উত্তৰ-পূব কয়লা ক্ষেত্ৰ মুকলি কৰাৰ দাবীত সৰৱ যুৱ-ছাত্ৰঃ লিডুত উত্তাল প্ৰতিবাদ
নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰঃ মাৰ্ঘেৰিটা মহকুমাৰ অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ তথা ৰাজহুৱা খণ্ড উদ্যোগ উত্তৰ পূব কয়লা ক্ষেত্ৰৰ চলিত বৰ্ষৰ ৩ জুনৰ পৰা সাময়িকভাৱে বন্ধ হৈ পৰাৰ পাছত পুনৰ মুকলি কৰাৰ বাবে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ কৰি অহাৰ পাছতো গা লৰা নাই কোনো পক্ষৰে। ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক খাদ্য সংশাধন মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কেন্দ্ৰীয় কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশীক সাক্ষাৎ কৰাৰ পাছত অক্টোবৰ পৰা প্ৰতিষ্ঠানটো আৰম্ভ হোৱাৰ কথা প্ৰকাশ কৰিছিল যদিও আজি নবেম্বৰৰ প্ৰথম সপ্তাহৰ সমাপ্তিৰ পাছতো উদ্যোগটোৰ উৎপাদন আৰম্ভ হোৱাৰ কোনো সম্ভাৱনীয়তাই পৰিলক্ষিত নোহোৱাত ক্ষুণ্ণ হৈ উঠিছে সংগঠনটো।
আজি লিডুত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উত্তৰ পূব কয়লা ক্ষেত্ৰ মুকলি কৰাৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত উত্তৰ-পূব কয়লা ক্ষেত্ৰ পুনৰ মুকলি কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ জনায় মাৰ্ঘেৰিটাৰ লিডুৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত।
প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰৰ কাম নাই, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, কয়লা উদ্যোগ শীঘ্ৰে মুকলি কৰক, ৰামেশ্বৰ তেলীৰ কাম নাই আদি প্লেকাৰ্ড লৈ বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। মাৰ্ঘেৰিটাৰ অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ কয়লা উদ্যোগ যোৱা তিনি জুনৰ পৰা বন্ধ হৈ পৰাৰ পাছত বিজেপি নেতৃত্বাধীন চৰকাৰখনে ইয়াৰ পুনৰ মুকলি কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰাত তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে।