৰাজ্যত স্মার্টফোনৰ সুবিধা উপলব্ধ হোৱা শিক্ষার্থীৰ সংখ্যা বৃদ্ধি পাইছে৷ প্রতিবেদনত উল্লেখ কৰা অনুসৰি ২০১৮ চনত ২৯.৮ শতাংশ চৰকাৰী বিদ্যালয়ৰ শিক্ষার্থীৰহে আছিল স্মার্টফোনৰ সুবিধা৷ আনহাতে এএছইআৰৰ প্রতিবেদন অনুসৰি অসমৰ ৪১.৮ শতাংশ চৰকাৰী বিদ্যালয়ৰ শিক্ষার্থীৰ ঘৰতহে আছে টিভি৷ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ক্ষেত্রত এই সংখ্যা হৈছে ৫৫.৬ শতাংশ৷ উল্লেখ্য যে চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষার্থীৰ স্মার্টফোনৰ উপলব্ধতাৰ ক্ষেত্রত উত্তৰ–পূবৰ আন ৰাজ্যসমূহ অসমতকৈ যথেষ্ট আগবঢ়া৷ প্রতিবেদনখনত প্রকাশ পোৱা অনুসৰি মণিপুৰৰ ৮৪.৩ শতাংশ, নাগালেণ্ডৰ ৮১.৮ শতাংশ, অৰুণাচল প্রদেশৰ ৮১.১ শতাংশ আৰু মেঘালয়ৰ ৭২ শতাংশ শিক্ষার্থীৰ পৰিয়ালত আছে স্মার্টফোন৷ লক্ষণীয় যে ক’ভিড–১৯ সংক্রমণৰ পিছতে এই সমীক্ষা কৰা হৈছিল৷ সমগ্র দেশজুৰি এই সমীক্ষা কৰা হৈছিল৷ বিদ্যালয়সমূহত শিক্ষার্থীৰ নামভর্তিকে ধৰি বিভিন্ন বিষয় সন্নিৱিষ্ট কৰা হৈছিল৷
You might also like