বর্ষটোত প্রথমবাৰ আজি মহাকাশলৈ ৰকেট প্রেৰণ কৰিব ইছৰোৱে
নিয়মীয়া বাৰ্তা ৭ নৱেম্বৰঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)–এ আজি উৎক্ষেপণ কৰিব বৃহৎ ৰকেট ‘পিএছএলভি–চি৪৯’৷ এই ৰকেটটোত থাকিব ৰাডাৰ ইমেজিং কৃত্রিম উপগ্রহ আৰু অন্য ৯টা বিদেশী ছেটেলাইট৷ ইতিমধ্যে ২০২০ চনৰ এই প্রথমটো ৰকেট উৎক্ষেপণৰ কাউণ্ট ডাউন আৰম্ভ হৈছে৷ কাইলৈ বিয়লি ৩ বজাত শ্রীহৰিকোটাৰ ৰকেট প’টৰ পৰা পিএছএলভিচি–৪৯ উৎক্ষেপণ কৰা হ’ব বুলি ইছৰোৰ এগৰাকী বিষয়ববীয়াই সংবাদ সংস্থা আইএএনএছক জনাইছে৷ স্মর্তব্য যে চলিত বর্ষত ভাৰতৰ এইটো প্রথম মহাকাশ অভিযান হ’ব৷ ইয়াৰ পূর্বে বর্ষটোত কোনোধৰণৰ মহাকাশ অভিযানৰ কার্যসূচী গ্রহণ কৰা নাছিল ইছৰোৱে৷