নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱসানৰ দিশে বিজেপি–বিপিএফৰ মধুচন্দ্রিকা

বিটিচি নির্বাচনক লৈ উত্তাল বড়ো ভূমিৰ ৰাজনীতি

নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ আসন্ন বিটিচি নির্বাচনক লৈ ইতিমধ্যে উত্তাল হৈ পৰিছে বড়োভূমিৰ ৰাজনীতি৷ বিশেষকৈ শাসকীয় বিজেপি দলে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলক আসন্ন বিটিচি নির্বাচনত উৎখাত কৰাৰ লক্ষ্যৰে যুদ্ধক্ষেত্রত নামি পৰাৰ পাছতে বড়োভূমিৰ নির্বাচনী উত্তাপ অধিক বৃদ্ধি পাইছে৷ পৰিস্থিতি এতিয়া এনে পর্যায় পাইছে যে বিটিচি নির্বাচনৰ ফলাফলৰ পাছতেই বিজেপি–বিপিএফৰ মধুচন্দ্রিকাৰ অৱসান ঘটাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ ২০০৩ চনৰে পৰা একেৰাহে বিটিচিৰ শাসনত অধিষ্ঠিত হৈ থকা হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফক এইবাৰ উৎখাত কৰাৰ বাবে প্রমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল, সাংসদ নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পার্টীৰ সমান্তৰালভাৱে মিত্রশক্তি বিজেপিয়েও বিটিচিৰ শাসনভাৰ হস্তগত কৰাৰ বাবে ইতিমধ্যে যুদ্ধক্ষেত্রত নামি পৰিছে৷ ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, মন্ত্রী ভৱেশ কলিতাকে ধৰি বিজেপিয়ে এইবাৰ বিটিচিৰ শাসনভাৰ দখলৰ লক্ষ্য আগত ৰাখি সমগ্র অঞ্চলটোত নির্বাচনী প্রচাৰ অভিযান জোৰদাৰ কৰি তুলিছে৷ হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ শাসনকালত জনসাধাৰণৰ ওপৰত চলা দমন, শোষণ, সীমাহীন দুর্নীতিক অন্যতম ইছু হিচাপে লৈ বিজেপিয়ে এই নির্বাচনী প্রচাৰ সভাসমূহত বিপিএফৰ বিৰুদ্ধে যথেষ্ট আক্রমণাত্মক হৈ পৰিছে৷ দিছপুৰত বিজেপিৰ সৈতে মিত্রতাত থকা সত্ত্বেও বিটিচি নির্বাচনক লৈ গেৰুৱা দলটোৱে তেওঁলোকৰ বিৰুদ্ধে অধিক আক্রমণাত্মক হোৱাত স্বাভাৱিকতে বিপিএফ সাংঘাতিক অস্বস্তিত পৰিছে৷ এক কথাত ক’বলৈ গ’লে বিটিচি নির্বাচনৰ ফলাফলৰ পাছতেই বিজেপি–বিপিএফৰ মধুচন্দ্রিকাৰ অৱসান ঘটাৰ সম্ভাৱনাই দেখা দিছে৷ বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰী, উপ–সভাপতি মন্ত্রী চন্দন ব্রহ্ম, সাধাৰণ সম্পাদক প্রবীণ বড়ো আদিৰ ভাষ্যতেই সেই কথা প্রকাশ পাইছে৷ হাগ্রামা মহিলাৰীৰ পৰা আৰম্ভ কৰি দলটোৰ প্রায়সংখ্যক নেতাই ইতিমধ্যে সংবাদ মাধ্যমৰ আগত দিছপুৰত বিজেপিৰে তেওঁলোকৰ মিত্রতা আছে যদিও অহা বিধানসভা নির্বাচনত তেওঁলোক মিত্রদল হৈ থাকিব নে নাই সেই বিষয়ে বিটিচি নির্বাচনৰ পাছতহে সিদ্ধান্ত গ্রহণ কৰিব৷ কাৰণ তেওঁলোক মিত্রতাত আছে যদিও বিজেপিৰ পৰা যথেষ্ট মানসিক নির্যাতনৰ সন্মুখীন হৈ আহিছে৷ তেওঁলোকৰ এই বক্তব্যৰ পৰা আসন্ন বিটিচি