মূল্যবৃদ্ধিঃ অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ হুংকাৰ মুখ্যমন্ত্রীৰ
ব্যৱসায়ী সংস্থাৰ প্রতিনিধিৰে সোণোৱালৰ জৰুৰী বৈঠক
নিয়মীয়া বাৰ্তা ৫ নৱেম্বৰঃ ৰাজ্যত অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধি সম্পর্কত আলোচনাৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি মহানগৰীৰ খানাপাৰাস্থিত অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্যৰ বিভিন্ন ব্যৱসায়ী সংগঠনৰ প্রতিনিধি আৰু প্রশাসনৰ বিষয়াসকলৰ সৈতে এক জৰুৰী বৈঠকত মিলিত হয়৷ কৃষিমন্ত্রী অতুল বৰা তথা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্রী ফণীভূষণ চৌধুৰীৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত মুখ্যমন্ত্রী সোণোৱালে অসম চেম্বাৰ অৱ কমার্চ, কামৰূপ চেম্বাৰ অৱ কমার্চ আৰু বিভিন্ন ব্যৱসায়ী সন্থাৰ কর্মকর্তাসকলৰ পৰা ৰাজ্যৰ শেহতীয়া মূল্যবৃদ্ধিৰ কাৰকসমূহ জানিব বিচাৰে আৰু ইয়াক নিয়ন্ত্রণ কৰাৰ বাবে হাতত ল’ব পৰা ব্যৱস্থাৰাজিৰ বিষয়ে পৰামর্শ বিচাৰে৷ বৈঠকত মুখ্যমন্ত্রী সোণোৱালে কয় যে অত্যাৱশ্যকীয় সামগ্রী বিশেষকৈ আলু, পিঁয়াজ, শাক–পাচলি, কণী, মিঠাতেল আদিৰ মূল্যবৃদ্ধিৰ ফলত সর্বসাধাৰণ ৰাইজ যথেষ্ট প্রভাৱিত হৈছে আৰু ই জনসাধাৰণৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিছে৷ এই পৰিস্থিতিত চৰকাৰ নিষ্ক্রিয় হৈ থাকিব নোৱাৰে আৰু যিকোনা ত্যাগ আৰু মূল্যৰ বিনিময়ত জনসাধাৰণক এই মূল্যবৃদ্ধিৰ পৰা সকাহ দিবই লাগিব৷ ৰাজ্যত আলু, পিঁয়াজ আৰু শাক–পাচলিকে ধৰি বহুবোৰ সামগ্রীৰ উৎসৰ মূল্য আৰু খুচুৰা বজাৰৰ মূল্যৰ মাজত যথেষ্ট প্রভাৱ পৰিলক্ষিত হোৱাৰ প্রসংগ উল্লেখ কৰি তেওঁ পুনৰ কয় যে পাইকাৰী বজাৰৰ দৰৰ লগত সংগতি ৰাখি সামগ্রীৰ খুচুৰা মূল্য নিৰূপণ নকৰা আৰু অসৎ অভিপ্রায়েৰে চৰাদামত বয়–বস্তু বিক্রী কৰি গ্রাহকক দুর্ভোগ ভোগোৱা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব৷ ৰাজ্যৰ বিভিন্ন বজাৰত বয়–বস্তুৰ মূল্য নিৰীক্ষণ তথা মূল্যবৃদ্ধি নিয়ন্ত্রণৰ বাবে কেতবোৰ সংহত উৎসর্গীকৃত গোট গঠন কৰিবলৈ তেওঁ প্রশাসনক নির্দেশ দিয়ে৷ তেওঁ কয় যে মূল্যবৃদ্ধি নিয়ন্ত্রণৰ বাবে চৰকাৰ, প্রশাসন আৰু ব্যৱসায়ী প্রত্যেকেই দায়িত্ব ল’ব লাগিব৷ গ্রাহক আৰু বিক্রেতা উভয়ৰে স্বার্থ সুৰক্ষিত হোৱাকৈ এই সমস্যাৰ এক সমাধান সূত্র উলিওৱাৰ বাবে আমি কাম কৰিব লাগিব৷ আজিৰ বৈঠকত উপস্থিত থকা ব্যৱসায়ী সন্থাসমূহৰ উপৰি তেওঁলোকৰ নিয়ন্ত্রণত নথকা বিভিন্ন শ্বপিং মল, ব্যৱসায়িক প্রতিষ্ঠান আদিৰ বিষয়ববীয়াসকলৰ সৈতে এই সন্দর্ভত কাইলৈ আন এখন বৈঠকৰ আয়োজন কৰিবলৈও মুখ্যমন্ত্রী সোণোৱালে যোগান বিভাগৰ মন্ত্রী ফণীভূষণ চৌধুৰীক নির্দেশ দিয়ে৷ আনহাতে, সেউজীয়া শাক–পাচলিৰ উৎসৰ মূল্য জনসাধাৰণৰ জ্ঞাতার্থে প্রচাৰৰ ব্যৱস্থা কৰি ইয়াৰ খুচুৰা মূল্য সম্পর্কত সজাগতাৰ সৃষ্টি কৰিবলৈও তেওঁ যোগান বিভাগক নির্দেশ দিয়ে৷ বৈঠকত অংশ লৈ ব্যৱসায়ী সন্থাসমূহৰ প্রতিনিধিসকলে আলু, পিঁয়াজকে ধৰি কেতবোৰ সামগ্রীৰ উৎসতে দাম বঢ়াৰ কথা মুখ্যমন্ত্রী সোণোৱালক অৱগত কৰাৰ লগতে কাইলৈৰ পৰা ইয়াৰ পাইকাৰী দৰ সামান্য হ্রাস পাব বুলি জানিবলৈ দিয়ে৷ আনহাতে, গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইত কিছুমান অকর্তৃত্বশীল পাইকাৰী বজাৰ গঢ় লৈ উঠাৰ ফলতো শাক–পাচলিৰ মূল্যবৃদ্ধি হোৱা বুলি উল্লেখ কৰি এইসমূহ নিয়ন্ত্রণৰ ব্যৱস্থা কৰিবলৈও তেওঁলোকে মুখ্যমন্ত্রী সোণোৱালক আহ্বান জনায়৷ আজিৰ এই বৈঠকত মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামী, মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্য সচিব জিষ্ণু বৰুৱা, মুখ্যমন্ত্রীৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ, মুখ্যমন্ত্রীৰ বিশেষ আয়ুক্ত ৰঞ্জন চক্রৱর্তী, অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান (আইন–শৃংখলা) জি পি সিং, মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্রসাদ গুপ্তা, কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুকে ধৰি কৃষি, খাদ্য আৰু অসামৰিক যোগান, মীন, পৰিবহণ, পশুপালন আৰু পশু চিকিৎসা, উদ্যান শস্য আৰু খাদ্য সংসাধন, দুগ্ধ উন্নয়ন আদি বিভিন্ন বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে৷ বৈঠকত কামৰূপ চেম্বাৰ অৱ কমার্চ, আছাম চেম্বাৰ অৱ কমার্চ, আলু আৰু পিঁয়াজ ব্যৱসায়ী সন্থা, কণী ব্যৱসায়ী সন্থা, মাছ ব্যৱসায়ী সন্থা, মাংস ব্যৱসায়ী সন্থা, হাঁহ–কুকুৰা ব্যৱসায়ী সন্থা, শাক–পাচলি ব্যৱসায়ী সন্থা, ফল–মূল ব্যৱসায়ী সন্থাৰ প্রতিনিধিসকলে অংশগ্রহণ কৰে৷