নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰুৰ চোৰাং সৰবৰাহঃ মৰিগাঁৱত উদ্ধাৰ ৪৯টা গৰু, ৩জন গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰঃ বিগত এটা সপ্তাহ ধৰি মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ড০ নন্দ সিং বৰকলাৰ নেতৃত্বত মৰিগাঁও আৰক্ষী প্ৰশাসনে অবৈধ গৰু সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। কালি নিশা প্ৰায় ৯ বজাত আৰক্ষী অধীক্ষক ড০ নন্দ সিং বৰকলাৰ নেতৃত্বত ধৰমতুল আৰক্ষীয়ে এক অভিযান চলাই ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত নাকা চেকিঙত দুখনকৈ ট্ৰাকৰ পৰা ৪৯টা গৰু আৰু মহ জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য আৰক্ষীৰ চকুত ধূলি দিবলৈ ১৬টা গৰু এখন ৭০৯ ট্ৰাকত অনাৰ বিপৰীতে ৩৩টা গৰু অতি অমানৱীয়ভাবে ট্ৰাকৰ কণটেইনাৰৰ ভিতৰত অনা হৈছিল। কিন্তু আৰক্ষীৰ তালাচীত দুয়োখন বাহন জব্দ হয়। জব্দ হোৱা বাহন দুখনৰ নম্বৰ ক্ৰমে এ এছ ০১ এফ চি ৬৫৭৮ আৰু এ এছ ১২ ডি ২৫১৬ ।

আনহাতে এই চক্ৰটোৰ তিনিজন সদস্যই মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ৭৫ হাজাৰ টকা ঘোচ দিবলৈ চেষ্টা কৰাৰ লগে লগে আৰক্ষীয়ে ধনসহ তিনিওজনক গ্ৰেপ্তাৰ কৰে। উক্ত অভিযানত মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুভাশিস বৰুৱা আৰু উপ আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাই সক্ৰিয় ভূমিকা লৈছিল।

You might also like