নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোৱালিফায়াৰ ১ত আজি মুম্বাইৰ সন্মুখত দিল্লী

নিয়মীয়া বাৰ্তা ৫ নৱেম্বৰঃ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণৰ কোৱালিফায়াৰ ১ মেচখন আজি অনুষ্ঠিত হ’ব৷ ডুবাই আন্তঃৰাষ্ট্রীয় ষ্টেডিয়ামত হ’বলগীয়া এই মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব ডিফেণ্ডিং তথা চাৰিবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছৰ বিৰুদ্ধে৷ আজিৰ কোৱালিফায়াৰ ১ মেচখনক লৈ আত্মবিশ্বাসী মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শর্মা৷ লীগ পর্যায়ৰ পইণ্ট তালিকাত ১৮ পইণ্টেৰে শীর্ষস্থান দখল কৰা মুম্বায়ে আজি মেচখনত বিজয় সাব্যস্ত কৰি প্রথমেই ফাইনেলত প্রৱেশৰ লক্ষ্য লৈছে৷ অৱশ্যে যোৱানিশা অন্তিমখন লীগ মেচত ছানৰাইজার্ছ হায়দৰাবাদৰ হাতত বৃহৎ পৰাজয়ে দলটোক কিছু পৰিমাণে চিন্তিত কৰি ৰাখিছে৷আজিৰ কোৱালিফায়াৰ ১ মেচখন সন্দর্ভত মুম্বাইৰ অধিনায়ক ৰোহিত শর্মাই কয় যে  এই গুৰুত্বপূর্ণ মেচখনত দলটোৱে শক্তিশালী ৰূপত অৱতীর্ণ হ’ব৷ সতীর্থসকলে মেচখনত নিজৰ ছন্দ অনুসাৰে খেলি দলটোক ফাইনেলত প্রৱেশ কৰাবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰি অধিনায়কগৰাকীয়ে লগতে কয় যে মেচখনত দিল্লীৰ পৰা প্রত্যাহ্বান পোৱাটো খাটাং৷ যুৱ তাৰকাৰে সমৃদ্ধ দিল্লীয়ে প্রতিযোগিতাখনত উন্নত প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছে৷ শিখৰ ধাৱনৰ লগতে আজিংক্য ৰাহানেও শেহতীয়াভাৱে দুর্দান্ত প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছে৷ মুঠতে আজি মেচখন ৰোমাঞ্চকৰ হৈ উঠাটো খাটাং৷ ইফালে, আই পি এলৰ ইতিহাসত প্রথমবাৰৰ বাবে ফাইনেলত প্রৱেশৰ লক্ষ্য লৈছে দিল্লী কেপিটেলছে৷ শিখৰ ধাৱন, ৰাহানে, পণ্ট আৰু হেটমায়েৰৰ পৰা দীঘলীয়া ইনিংছৰ আশা কৰিছে অধিনায়ক শ্রেয়াছ আয়াৰে৷

You might also like