নির্বাচনত বিপিএফ পৰাজিত হ’লে বিজেপিৰে মিত্রতা ছেদ কৰাটো একপ্রকাৰ অৱধাৰিত বুলিব পাৰি৷ অৱশ্যে নির্বাচনী ফলাফলে যদি সম্ভাব্য ছবিখন সলনি কৰে, তেতিয়াহ’লে বিষয়টো বেলেগ হ’ব৷ কিন্তু সাম্প্রতিক প্রেক্ষাপটে বিজেপি–বিপিএফৰ মধুচন্দ্রিকা অৱসান ঘটাৰ ইংগিতেই বহন কৰে৷ ইপিনে, মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি ওদালগুৰি জিলাৰ ধনশিৰি, দলমা, হৰিশিঙাত তিনিখনকৈ নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰে৷ তিনিওখন নির্বাচনী প্রচাৰ সভাত মন্ত্রীগৰাকীয়ে হাগ্রামা মহিলাৰী আৰু বিপিএফ দলৰ প্রতি যথেষ্ট আক্রমণাত্মক হোৱা পৰিলক্ষিত হয়৷ ভাষণত মন্ত্রী ড০ শর্মাই কয় যে বিজেপিয়ে মৰম কৰা বাবেহে হাগ্রামা মহিলাৰী কোকৰাঝাৰত শাসনত বর্তি থাকিব পাৰিছে৷ নতুন দিল্লীত নৰেন্দ্র মোদী চৰকাৰ আৰু অসমত তেওঁলোক আছে বাবেহে কোকৰাঝাৰত হাগ্রামা মহিলাৰী আছে৷ সূর্যৰ পোহৰ পৰিলেহে চন্দ্র যিদৰে জিলিকে সেইদৰে হাগ্রামা মহিলাৰীও জিলিকি আছে৷ ইয়াক বাদ দি হাগ্রামা মহিলাৰীৰ কোনো মূল্য নাই৷ বিগত সময়ছোৱাত বিটিচিত শাসনৰ নামত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফে দমন চলাই অহাৰ লগতে শোষণ–বঞ্চনা–দুর্নী কৰি অহাৰ গুৰুতৰ অভিযোগ কৰি তেওঁ কয় যে হাগ্রামাই বাৰে বাৰে কয় মই খেলা দেখুৱাম৷ কিন্তু ভগৱান, আল্লা, গডকে ধৰি অদৃশ্যজনৰ বাহিৰে মানুহক দমন কৰাৰ অধিকাৰ কাৰো নাই৷ হাগ্রামাৰ শাসনকালত অঞ্চলটোত ৰাইজে নিজৰ মাটি ক্রয়–বিক্রয় কৰাত অধিকাৰ হেৰুৱাই পেলাইছে৷ চৰকাৰী আঁচনি ৰূপায়ণকে ধৰি চাকৰি–বাকৰিৰ ক্ষেত্রতো ব্যাপক দুর্নীতি সংঘটিত হৈছে৷

বিটিচিলৈ অহা পুঁজিৰ ধনেৰে কোনো কাম হোৱা নাই৷ অঞ্চলটোত যি উন্নয়ন হৈছে সেয়া ৰাজ্য চৰকাৰে কৰা উন্নয়নহে৷ সেয়ে বিজেপিয়ে এইবাৰ বিটিচিত বিপিএফক টেঙা আম বিক্রী কৰিবলৈ নিদিয়ে৷ সেইদৰে হাগ্রামা মহিলাৰীয়ে নিজেই দিল্লীত বিটিআৰ চুক্তিত স্বাক্ষৰ কৰে আৰু ইয়াত আহি কয় চুক্তিখন বেয়া৷ বিটিআৰ চুক্তিয়ে বিটিচিৰ সীমামূৰীয়া অঞ্চলত থকা ৰাইজক বিটিচিত অন্তর্ভুক্ত হ’ব বিচৰা বা বিটিচিৰ পৰা ওলাই অহাৰ সুবিধা প্রদান কৰিছে৷ আজি বৰচলা সমষ্টিৰ মানুহেও কৈছে তেওঁলোকে বিটিচিত থাকিব নোখোজে৷ কিন্তু হাগ্রামা মহিলাৰীয়ে মানুহক দমন কৰি ৰাখিব বিচাৰে৷ মন্ত্রী ড০ শর্মাই লগতে বিপিএফৰ কার্যকৰী সভাপতি তথা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী আৰু তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰী বিজেপিলৈ আহি আছে বুলি প্রকাশ কৰি কয় যে বিশ্বজিৎ দৈমাৰীৰ মন আৰু আত্মা এতিয়া বিজেপিত৷ ইফালে, মন্ত্রী ড০ শর্মাৰ তীব্র আক্রমণক কটাক্ষ কৰি বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে