নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মূল্যবৃদ্ধিৰ প্ৰতিবাদত চিৰাং আমছুৰ অৱস্থান ধৰ্মঘট, যোগানমন্ত্ৰীক অপসাৰণৰ দাবী 

নিয়মীয়া বাৰ্তা,  ৫ নৱেম্বৰঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি চিৰাং জিলাৰ সদৰ কাজলগাঁৱত আমছুৰ উদ্যোগত প্ৰতিবাদী অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰা হয় । কাজলগাঁওস্থিত উপায়ুক্ত কাৰ্যালয়ৰ সমীপত ৩১ ‘গ’ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত জিলা যোগ কেন্দ্ৰ চৌহদত ৰূপায়িত ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰা আমছুৰ নেতা-কৰ্মীসকলে ‘অসম চৰকাৰ হায় হায়! মূল্যবৃদ্ধি ৰোধ কৰক, খাদ্য আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী মুৰ্দাবাদ, অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি প্ৰতিৰোধ কৰক।’ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

চিৰাং জিলা আমছুৰ উদ্যোগত দিনৰ ১১ বজাৰ পৰা ১ বজালৈ ৰূপায়িত উক্ত ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচীত আংশগ্ৰহণ কৰি আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত বিজেপি নেতৃত্বাধীন কেন্দ্ৰ তথা ৰাজ্য চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হোৱা বুলি উল্লেখ কৰি যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীক শীঘ্ৰে অপসাৰণ কৰিবলৈ দাবী জনায়। ধৰ্ণাৰ শেষত আমছুৰ চিৰাং জিলা সভাপতি গুলজাৰ হুছেইন পাৰমাণিক আৰু সম্পাদক ময়দুল ইছলাম স্বাক্ষৰিত ৮ দফীয়া দাবীসম্বলিত এক স্মাৰক-পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰে।

You might also like