অ’ …প্ৰদীপ দা, কেনেকুৱা ? ভাল মণিষা…তোমাৰ ভাল নে …?
বিশিষ্ট সাংবাদিক প্ৰদীপ কুমাৰ গগৈৰ আদ্যশ্ৰাদ্ধৰ উপলক্ষে
নিয়মীয়া বাৰ্তা ১১ নৱেম্বৰঃ সদা পৰিচিত হাঁহিটিৰে সম্ভাষণ জনোৱা তেখেত আছিল মোৰ বাবে ককাইদেউ । প্ৰকৃতাৰ্থত এজন বিশিষ্ট সাংবাদিক যদিও সৃষ্টিশীল চিন্তাৰ খোৰাক যোগোৱা, হাঁহি-তামাচাৰে জীৱনটো অধ্যয়ন কৰি আগুৱাই যাবলৈ আমাক অনুপ্ৰাণিত কৰা এজন ব্যক্তি । আমাৰ প্ৰত্যেকটো কামত জাতীয়তাবাদী ভাৱধাৰাৰে পৰিপূৰ্ণ কৰি অসমীয়া সংস্কৃতিক আগবঢ়াই নিবলৈ অনুপ্ৰেৰণা যোগোৱা এজন সচাঁ অসমীয়া ।
দুলীয়াজানৰ মৃণালজ্যোতি পুৰ্নবাস কেন্দ্ৰ, এটি সুন্দৰ অনুষ্ঠান । বিশেষভাৱে সক্ষম ল’ৰা-ছোৱালীসকলৰ মানসিক-শাৰিৰীক আৰু সামাজিকভাৱে আগবঢ়াই নিয়াৰ এক প্ৰয়াসৰ নাম এই মৃণালজ্যোতি । কেন্দ্ৰটোৰ ছাত্ৰ ছাত্ৰী সকলক লৈ World disabled day দিনা উন্মোচন কৰা মোৰ এটি গীত “তুমি স্বৰ্গীয় তুমি সুন্দৰ”ৰ ভিডিঅ’ পৰিচালনা কৰিছিল সদ্যপ্ৰয়াত প্ৰদীপ ককাইদেৱে । সুন্দৰ মনৰ অধিকাৰী তথা পৰোপকাৰী স্বভাৱৰ সাংবাদিক প্ৰদীপ ককাইদেৱে এইক্ষেত্ৰত মোক যথেষ্ঠ সহায় সহযোগিতা আগবঢ়াইছিল । তাৰোপৰি ভাৰত মাতৃৰ বাবে উৎসৰ্গা কৰা মোৰ আন এটি গীত “চাৰে জাহাছে আচ্ছা” সেই গীতটিৰো ভিডিঅ’ কৰিছিল তেখেতে । নিঃস্বাৰ্থভাৱে এই কাৰ্য সম্পাদন কৰা প্ৰদীপ ককাইদেৱৰ ওচৰত আজীৱন কৃতজ্ঞ হৈ থাকিলোঁ ।
সাংবাদিক প্ৰদীপ ককাইদেৱে মোক লৈ এটা ব্যতিক্ৰমী কাম কৰাৰ পৰিকল্পনা কৰিছিল । কিন্তু সেই সপোন অপূৰ্ণ হৈ ৰ’ল । আজি আপোনাৰ আদ্যশ্ৰাদ্ধ । এই আদ্যশ্ৰাদ্ধৰ দিনাই আপোনাক সুঁৱৰি একাঁজলী শ্ৰদ্ধা নিবেদিছোঁ । আপুনি য’তেই নাথাকক কিয় আমাৰ সকলোৰে হৃদয়ত থাকিব , দূৰৈৰ পৰাই আৰ্শীবাদ দিব । শেষত শ্ৰদ্ধাৰ প্ৰদীপ কুমাৰ গগৈৰ আত্মাৰ সদ্গতি কামনা কৰা লগতে তেখেতৰ সহধৰ্মিণী দীপা গগৈ, সন্তানদ্বয় প্ৰণৱ-পিয়ুসী আৰু আত্মীয় স্বজনে যাতে এই শোকসাগৰৰ পৰা পৰিত্ৰাণ পায়, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ।
মণিষা বৰদলৈ
সংগীত পৰিচালক, কন্ঠশিল্পী
দুলীয়াজান