নিজকে সুস্থ ঘোষণা কৰিলে ৰোহিত শর্মাই
নিয়মীয়া বাৰ্তা ৫ নৱেম্বৰঃ সংযুক্ত আৰব আমীৰ শ্বাহীত চলি থকা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শর্মাৰ আঘাতক লৈ সৃষ্টি হোৱা বিতর্কই নতুন মোৰ লৈছে৷ টীম ইণ্ডিয়াৰ আগন্তুক অষ্ট্রেলিয়া ভ্রমণত ৰোহিত শর্মা ফিট নহয় বুলি সদৰী কৰি বি চি চি আয়ে ভাৰতীয় দলটোৰ পৰা বাদ দিছে যদিও চলিত আই পি এলখনৰ মঙলবাৰে হৈ যোৱা অন্তিমখন লীগ মেচত মুম্বাই দলটোক প্রতিনিধিত্ব কৰি নিজকে আঘাতৰ পৰা সম্পূর্ণ সুস্থ বুলি ইংগিত দিছে ৰোহিত শর্মাই৷ হেমষ্ট্রিঙৰ সমস্যাৰ বাবে বিগত কেইখনমান মেচত অংশগ্রহণ নকৰা ৰোহিত শর্মাই মঙলবাৰে ছানৰাইজার্ছৰে খেলা মেচখনত দলটোক প্রতিনিধিত্ব কৰি কয় যে বর্তমান তেওঁ আঘাতৰ পৰা সম্পূর্ণ সুস্থ৷ পৰৱর্তী মেচকেইখনতো অংশগ্রহণ কৰিব বুলি ইংগিত দি মুম্বাই দলটোৰ অধিনায়কগৰাকীয়ে কয় যে বর্তমান তেওঁৰ হেমষ্ট্রিঙৰ কোনোধৰণৰ সমস্যা নাই৷