নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুন্না বৰুৱা ওৰফে ৰূপক অসমৰ মৃত্যু হোৱা নাইঃ পৰেশ বৰুৱা

নিয়মীয়া বাৰ্তা, ৫ নবেম্বৰঃ আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ভতিজা মুন্না অসমৰ মৃত্যু হোৱা নাই। বৰ্তমানলৈকে নিৰুদ্দেশ হৈ আছে আলফা নেতা মুন্না অসম। একাংশ সংবাদ মাধ্যমত মুন্না অসমৰ মৃত্যুৰ বাতৰি প্ৰকাশ পোৱাৰ বিপৰীতে এই মন্তব্য পৰেশ বৰুৱাৰ। ২৮ অক্টোবৰৰ পৰা ম্যানমাৰৰ গভীৰ অৰণ্যত নিখোজ হৈ আছে মুন্না অসম। তেওঁ স্ক্ৰিজ’ফ্ৰিনীয়া ৰোগত আক্ৰান্ত হৈ আছে। ছীফ মেনেজিং এডিটৰ চৈয়দ জাৰিৰ হুছেইনৰ সৈতে টেলিফোনিক বাৰ্তালাপত এই তথ্য জনালে পৰেশ বৰুৱাই।

You might also like