বিহাৰৰ পৰা অহা পেছাদাৰী পৰীক্ষার্থীয়ে নীল নক্ষত্রৰ হৈ দিছিল পৰীক্ষা
বহিঃৰাজ্য নহয়, জেইই কাণ্ডৰ অভিকেন্দ্র গুৱাহাটী
নিয়মীয়া বাৰ্তা ৪ নৱেম্বৰঃ অভিযান্ত্রিক পাঠ্যক্রমৰ বাবে অনুষ্ঠিত সর্বভাৰতীয় যুটীয়া প্রৱেশ পৰীক্ষাৰ (জেইই) চাঞ্চল্যকৰ কেলেংকাৰিৰ মূল অভিকেন্দ্র আছিল গুৱাহাটীৰ বৰঝাৰৰ ই–কম টাৱাৰস্থিত আই অ’ন ডিজিটেল জ’ন৷ দেশৰ আগশাৰীৰ ছফটৱেৰ প্রতিষ্ঠান টাটা কনছালটেন্সী ছার্ভিচেছ লিমিটেডৰ (টিচিএছ) আই অ’ন ডিজিটেল জ’নত চিকিৎসক জ্যোতির্ময় দাসৰ পুত্র নীল নক্ষত্র দাসৰ হৈ বিহাৰৰ পেছাদাৰী পৰীক্ষার্থীয়ে জেইইত অৱতীর্ণ হৈছিল৷ অর্থাৎ জেইই কেলেংকাৰিৰ অভিকেন্দ্র বহিঃৰাজ্য নহয়, গুৱাহাটীয়েই আছিল৷ আৰক্ষী সূত্রই জনোৱা মতে, নেচনেল টেষ্টিং এজেন্সীয়ে আয়োজন কৰা জেইই সুকলমে অনুষ্ঠিত কৰাৰ দায়িত্ব লাভ কৰা টিচিএছৰ বৰঝাৰস্থিত আই অ’ন ডিজিটেল জ’নত আছে মুঠ ১৬০০টা কম্পিউটাৰ৷ এই ডিজিটেল জ’নত উচ্চ তথ্য–প্রযুক্তিৰ জৰিয়তে অনুষ্ঠিত জেইইত বিহাৰৰ ভাৰাতীয়া পৰীক্ষার্থীয়ে নীল নক্ষত্রৰ হৈ পৰীক্ষা দিছিল৷ জেইই কেলেংকাৰিৰ অন্যতম অভিযুক্ত ডাঃ জ্যোতির্ময় দাস, পুত্র নীল নক্ষত্র দাস, আই অ’ন ডিজিটেল জ’নত পৰীক্ষা নিয়ন্ত্রকৰ দায়িত্বত থকা টিচিএছৰ কর্মচাৰী হেমেন্দ্র নাথ শর্মা, হিৰুকমল পাঠক, প্রাঞ্জলক মাৰাথন জেৰা কৰাৰ পিছতে এই চাঞ্চল্যকৰ তথ্য লাভ কৰে তদন্তকাৰী আৰক্ষীয়ে৷ ইফালে, এই জেইই কেলেংকাৰি সংক্রান্তত আজাৰা থানাত ৰুজু কৰা ৪২৬/২০ নম্বৰ গোচৰত আৰক্ষীয়ে ভার্গৱ ডেকা মালিকানাধীন গ্ল’বেল এডুলাইটৰ কাউন্সেলৰ কাকলি বুজৰবৰুৱাক গ্রেপ্তাৰ কৰাৰ পিছতে গুৱাহাটীত অনুষ্ঠিত শৈক্ষিক মেলা এডুফেয়াৰৰ জৰিয়তে ভার্গৱ ডেকাই অসম আৰক্ষীৰ একাংশ বিষয়াৰ সন্তানসহ বহু সম্ভ্রান্ত পৰিয়ালৰ সন্তানক বহিঃৰাজ্যৰ আগশাৰীৰ শিক্ষানুষ্ঠানত লাখ লাখ টকাৰ বিনিময়ত নামভর্তি কৰোৱাই দিয়াৰ দালালি কৰাৰ তথ্য লাভ কৰে৷ যোৱা দেওবাৰে নাটকীয়ভাৱে ক্রাইম ব্রাঞ্চ আৰু আজাৰাত আৰক্ষীৰ হাতত গ্রেপ্তাৰ হোৱা মহানগৰীৰ আমবাৰীস্থিত গ্ল’বেল এডুলাইটৰ স্বত্বাধিকাৰী ভার্গৱ ডেকাই চাৰি বছৰ পূর্বে টিচিএছৰ কর্মচাৰী হেমেন্দ্র নাথ শর্মাৰ সৈতে চিনাকি হৈছিল৷ মহানগৰীত অনুষ্ঠিত শৈক্ষিক মেলাত ভার্গৱ ডেকাই নিজে গৈ হেমেন্দ্র নাথ শর্মাৰ সৈতে চিনাকি হৈছিল৷ আৰক্ষী সূত্রটোৱে জনোৱা মতে, এই হেমেন্দ্র নাথ শর্মাৰ জৰিয়তে টিচিএছৰ আন একাংশ কর্মচাৰীৰ সৈতে চিনাকি হৈছিল৷ গুৱাহাটীত অনুষ্ঠিত প্রতিখন শৈক্ষিক মেলালৈ গৈ ভার্গৱ ডেকাই মেলাত