নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাং আৰক্ষীৰ অভিযানত ৩ দিনত ৯খন ট্ৰেক্টৰ উদ্ধাৰ, দুজনক আটক

নিয়মীয়া বাৰ্তা, ৪ নৱেম্বৰঃ চিৰাং আৰক্ষীয়ে এক অভিযোগৰ ভিত্তিত প্ৰতাৰণাৰে ধন ঘটা এক দুষ্ট চক্ৰৰে জড়িত দুজনক আটক কৰাৰ লগতে যোৱা তিনিটা দিনত মুঠ ৯ খন ট্ৰেক্টৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। চিৰাং আৰক্ষীৰ অতিৰিক্ত অধীক্ষক প্ৰকাশ মেধিয়ে আজি সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে উক্ত প্ৰতাৰক চক্ৰটোৰ বিৰুদ্ধে ঢালিগাঁও থানাত এজাহাৰ দাখিল কৰাৰ পাছত ২৯৮/২০২০ নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪২০/৪০৬/৩৪ ৰ অধীনত প্ৰতাৰণাত জড়িতসকলৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰে।

এক বিশেষ সূত্ৰে জানিব পৰা মতে, উক্ত প্ৰতাৰক চক্ৰৰে জড়িতসকলে একাংশ ব্যক্তিৰ নিজা ট্ৰেক্টৰসমূহ চুক্তি অনুসৰি ভাৰাত লয়। পৰৱৰ্তী সময়ত ভাৰালৈ লোৱা ট্ৰেক্টৰসমূহ মিছাই  নিজৰ বুলি কৈ অন্য লোকক অধিক ধনৰ বিনিময়ত হয় ভাৰালৈ দিয়ে অথবা বিক্ৰী কৰি প্ৰকৃত গৰাকীক প্ৰতাৰণা কৰে। প্ৰকৃত গৰাকীয়ে ভাৰাৰ বাবদ নিজৰ প্ৰাপ্য ধন বিচাৰিলে ধন আদায় পোৱাতো দূৰৰে কথা, নিজৰ ট্ৰেক্টৰখনো অদৃশ্য হোৱাত মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।

শেষত আৰক্ষীৰ সহায় বিচাৰি গোচৰ ৰুজু কৰিবলৈ বাধ্য হয়। চিৰাং আৰক্ষীয়ে অভিযান চলাই বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত ছাপ্ৰাকাটা নিবাসী প্ৰয়াত তৰুণ চন্দ্ৰ বৰুৱাৰ পুত্ৰ ৰবিন চন্দ্ৰ বৰুৱা (২৭) আৰু পশ্চিম ভাদ্ৰাগাঁও নিবাসী প্ৰয়াত ছাহেৰুদ্দিন শ্বেখৰ পুত্ৰ মঃ নবীৰ আলী (৩৭)ক গ্ৰেপ্তাৰ কৰে। চিৰাং আৰক্ষীয়ে গোৱালপাৰা, বঙাইগাঁও, কোকৰাঝাৰ আৰু চিৰাং জিলাৰ বিভিবিভিন্ন স্থানত অভিযান চলাই মুঠ ৯ খন ট্ৰেক্টৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

প্ৰতাৰক চক্ৰটোত জড়িত অন্যান্য সদস্য সকলৰ বিৰুদ্ধে চিৰাং আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে বুলি জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।।

You might also like