প্রেমিকক বান্ধি দুই নাবালিকাক ওৰেনিশা ধর্ষণ কৰিলে তিনি পাষণ্ডই
বিলাসীপাৰাৰ শালকোচাত ভয়ংকৰ কাণ্ড
নিয়মীয়া বাৰ্তা ১১ নৱেম্বৰঃ বিলাসীপাৰা মহকুমাৰ শালকোচা আৰক্ষী চকীৰ অন্তর্গত হাৰকাটা মুছলিমপাৰা গাঁৱত দুই নাবালিকাক ধর্ষণৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ অভিযোগ মতে, তিনি পাষণ্ডই ওৰেনিশা ধর্ষণ কৰে দুই নাবালিকা ছাত্রীক৷ ধর্ষণকাৰী তিনি যুৱকক ৰাইজে আটক কৰি আৰক্ষীক চমজাই দিয়ে৷ ধর্ষণকাৰীৰ ফাঁচিৰ দাবীত যোৱানিশা প্রায় ১০ বজাত শালকোচা আৰক্ষী চকী ঘেৰাও কৰি বিভিন্ন শ্লোগানেৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে উত্তেজিত ৰাইজে৷ গাৰ নোম শিয়ৰি উঠা এই জঘন্য ধর্ষণ কাণ্ডই জোকাৰি গৈছে সমগ্র বিলাসীপাৰা মহকুমা৷ ধর্ষিতাৰ পৰিয়ালে জানিবলৈ দিয়া মতে যোৱা শনিবাৰে নিশা হাৰকাটা মুছলিমপাৰা গাঁৱৰ বেগম উপাধিৰ নৱম শ্রেণীৰ ছাত্রী এগৰাকীয়ে সমনীয়া খাতুন উপাধিৰ বান্ধৱী এগৰাকীক লগত লৈ বগুলাউৰা গাঁৱৰ সাহিনুৰ আলী নামৰ প্রেমিকজনৰ সৈতে পলাই যোৱাৰ পৰিকল্পনা কৰিছিল৷ নিশা পথাৰৰ মাজেৰে গৈ থকা অৱস্থাত খামাৰপাৰা নামৰ গাঁওখনত তিনি পাষণ্ড যুৱকৰ হাতত ধৰা পৰে প্রেমিক–প্রেমিকা৷ পাষণ্ড তিনি যুৱক ক্রমে ধ্রুৱলোচন নাথ, সত্যজিৎ নাথ ওৰফে (ৰাকিব) আৰু শিৱানন্দ নাথে প্রেমিকগৰাকীক মাৰপিট কৰি ৰছীৰে বান্ধি নাবালিকাদ্বয়ক ওৰেনিশা ধর্ষণ কৰে৷ পুৱতিনিশা দুই কিশোৰী আৰু প্রেমিকাক এৰি লম্পট যুৱক তিনিটা পলাই যায়৷ পিছত পৰিয়ালৰ লোকে খবৰ পাই সাহিনুৰ আলীক উদ্ধাৰ কৰি নাবালিকাদ্বয়ক পলুৱাই নিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ তুলি শালকোচা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে৷ আৰক্ষীয়ে সাহিনুৰ আলীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জে’ল–হাজোতলৈ প্রেৰণ কৰে৷ কিন্তু কালি ধর্ষিতা নাবালিকাদ্বয়ৰ শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটাত মূল ঘটনা পোহৰলৈ আহে৷ ধর্ষণকাৰী পাষণ্ডকেইটাই ছাত্রী দুগৰাকীক চোকা অস্ত্র দেখুৱাই ভীতি প্রদর্শন কৰি এই ঘটনা গোপনে নাৰাখিলে হত্যা কৰাৰ ভাবুকি দিয়াত ধর্ষণৰ কথা গোপনে ৰাখিছিল৷ অৱশেষত কালি সন্ধিয়া ঘটনা পোহৰলৈ অহাৰ পিছত ধর্ষণ কাণ্ডৰ সৈতে জড়িত তিনি যুৱকক ৰাইজে আটক কৰাত সম্পূর্ণ ঘটনা স্পষ্ট হৈ পৰে৷ ধর্ষণকাৰী ধ্রুৱলোচন নাথে সাংবাদিকৰ আগত ধর্ষণৰ ঘটনা নিজমুখে স্বীকাৰ কৰে৷ পিছত ৰাইজে ধর্ষণকাৰী যুৱক তিনিজনক শালকোচা আৰক্ষীক চমজাই দিয়ে৷ ঘটনা সন্দর্ভত এখন এজাহাৰ দাখিল কৰিছে ধর্ষিতা নাবালিকাদ্বয়ে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে লম্পট তিনিটাক ইতিমধ্যে গ্রেপ্তাৰ কৰিছে৷ ঘটনাই যাতে সাম্প্রদায়িক ৰূপ নলয়, তাৰ বাবে বিভিন্ন মহলে সকলোকে সংযত হ’বলৈ আহ্বান জনায়৷