অংশগ্রহণ কৰা আগশাৰীৰ শিক্ষানুষ্ঠানৰ কর্মচাৰীৰ সৈতে চা–চিনাকি হৈ ধনৰ বিনিময়ত বক্র পথেৰে অসমৰ ছাত্র–ছাত্রীক তেওঁলোকৰ শিক্ষানুষ্ঠানত নামভর্তি কৰিবলৈ কথা পাতিছিল৷ এইজন দালাল ভার্গৱ ডেকাক লগত লৈ আৰক্ষীৰ দল এটাই আজি গ্ল’বেল এডুলাইটত অভিযান চলায়৷ ক’চিং চেণ্টাৰটোত অভিযান চলাই আৰক্ষীৰ দলটোৱে ভার্গৱ ডেকাৰ এটা কম্পিউটাৰ জব্দ কৰে৷ এই কম্পিউটাৰটোত বহু ছাত্র–ছাত্রীৰ তথ্য থকাৰ সন্ধান লাভ কৰিছে তদন্তকাৰী আৰক্ষীয়ে৷ জব্দ কৰা কম্পিউটাৰটোত জেইই কেলেংকাৰিৰ ন ন তথ্য লাভ কৰিব পাৰিব বুলি আৰক্ষীয়ে আশা কৰিছে৷ আৰক্ষী সূত্রটোৱে জনোৱা মতে আজাৰা আৰক্ষীয়ে বিহাৰৰ ভাৰাতীয়া পৰীক্ষার্থীজনৰ লগতে টিচিএছৰ অনিৰুদ্ধ, গ্ল’বেল এডুলাইটৰ মেনেজাৰ ৰুবুল মেধি, ভার্গৱ ডেকাৰ গাড়ীচালক ৰণ্টু দাসৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে৷ এই অভিযুক্তকেইজনক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিব পাৰিলেই জেইই পৰীক্ষা কেলেংকাৰিৰ বহু তথ্য আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব৷ উল্লেখ্য যে ৰুবুল মেধি আৰু ৰণ্টু দাস ভার্গৱ ডেকাৰ অতি ঘনিষ্ঠ৷ ভার্গৱ ডেকাই দুয়োকে থাকিবলৈ মহানগৰীত এটা ঘৰ দিয়াৰ লগতে এখন গাড়ীও দিছে৷ ইফালে, পৰীক্ষাৰ দিনা বৰঝাৰস্থিত আই অ’ন ডিজিটেল জ’নলৈ নীল নক্ষত্র দাসক লৈ যোৱা ডাঃ জ্যোতির্ময় দাসৰ এ এছ–০১ ডি ই–২৪০০ নম্বৰৰ গ্রেণ্ড আই–১০ গাড়ীখন আজি আজাৰা আৰক্ষীয়ে জব্দ কৰে৷ ইপিনে, জেইই কেলেংকাৰিৰ গোচৰত গ্রেপ্তাৰ কৰা ডাঃ জ্যোতির্ময় দাস, পুত্র নীল নক্ষত্র দাস, টি চি এছৰ তিনি কর্মচাৰী হেমেন্দ্র নাথ শর্মা, হিৰুকমল পাঠক আৰু প্রাঞ্জল কলিতাক আজাৰা আৰক্ষীয়ে আজি কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰে৷ পাঁচদিনীয়া আৰক্ষী জিম্মাৰ সময় শেষ হোৱাত অভিযুক্তকেইজনক হাজিৰ কৰি হেমেন্দ্র নাথ শর্মাক পুনৰ দুদিনৰ জিম্মাত বিচাৰে যদিও আদালতে আটাইকেইজনকে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷ আনহাতে, জেইই কেলেংকাৰিৰ গোচৰত গ্রেপ্তাৰ কৰা গ্ল’বেল এডুলাইটৰ কাউন্সেলৰ কাকলি বুজৰবৰুৱাৰ সাতমহীয়া সন্তানৰ সুবিধার্থে আজাৰা আৰক্ষীয়ে এগৰাকী মহিলা আৰক্ষীক পৰিচর্যাকাৰী হিচাপে নিয়োগ কৰে৷ লগতে মৈত্রী আঁচনিৰ অধীনত আজাৰা থানাত নির্মাণ কৰা ৱ’মেন এণ্ড চিলড্রেন চেলত কাকলি বুজৰবৰুৱাক সন্তানটিৰ সুবিধার্থে এখন সুকীয়া বিছনা, শিশু খাদ্য আৰু কেইবাটাও পুতলা যোগান ধৰে৷ লকআপটোত শীত–তাপ নিয়ন্ত্রিত যন্ত্রও স্থাপন কৰে৷