নিয়মীয়া বাৰ্তা ১১ নৱেম্বৰঃ অসম গণ পৰিষদত যোগদান কৰিলে অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে৷ ড০ ৰাজবংশীৰ লগতে মহাবিদ্যালয় অধ্যক্ষ পৰিষদৰ প্রাক্তন সভাপতি ড০ বলেন্দ্র কুমাৰ দাস, জ্যেষ্ঠ অধিবক্তা ড০ ননীগোপাল গোস্বামী, কেইবাগৰাকীও ছাত্র নেতা আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ বঙাইগাঁও জিলাৰ কেইবাজনো বিষয়ববীয়াই আঞ্চলিক দলটোত যোগদান কৰে৷ অসম সাহিত্য সভাৰ প্রাক্তন সভাপতিগৰাকীক দললৈ আদৰণি জনাই অগপৰ সভাপতি অতুল বৰাই কয় যে অসম গণ পৰিষদ দলৰ জন্ম দিছিল অসমৰ ৰাইজে জাতীয় অভিৱর্তনৰ জৰিয়তে৷ ৰাইজেই দুবাৰকৈ অগপক শাসনত বহুৱাইছিল৷ কিন্তু দলৰ মূল ইছ্যু বিদেশী নাগৰিকৰ সমস্যা সমাধানত অসম গণ পৰিষদ ব্যর্থ হ’ল৷ এই গুৰুতৰ সমস্যাটো যে কেন্দ্রৰ গৃহ মন্ত্রালয়েহে সমাধান কৰিব পাৰে, সেই কথা ৰাইজক সঠিকভাৱে দলে বুজাব নোৱাৰিলে৷ এতিয়াও অসম চুক্তিৰ ৬নং দফা সঠিকভাৱে ৰূপায়ণ হ’লে অসমীয়া জাতি ৰক্ষা পৰিব আৰু সেইবাবেই অসম গণ পৰিষদে বিজেপিৰ লগত মিত্রতা কৰিছে৷
আনহাতে ‘কা’ আন্দোলন আৰু নতুন ৰাজনৈতিক দল সন্দর্ভত পুনৰ আক্রমণাত্মক মন্তব্য কৰি অগপৰ সভাপতিগৰাকীয়ে কয় যে ৰাস্তাত টায়াৰ জ্বলাই, নাচি–বাগি কেন্দ্রীয় চৰকাৰক নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাবলৈ বাধ্য কৰাব নোৱাৰি৷ কিন্তু এতিয়া তাৰেই সুযোগ লৈ একাংশই ৰাজনৈতিক দল গঠন কৰিবলৈ ওলাইছে৷ অগপক কোনো জাতিদ্রোহী, বিনাশকাৰী শক্তিয়ে ধ্বংস কৰিব নোৱাৰে৷ অসমৰ মাটিত অগপ সদায় আঞ্চলিকতাবাদৰ মূল স্তম্ভ হৈ থাকিব৷ নতুন দল গঠনৰ আঁৰত কংগ্রেছ আৰু এআইইউডিএফ থকা বুলি কৈ তেওঁ কয় যে ‘কা’ আন্দোলনৰ নামত ৰাস্তাত টায়াৰ জ্বলোৱা, নাচ–গান কৰাৰ আঁৰত কংগ্রেছ আছিল আৰু এতিয়া কংগ্রেছ–এআইইউডিএফৰ্ পৃষ্ঠপোষকতাতে নতুন দল গঠন কৰা হৈছে৷ এই দলসমূহে অগপৰ তিলমানো ক্ষতি কৰিব নোৱাৰে৷
ইফালে, অসম গণ পৰিষদৰ জন্মলগ্ণৰ পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰি অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড০ ৰাজবংশীয়ে কয় যে অসম সাহিত্য সভাৰ লক্ষ্য–উদ্দেশ্যৰ লগত অসম গণ পৰিষদৰ লক্ষ্য–উদ্দেশ্যৰ বিশেষ পার্থক্য নাই৷ অসমৰ জাতীয় জীৱন সমৃদ্ধ কৰিবৰ বাবে যিদৰে অগপ দায়বদ্ধ, তেনেদৰে অসম সাহিত্য সভায়ো আঞ্চলিক দলসমূহৰ লগত সম্পর্ক ৰাখি কাম কৰি আহিছে৷ পার্থক্য মাথোঁ এটাই, অসম গণ পৰিষদ এটা ৰাজনৈতিক দল আৰু অসম সাহিত্য সভা হ’ল অৰাজনৈতিক সংগঠন৷ ইফালে, নিজৰ লিখিত ভাষণত ড০ ৰাজবংশীয়ে কয়, ‘অসম আন্দোলনৰ আপোচকামী অসম চুক্তিৰ মাজত অন্ততঃ ৬নং দফাত অসমীয়া জাতিসত্তা ৰক্ষাৰ শেষ উপায়কণ আছে৷ ৰাজনৈতিক মতাদর্শৰ ঊর্ধ্বত অসমীয়া মানুহৰ সাংবিধানিক ৰক্ষাকৱচ প্রদানৰ বাবে আমি ঐক্যবদ্ধ হোৱাটো প্রয়োজনীয়৷ কেন্দ্রীয় চৰকাৰে যদি হোঁহকা–পিছলা কৰি থাকে, তেন্তে আৰু তিনি বছৰৰ পিছত আমাৰ হাতত শেষপাট গণতান্ত্রিক অস্ত্র মজুত আছে– এইধৰণৰ চিন্তাৰে দলীয় ৰাজনীতিৰ অংশীদাৰ হ’বলৈ আগবাঢ়িছোঁ৷’ অগপৰ সদস্য হ’লেও সকলো ৰাজনৈতিক দলৰে সু–সম্পর্ক ৰক্ষা কৰি যাব বুলি স্পষ্ট কৰি তেওঁ কয় যে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ হ’লে সংশ্লিষ্ট সমষ্টিৰ ৰাইজৰ সৈতে আলোচনা কৰিহে সিদ্ধান্ত ল’ব৷