নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেষ্ট দললৈ উভতিল ৰোহিত, টি–২০ৰ পৰা বাহিৰ বৰুণ চক্রৱর্তী

নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ অষ্ট্রেলিয়া ভ্রমণ কৰিবলগীয়া ভাৰতীয় টেষ্ট দলটোত অৱশেষত স্থান লাভ কৰিলে তাৰকা বেটছমেন ৰোহিত শর্মাই৷ হেমষ্ট্রিঙৰ সমস্যাৰ বাবে নির্বাচক মণ্ডলীয়ে ৰোহিত শর্মাক টীম ইণ্ডিয়াৰ আগন্তুক অষ্ট্রেলিয়া ভ্রমণটোৰ আটাইকেইটা শৃংখলাৰ পৰা বাদ দিছিল যদিও শেহতীয়াকৈ হেমষ্ট্রিঙৰ পৰা আৰোগ্য লাভ কৰা ৰোহিত শর্মাক টেষ্ট দলটোত অন্তর্ভুক্ত কৰাৰ সিদ্ধান্ত গ্রহণ কৰে নির্বাচক মণ্ডলীয়ে৷ অৱশ্যে ৰোহিত শর্মাক এদিনীয়া আৰু টি–২০ শৃংখলাটোত বিশ্রাম দিয়া হৈছে৷

ইফালে, আঘাতপ্রাপ্ত বৰুণ চক্রৱর্তীক টি–২০ শৃংখলাটোৰ পৰা বাদ দিয়া হৈছে আৰু তেওঁৰ স্থানত নটৰাজনক অন্তর্ভুক্ত কৰিছে৷ আনহাতে, সঞ্জু ছেমছনক এদিনীয়া দলটোত অতিৰিক্ত উইকেটকীপাৰ হিচাপে অন্তর্ভুক্ত কৰিছে বি চি চি আয়ে৷ ইপিনে, চলিত আই পি এলত আঘাতপ্রাপ্ত হোৱা ঋদ্ধিমান সাহাও অষ্ট্রেলিয়া ভ্রমণটোত অনিশ্চিত হৈ পৰিছে৷ অৱশ্যে ঋদ্ধিমান সন্দর্ভত বি চি চি আয়ে এতিয়ালৈকে কোনো মন্তব্য আগবঢ়োৱা নাই৷

আনহাতে, টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে টেষ্ট শৃংখলাটোৰ প্রথমখন টেষ্টত অংশগ্রহণ কৰি স্বদেশলৈ উভতিব৷ জানুৱাৰীৰ মাজভাগত কোহলিয়ে পিতৃত্বৰ গৌৰৱ অর্জন কৰাৰ সম্ভাৱনা আছে আৰু এই সন্দর্ভত তেওঁ ইতিমধ্যে বি চি চি আইক অৱগত কৰাইছে আৰু বি চি চি আয়ে কোহলিক সেউজ সংকেত প্রদান কৰিছে৷

You might also like