বিজনীত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন
নিয়মীয়া বাৰ্তা, ৫ নৱেম্বৰঃ চিৰাং জিলাৰ বিজনীত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ নৱমসংখ্যক মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি আজি বিজনী জিৰণি চ’ৰাত উন্মোচন কৰা হয় ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি । ৰাইজৰ দান-বৰঙণিৰে স্থাপন কৰা ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি লকডাউনৰ পূৰ্বেই প্ৰস্তুত কৰি ৰখা হৈছিল যদিও প্ৰতিমূৰ্তি উন্মোচন কৰিব পৰা নাছিল। সেয়েহে আজি উন্মোচন হ’ল ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি।
আজি পুৱা ১০.৩০ বজাত বিশ্ববন্দিত শিল্পী ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে প্ৰাক্তন প্ৰশাসনিক বিষয়া, চিন্তাশীল লেখক থানেশ্বৰ মালাকাৰে। ড০ ভূপেন হাজৰিকা প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ সভাপতি দিঠকানন্দ হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত আলোচকৰূপে অংশ লয় থানেশ্বৰ হাজৰিকা, চিৰাং জিলাৰ উপায়ুক্ত গৌতম তালুকদাৰ আৰু ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ তথা অসম নাট্য সন্মিসনৰ সভাপতি কুমাৰ দীপক দাসে | সন্ধিয়া সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায় অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি ধ্ৰুৱজ্যোতি দাসে।