কয় যে মন্ত্রী ড০ শর্মাৰ লগত ভাল সম্পর্ক৷ তেওঁলোক দুয়োজনে নির্বাচনী সভাসমূহত বুজাবুজিৰে পৰস্পৰক গালি পাৰে৷ মহিলাৰীৰ স্পষ্ট কথা– হিমন্ত বিশ্ব শর্মা আৰু মোৰ কাজিয়া বুজাবুজিৰ কাজিয়া৷ আজি তেওঁ হৰিশিঙা, ধনশিৰিত মোক গালি পাৰিব৷ কাইলৈ মই তেওঁক গালি পাৰিম৷ মহিলাৰীয়ে আৰু কয়– মই সহায় কৰিলেহে বিটিচিত দুখন আসনত বিজেপিয়ে জয়লাভ কৰিব৷ বিজেপিয়ে ২৫খন হেলিকপ্ঢাৰ উৰুৱালেও বিপিএফে ২৫খন আসন লাভ কৰিব৷ মহিলাৰীৰ মতে আসন্ন নির্বাচনত কংগ্রেছে দুখন আৰু এআইইউডিএফে এখন আসন লাভ কৰিব৷ আনহাতে, মন্ত্রী ড০ শর্মাৰ নির্বাচনী প্রচাৰ কার্যৰ ধৰণ–কৰণক লৈ তীব্র অসন্তুষ্টি ব্যক্ত কৰিছে বিপিএফৰ উপ–সভাপতি তথা ৰাজ্যৰ ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ বিভাগৰ মন্ত্রী চন্দন ব্রহ্মই৷ সংবাদ মাধ্যমৰ আগত মন্ত্রী ব্রহ্মই কয় যে পৰহি ওদালগুৰি, মাজবাট আৰু কলাইগাঁৱত নির্বাচনী সভাত মন্ত্রী ড০ শর্মাই কি ক’ব বিচাৰিছে তেওঁ বুজি পোৱা নাই৷ মন্ত্রী ড০ শর্মাৰ পৰা তেনে কথা আশা কৰা নাছিল বুলি উল্লেখ কৰি কয় যে জনজাতি মানুহ হিচাপে তেওঁ বেঁকা–বেঁকী কথা বুজি নাপায়৷ সেয়ে মন্ত্রী ড০ শর্মাই কি ক’ব বিচাৰিছে সেয়া স্পষ্টভাৱে ক’লে ভাল হয়৷ বিটিচিত থাকিব নিবিচৰা জনসাধাৰণক দর্খাস্ত দি ওলাই আহিবলৈ মন্ত্রী ড০ শর্মাই দিয়া পৰামর্শক তাচ্ছিল্যসূচক কথা বুলি অভিহিত কৰি তেওঁ কয় যে তেনে বক্তব্যই বিটিচি অঞ্চলক অশান্তিৰ সৃষ্টি কৰিব৷ কাৰো দয়া, মৰমত বিটিচি হোৱা নাই৷ তদুপৰি বিটিচি অঞ্চলৰ পৰা যদি সকলো গুচি যায় ষষ্ঠ অনুসূচী ক’ত থাকিব বুলি প্রশ্ণ কৰি ব্রহ্মই কয় যে যদি সাহস আছে বিটিচি বাতিল কৰক৷ তেতিয়াহ’লে বিটিচিও নাথাকিব আৰু নির্বাচন অনুষ্ঠিত কৰাৰো ঝামেলা নাথাকিব৷ আমাক টুপী পিন্ধাব নোৱাৰে, আমি প্রমোদ বড়ো নহয়৷ মন্ত্রী ব্রহ্মৰ আজিৰ এই ভাষ্যই বিজেপিৰে বিপিএফৰ সম্পর্ক কিমান তিক্ততাপূর্ণ হৈছে সেয়া স্পষ্ট ৰূপত ওলাই পৰিছে৷ ইফালে, বিপিএফৰ কার্যকৰী সভাপতি সাংসদ বিশ্বজিৎ দৈমাৰীয়ে দলীয় কার্যসূচীক লৈ হাগ্রামা মহিলাৰীৰে কিয় মতানৈক্য–সংঘাত হোৱা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ বিটিচিৰ বাহিৰত বসবাস কৰা বড়ো–কছাৰী জনগোষ্ঠীক লৈ বড়ো–কছাৰী স্বায়ত্তশাসিত কল্যাণ পৰিষদ গঠনক লৈয়ে বিপিএফ নেতৃত্বৰে তেওঁৰ সংঘাত হয়৷ যোৱা ৩১ আগষ্টত বিধানসভাত সেই বিলখন একমাত্র বিপিএফৰ বাবেই অহা নাছিল বুলি জানিবলৈ দি সেই বিষয়কে ধৰি আন কেতবোৰ দলীয় কার্যসূচীক লৈয়ে বিপিএফ নেতৃত্বৰে তেওঁৰ মতানৈক্য–সংঘাত চলিছে৷ অৱশ্যে আজিৰ তাৰিখলৈ তেওঁ বিপিএফৰ পৰা পদত্যাগ কৰা নাই যিহেতু দলতেই আছে বুলি উল্লেখ কৰে।

You might also like