নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত বাংকাৰ নির্মাণেৰে অসম আৰক্ষীৰ ফেপেৰি

নগা আৰক্ষীৰ ভেটি ভাঙি শিবিৰ পাতিলে আৰক্ষী বেটেলিয়নে

নিয়মীয়া বাৰ্তা ১২ নৱেম্বৰঃ মৰিয়নিৰ অসম–নাগালেণ্ড সীমান্তৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাই চলোৱা বেদখলৰ বিৰুদ্ধে আজি অধিক কঠোৰ হয় অসম আৰক্ষী আৰু অসমৰ প্রশাসন৷ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগা আৰক্ষীৰ এটা শিবিৰ স্থাপন কৰাৰ পিছত সমগ্র অঞ্চলটোতে প্রতিক্রিয়াৰ সৃষ্টি হৈছিল৷ দুদিন পূর্বে প্রশাসন, বন বিভাগ আৰু আৰক্ষীয়ে নগাৰ উক্ত শিবিৰ স্থাপন কৰিবলৈ মজুত কৰি ৰখা বহুসংখ্যক গৃহ নির্মাণৰ সামগ্রী জব্দ কৰিছিল৷ ইয়াৰ পিছতেই নগা দুষৃকতিকাৰীয়ে অসমৰ নাগাজাংকা চাহ বাগিচাৰ বৰলাইনৰ সমীপত শূন্যলৈ গুলী ফুটাই অসমৰ লোকক ভাবুকি প্রদান কৰাত সমগ্র অঞ্চলতে উত্তেজনাৰ সৃষ্টি হৈছিল৷ তাৰ পিছতেই এদিনৰ ভিতৰতে একে ঠাইতে নগাই নগা আৰক্ষীৰ শিবিৰ স্থাপন কৰি তাত নগা আৰক্ষী মোতায়েন কৰে৷ কালি অসমৰ প্রশাসনে উক্ত শিবিৰটো উচ্ছেদ কৰিব বিচাৰে যদিও নগা প্রশাসনিক বিষয়া আৰু আৰক্ষীৰ অনুৰোধত এদিনৰ সময় দি শিবিৰটো উচ্ছেদ কৰিবলৈ সকীয়নি দিয়ে৷ কিন্তু আজি উক্ত শিবিৰটো নগাই আঁতৰাই নিয়াৰ পৰিৱর্তে তাত অধিক নগা আৰক্ষী নিয়োগ কৰে৷ ইয়াৰ পিছতেই নগাৰ এনে কার্যৰ বিৰুদ্ধে একপ্রকাৰ ফেপেৰি পাতে অসম আৰক্ষীয়ে৷ সেই সম্পর্কে জানিব পাৰি যোৰহাটৰ আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰৰ নেতৃত্বত আৰক্ষী, প্রশাসন আৰু বন বিভাগৰ এটা বৃহৎ দলে উক্ত শিবিৰ উৎখাত কৰিবৰ বাবে আগবাঢ়ে৷ ইফালে, নাগালেণ্ডৰ প্রশাসনে শিবিৰটো আঁতৰাই নিয়াৰ কোনো লক্ষণ নেদেখি উক্ত শিবিৰটো স্থাপন কৰা টিলাটোলৈ উঠি যোৱা পথৰ দাঁতিতে অসম আৰক্ষী বেটেলিয়নৰ দুটাকৈ শিবিৰ স্থাপন কৰাৰ লগতে বাংকাৰো নির্মাণ কৰে৷ লগতে বৃহৎসংখ্যক অসম আৰক্ষীৰ বেটেলিয়ন মোতায়েন কৰা হয়৷ ইয়াৰ পিছতেই সমগ্র বিষয়টো আলোচনা কৰিবৰ বাবে নাগালেণ্ড চৰকাৰে তেওঁলোকৰ উচ্চপদস্থ বিষয়াক ঘটনাস্থলীলৈ প্রেৰণ কৰে৷ আবেলি মোককচাং জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাজা ভৌলী, সহকাৰী আৰক্ষী অধীক্ষক ইমটি মেৰেন আও, সীমান্ত দণ্ডাধীশ ফিৰহাছী, মাংকুলেম্বাৰ মহকুমা আৰক্ষী বিষয়া তালি চুনেপ আদি উপস্থিত হৈ অসমৰ দলটোৰ সৈতে আলোচনাত মিলিত হয়৷

