নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাম্প্রতিক উত্তেজনাই সূচনা কৰিব নতুন বিশ্বযুদ্ধৰ

নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ ব্রিটেইনৰ চীফ অৱ দ্য ডিফেন্স ষ্টাফ (চিডিএছ) নিক কার্টাৰে মন্তব্য কৰিছে যে আঞ্চলিক উত্তেজনা বৃদ্ধি আৰু ভুল সিদ্ধান্তৰ বাবে বিভিন্ন স্থানত বৃদ্ধি পাব পাৰে সংঘাত৷ সাম্প্রতিক গোলকীয় অনিশ্চয়তা আৰু হতাশা হৈ পৰিছে ক’ভিডকালৰ অন্যতম সংকট৷ ক’ৰোনা ভাইৰাছ মহামাৰীয়ে ইতিমধ্যে বিশ্বজুৰি সৃষ্টি কৰিছে অর্থনৈতিক সংকট৷ এনে পৰিস্থিতিত অন্য এখন বিশ্বযুদ্ধৰ সূচনা হ’ব পাৰে৷ ব্রিটেইনৰ চি ডি এছগৰাকীয়ে এই সতর্কবাণী কৰাৰ লগে লগে আন্তর্জাতিক সংবাদ মাধ্যমত বিষয়টোৱে বিশেষ চর্চা লাভ কৰিছে৷ সংঘর্ষত নিহত তথা আহত লোকসকলৰ বাবে ব্রিটেইনে আয়োজন কৰা বার্ষিক ‘ৰিমেমব্রেঞ্চ ছানডে’’ শীর্ষক বিশেষ দিনটোত এক সাক্ষাৎকাৰত নিক কার্টাৰে এই মন্তব্য কৰিছে৷ সাম্প্রতিক বিশ্বত বিভিন্ন ক্ষেত্রত অনিশ্চয়তা বৃদ্ধি পাইছে ক্ষিপ্র গতিত৷ এনে অনিশ্চয়তাই গোলকীয় প্রতিযোগিতাক নতুন গতি প্রদান কৰিছে৷ যাৰ বাবে বিভিন্ন অঞ্চলত বৃদ্ধি পাইছে উত্তেজনা৷ এই উত্তেজনাই এনে চৰম পর্যায় পাব পাৰে, যাৰ ফলত অন্য এক বিশ্বযুদ্ধৰ সূচনা হ’ব পাৰে৷ দেশখনৰ সামৰিক মুৰব্বীগৰাকীৰ এই বক্তব্যই বিভিন্ন স্থানত চলি থকা সামৰিক সংঘাতবোৰকেই প্রতিফলিত কৰিছে৷

You might also like