অন্তিম দুখন টেষ্টত অনিশ্চিত বিৰাট কোহলি
জানুৱাৰীত পিতৃত্বৰ গৌৰৱ অর্জন কৰিব টীম ইণ্ডিয়াৰ অধিনায়কে
নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ টীম ইণ্ডিয়াৰ বহু প্রতীক্ষিত অষ্ট্রেলিয়া ভ্রমণৰ টেষ্ট শৃংখলাৰ অন্তিম দুখন টেষ্টত ভাৰতীয় দলটোৰ অধিনায়ক বিৰাট কোহলিৰ অংশগ্রহণ অনিশ্চিত হৈ পৰিছে৷ অহা বর্ষৰ জানুৱাৰী মাহত প্রথমটো সন্তানৰ পিতৃত্বৰ গৌৰৱ অর্জনৰ সম্ভাৱনা থকা হেতুকে কোহলিয়ে অষ্ট্রেলিয়াৰে খেলিবলগীয়া চাৰিখনীয়া টেষ্ট শৃংখলাটোৰ অন্তিম দুখন টেষ্টত অংশগ্রহণ কৰিব নোৱৰাৰ সম্ভাৱনা অধিক আছে৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ এক সূত্রত আজি এই কথা সদৰী কৰিছে৷ অৱশ্যে বিৰাট কোহলিয়ে এই সন্দর্ভত কোনো ধৰণৰ মন্তব্য এতিয়ালৈকে আগবঢ়োৱা নাই৷ ১৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্ট শৃংখলাটোৰ অন্তিম দুখন টেষ্ট ৭–১১ জানুৱাৰীত ছিডনীত আৰু ১৫–১৯ জানুৱাৰীত ব্রিছবেনত অনুষ্ঠিত হ’ব৷ উক্ত সময়ছোৱাত কোহলিয়ে পিতৃত্বৰ গৌৰৱ অর্জন কৰাৰ সম্ভাৱনা আছে৷ অৱশ্যে টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে শৃংখলাটোৰ প্রথম দুখন টেষ্টত ভাগ লোৱাটো নিশ্চিত৷ সম্প্রতি কোহলি আৰু তেওঁৰ পত্নী অনুষ্কা শর্মা সংযুক্ত আৰব আমীৰ শ্বাহীত আছে যদিও সপত্নীক কোহলিয়ে সতীর্থৰ সৈতে ইউ এ ইৰ পৰাই অষ্ট্রেলিয়ালৈ ৰাওনা হ’ব৷