যোৰহাটৰ আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰৰ উপৰি মৰিয়নিৰ ৰাজহ চক্র বিষয়া তথা সীমান্ত দণ্ডাধীশ ডাঃ বিশ্বজিৎ বৰা, তিতাবৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া নিতুমণি দাস আদিয়ে নগা আৰক্ষীৰ শিবিৰটো উঠাই নিবলৈ আহ্বান জনায়৷ কিন্তু নাগালেণ্ডৰ প্রশাসন আৰু আৰক্ষীৰ দলটোৱে উক্ত শিবিৰটো উঠাই নিয়াৰ পক্ষপাতী নোহোৱাৰ লগতে অসম আৰক্ষী বেটেলিয়নৰ শিবিৰহে আঁতৰাই নিবলৈ আহ্বান জনায়৷ নাগালেণ্ডৰ দলটোৰ এনে আচৰণত স্বাভাৱিকতেই ক্ষুণ্ণ হৈ পৰে অসমৰ দলটো৷ আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰে এইক্ষেত্রত দৃঢ় পদক্ষেপ গ্রহণ কৰি যিকোনো পৰিস্থিতিত নাগালেণ্ড আৰক্ষীৰ শিবিৰটো উঠাই নিব লাগিব বুলি জনাই দিয়ে৷ তেওঁ আনকি নাগালেণ্ড আৰক্ষীৰ শিবিৰটো উঠাই নিনিয়া পর্যন্ত অসম আৰক্ষীৰ শিবিৰ উঠাই নিয়া নহয় বুলি স্পষ্টভাৱে জনাই দিয়াত কিছু সময় বিচাৰে নাগালেণ্ডৰ দলটোৱে৷ কিন্তু আশ্চর্যজনকভাৱে বাতৰি লিখাৰ পৰলৈকে কোনো সিদ্ধান্ত দিব পৰা নাই নাগালেণ্ড প্রশাসনে৷ নগা চৰকাৰী বিষয়াৰ এনে কার্যই প্রমাণ কৰিছে যে অসমৰ মাটিত নগাই অবৈধভাৱে অথচ স্থায়ীভাৱে নগা আৰক্ষীৰ শিবিৰ স্থাপন কৰিবলৈ লৈছিল৷ কিন্তু অসমৰ প্রশাসনৰ দৃঢ় স্থিতিত পিছ হুঁহকিবলৈ বাধ্য হৈছে নাগালেণ্ডৰ প্রশাসন৷ ইফালে, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে নগাৰ এনে বেদখল উচ্ছেদ কৰাৰ দাবীত আজি ৫ ঘণ্টীয়া এক অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ণ কৰে৷ নাগাজাংকা চাহ বাগিচাৰ কার্যালয়ৰ সমীপত আজি দুপৰীয়া দুই বজাৰ পৰা সন্ধিয়া ৭ বজালৈ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ণ কৰি মগ্রৈত সীমান্ত নিৰীক্ষণ চকীৰ নির্মাণকার্য শীঘ্রেই আৰম্ভ কৰা আৰু দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাই স্থাপন কৰা বৈদ্যুতিক খুঁটা আৰু নগা আৰক্ষীৰ শিবিৰ উচ্ছেদ কৰাৰ দাবী জনাই এই অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ণ কৰে৷ বর্তমানলৈকে অসমৰ প্রশাসন, আৰক্ষী আৰু বন বিভাগৰ দলটো উক্ত স্থানতে আছে৷

You might also like