নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ নীলাপানী হ্ৰদক লৈ প্ৰশাসনৰ সজাগতা সভা, ১৪৪ ধাৰা জাৰি

নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰঃ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অধীনৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত নীলাপানী হ্ৰদত দুজনকৈ যুৱকৰ মৃত্যু হোৱাৰ পিছত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে জিলা প্ৰশাসনে৷ এইক্ষেত্ৰত কালি কলিয়াবৰ মহকুমাধিপতি বিতোপন নেওগ, চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণকান্ত দলেকে ধৰি বহুকেইজন বিষয়া কঁঠালগুৰি অঞ্চলৰ নীলাপানী হ্ৰদত উপস্থিত হৈ এখন সজাগতা সভাত অংশগ্ৰহণ কৰে ৷

উক্ত সজাগতা সভাখনতে স্থানীয় সচেতন ৰাইজক লৈ এখন শক্তিশালী সমিতি গঠন সন্দৰ্ভত আলোচনা কৰাৰ লগতে নৱতম পৰ্যটন ক্ষেত্ৰ ৰূপে বহুলভাৱে জনপ্ৰিয় হৈ উঠা নীলাপানী হ্ৰদত অনিৰ্দিষ্ট কালৰ বাবে ১৪৪ ধাৰা জাৰি কৰে জিলা প্ৰশাসনে। উল্লেখ্য যে শেহতীয়াকৈ নীলাপানী হ্ৰদৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিবলৈ আহি অসতৰ্কতামূলকভাৱে প্ৰায় ১৫০ ফুট গভীৰ হ্ৰদটোৰ জলৰাশিত সাঁতুৰিবলৈ যোৱাৰ ফলত প্ৰায় ২৫ দিনৰ অন্তৰালতে সংঘটিত হৈছিল দুটাকৈ শোকাৱহ ঘটনা ৷

গুৱাহাটীৰ বিকি কলিতা আৰু নগাঁৱৰ আয়’নাভ হাজৰিকা নামৰ যুৱক দুজনৰ হ্ৰদটোত সলিল সমাধি ঘটাত কলিয়াবৰ মহকুমা প্ৰশাসনে কালিৰ পৰা কিছু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জানিব পৰা মতে সৌন্দৰ্য চাবৰ বাবেহে নৱতম পৰ্যটন ক্ষেত্ৰ নীলাপানী হ্ৰদলৈ যিকোনো পৰ্যটক আহিব পাৰিব । ১৪৪ ধাৰৰ জৰিয়তে প্ৰশাসনে কঠোৰভাৱে হ্ৰদৰ পানীত নমা তথা সাঁতোৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ উপৰি পৰ্যটনথলীত নিষিদ্ধ কৰা হয় নিচাযুক্ত দ্ৰব্য সেৱন।

You might also like