তৃতীয় টি–২০তো পৰাস্ত জিম্বাব’ৱে দল
নিয়মীয়া বাৰ্তা ১১ নৱেম্বৰঃ ঘৰুৱা দল পাকিস্তানৰে খেলা তিনিখনীয়া টি–২০ মেচৰ শৃংখলাটোত জয়ৰ মুখ নেদেখিলে জিম্বাব’ৱেই৷ ৰাৱালপিণ্ডিত মঙলবাৰে অনুষ্ঠিত তৃতীয় তথা অন্তিমখন মেচত পাকিস্তানে আলহী দলটোক আঠ উইকেটত পৰাস্ত কৰে৷ এই জয়েৰে শৃংখলাটো ৩–০ৰ ব্যৱধানত দখল কৰে পাকিস্তানে৷
মেচখনত জিম্বাব’ৱেই জয়ৰ বাবে বান্ধি দিয়া ১৩০ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি আব্দুল্লা ছফিকৰ অপৰাজিত ৪১ আৰু খুচদিল শ্বাহৰ অপৰাজিত ৩৬ ৰানৰ সহায়ত পাকিস্তানে ১৫.২ অ’ভাৰত দুটা উইকেট হেৰুৱাই বিজয়ী হয়৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি অধিনায়ক ছিভাভাৰ ৩১ আৰু টিৰিপানোৰ ২৮ ৰানৰ সহায়ত জিম্বাব’ৱেই নির্ধাৰিত ২০ অ’ভাৰত ৯টা উইকেট হেৰুৱাই ১২৯ ৰান কৰে৷ পাকিস্তানৰ হৈ ওছমান কাদিৰে সর্বাধিক চাৰিটা উইকেট লয়৷
ইপিনে, কেৰিয়াৰৰ অন্তিমখন মেচত ব্যর্থ হয় জিম্বাব’ৱে দলটোৰ প্রাক্তন অধিনায়ক এল্টন ছিগুমবুৰা৷ মেচখনত মাত্র দুই ৰান কৰে ছিগুমবুৰাই৷ মন কৰিবলগীয়া যে পাকিস্তানৰে খেলা টি–২০ শৃংখলাটোত অংশগ্রহণ কৰি ১৬ বছৰীয়া কেৰিয়াৰ সামৰে ৩৪ বছৰীয়া এল্টন ছিগুমবুৰাই৷