মাদ্ৰাছা খোলা কোনো কেবিনেট দিছপুৰত নহয়ঃ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ৪ নবেম্বৰঃ মাদ্ৰাছা খোলা কোনো কেবিনেট দিছপুৰত নহয়। আজমলে এই কেবিনেট পাকিস্তানত পাতে বাংলাদেশত পাতে আমাৰ কব লগা নাই কিন্তু দিছপুৰত এনে কেবিনেট পাতিবলৈ আজমলৰ সাহসেই নহয় ধৃষ্টতা নাই। প্ৰথম কেবিনেট পাকিস্তানত গৈ পাতিব লাগিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
আমাৰ সন্মুখত এই কেবিনেট পাতিব নোৱাৰে। অসমৰ মানুহ জীয়াই থকালৈকে আজমলে কেবিনেট পাতিব নেকি অসমত বুলি প্ৰশ্ন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ মানুহৰ শেষ বিন্দু তেজ থকালৈকে আজমলে এই সুবিধা নাপায়। মিঞা কবিতা, মিঞা মিউজিয়াম, মিঞা ভাষা আদিবোৰ লৈ সকলো শংকিত হৈ আছে।