নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্ৰাম্পক লৈ বিড়ম্বনা! ফেচবুক-টুইটাৰে গোহাৰি জনাব লগা হ’ল ইউজাৰক…

নিয়মীয়া বাৰ্তা, ৪ নৱেম্বৰঃ আমেৰিকাৰ নিৰ্বাচনৰ ফলাফললৈ ৰ’ব লাগিব আৰু কিছু সময়। এতিয়াও ৭খন ষ্টেটৰ ভোটগণনা বাকী আছে। ইলেক্ট্ৰোৰেল ভোটত জো বাইডেন ড’নাল্ড ট্ৰাম্পতকৈ আগবাঢ়ি আছে যদিও পেনেছিলভেনিয়া আৰু উইছকনছিন ষ্টেটে নিৰ্বাচনত জয়-পৰাজয়ৰ দিক নিৰ্ণায়ক ভূমিকা পালন কৰিব পাৰে।

গতিকে এই মুহূৰ্তত কোন জিকিব পাৰে তাক লৈ কোনো সম্ভাৱনা ব্যক্ত কৰিব পৰা নাযায়। কিন্তু এনে সময়তে ড’নাল্ড ট্ৰাম্পৰ দুই-এটা মন্তব্যই যথেষ্ট বিড়ম্বনা সৃষ্টি কৰিছে আমেৰিকাত। টুইটযোগে ট্ৰাম্পে পোষ্ট কৰা মন্তব্যক লৈ স্বয়ং ফেচবুক আৰু টুইট কৰ্তৃপক্ষই ব্যৱহাৰকাৰীক সচেতন কৰিবলগীয়া হৈছে। ভোটগণনা চলি থকাৰ মাজতে ফেচবুক ব্যৱহাৰকাৰীসকললৈ গোহাৰি জনাইছে টুইটাৰ আৰু ফেচবুক কৰ্তৃপক্ষই।

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ স্বঘোষিত বিজয়ক লৈ কোনোধৰণৰ পোষ্ট নিদিবলৈ ফেচবুকে আহ্বান জনায়। কিয়নো ভোটগণনা চলি থকাৰ সময়তে ট্ৰাম্পে নিজকে বিজয়ী বুলি উল্লেখ কৰি বিজয়োৎসৱ পালন কৰিবলৈ সাজু হোৱা বুলি উল্লেখ কৰিছিল। আনহাতে টুইটাৰ কৰ্তৃপক্ষয়ো ট্ৰাম্পৰ এটা টুইটক বিভ্ৰান্তিকৰ বুলি উল্লেখ কৰিছে। ট্ৰাম্পে তেওঁৰ ভোট চুৰি কৰাৰ অভিযোগ উত্থাপন কৰি টুইটযোগে এটা পোষ্ট দিছিল আৰু টুইটাৰে কিছুসময় পিছতে এই টুইট বিভ্ৰান্তিকৰ বুলি টুইট কৰে।

You might also like