নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিবিআইক সংখ্যালঘু ছাত্র বৃত্তি কেলেংকাৰিৰ তদন্তৰ দায়িত্ব অর্পণ

ভুৱা হিতাধিকাৰীৰে চৰকাৰী ধনৰ লুণ্ঠন

নিয়মীয়া বাৰ্তা ১২ নৱেম্বৰঃ সংখ্যালঘু শিক্ষার্থীক জলপানি প্রদানৰ নামত সংঘটিত বিয়াগোম কেলেংকাৰিৰ তদন্ত কৰিব চেণ্ড্রেল ব্যুৰ’ অৱ ইনভেষ্টিগেচনে (চি বি আই)৷ দেশৰ আন তিনিখন ৰাজ্যৰ লগতে অসমত সংঘটিত কেলেংকাৰিৰ তদন্ত কৰিব চি বি আয়ে৷ বুধবাৰে এই কথা সদৰী কৰিছে অসম সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ মমিনুল আৱালে৷ গুৱাহাটীত এখন সংবাদ মেলত এই সন্দর্ভত তেওঁ কয়– ‘ৰাজ্য চৰকাৰে জলপানিৰ নামত সংঘটিত কেলেংকাৰিৰ তদন্তৰ ভাৰ চি আই ডিক অর্পণ কৰিছিল৷ যোৱা নৱেম্বৰত কেন্দ্রীয় চৰকাৰে বিহাৰ, ঝাৰখণ্ড, পঞ্জাবৰ লগতে অসমত সংঘটিত কেলেংকাৰিৰ তদন্ত চি বি আইক প্রদান কৰিছে৷ ইয়াৰ জৰিয়তে বৃহৎ কেলেংকাৰিটোত জড়িতসকলে শাস্তি লাভ কৰাটো একপ্রকাৰ নিশ্চিত হৈছে৷’ উল্লেখ্য যে সংখ্যালঘু ছাত্র–ছাত্রীসকলক জলপানি প্রদান কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে মুঠ ৫০১.৪০ কোটি টকা আবণ্টন দিছিল৷ কিন্তু একাংশ বিদ্যালয়ত ভুৱা শিক্ষার্থীৰ নামত শিক্ষক আৰু দালালে বহু কোটি টকা লুণ্ঠন কৰে৷ শিক্ষার্থীৰ নামত ভুৱা একাউণ্টৰ জৰিয়তে চৰকাৰী ধন আত্মসাৎ কৰে শিক্ষকে৷ এই ঘটনা পোহৰলৈ অহাৰ পাছতে ৰাজ্য চৰকাৰে চি আই ডিক তদন্তৰ নির্দেশ দিয়ে৷ ইতিমধ্যে চি আই ডিয়ে শিক্ষার্থীক প্রদান কৰা জলপানিৰ ধন আত্মসাৎ কৰা ২১জনকৈ ব্যক্তিক গ্রেপ্তাৰ কৰি জে’ললৈ প্রেৰণ কৰিছে৷ ইয়াৰে ৭জন গোৱালপাৰাৰ, ৭জন দৰঙৰ, ৬জন কামৰূপ গ্রাম্য জিলাৰ আৰু এজন ধুবুৰীৰ৷ এইপর্যন্ত কেলেংকাৰিত জড়িত বহুকেইজন ব্যক্তি কৰায়ত্ত হৈছে৷ এনে দুর্নীতিবিৰোধীসকল আৰু কঠোৰ স্থিতি গ্রহণৰ বাবে আৱালে সংখ্যালঘু ৰাইজৰ হৈ মুখ্যমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰি আৱালে কয় যে ছাত্র বৃত্তিৰ ধন আত্মসাতৰ কেলেংকাৰিত এটা বৃহৎ চক্র জড়িত হৈ আছে৷ ২০১৮ চনৰ পৰা বর্তমানলৈ ছাত্র–ছাত্রীৰ নামত খোলা বিভিন্ন একাউণ্টত ছাত্র বৃত্তিৰ নামত কেন্দ্রীয় চৰকাৰে ৫০১ কোটি ৪০ লাখ ৪ হাজাৰ টকা জমা দিছে৷ কিন্তু এই একাউণ্টসমূহৰ গৰাকীসকলৰ কিমানগৰাকী প্রকৃত ছাত্র, সেয়া তদন্তৰ জৰিয়তেহে পোহৰলৈ আহিব৷

কেলেংকাৰিত জড়িত কোনো যাতে সাৰি যাব নোৱাৰে, তাৰ ব্যৱস্থা কৰিবলৈ তদন্তকাৰী সংস্থাক আহ্বান জনাই আৱালে কয়– ‘বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনে দুর্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷ যাৰ বাবে কেলেংকাৰিত জড়িতসকল সাৰি যাব পৰা নাই৷ এ পি এছ চিৰ দৰে সাংবিধানিক সংস্থা এটাত সংঘটিত কৰা কেলেংকাৰিৰ বাবে সংস্থাটোৰ মুৰব্বীসহ প্রায় ৭০জন লোক জে’ললৈ যাব লগা হৈছে৷ ৰাষ্ট্রীয় কৃষি বিকাশ যোজনাৰ কেলেংকাৰিত জড়িত ৭৯জন বিষয়া–কর্মচাৰীৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে৷ পূর্বৰ চৰকাৰৰ সময়ত আবকাৰী বিভাগত ৰাজহ সংগ্রহৰ পৰিমাণ আছিল প্রায় ৭০০ কোটি টকা৷ কিন্তু বর্তমানৰ চৰকাৰে সংগ্রহ কৰিছে প্রায় ৩ হাজাৰ কোটি টকা৷ ৰাজহ ফাঁকি দিয়াৰ সুৰুঙাবোৰ বন্ধ কৰাৰ বাবে বর্তমানৰ চৰকাৰখনে আবকাৰী বিভাগৰ লগতে খনি আৰু খনিজ সম্পদ বিভাগত পূর্বৰ প্রায় ৩০০ কোটি টকাৰ বিপৰীতে এতিয়া প্রায় ২,৭০০ কোটি টকা, পৰিবহণ বিভাগত পূর্বৰ প্রায় ১৫০ কোটি টকাৰ বিপৰীতে প্রায় ৮০০ কোটি টকাৰ ৰাজহ সংগ্রহ হৈছে৷ বর্তমানৰ চৰকাৰখনে পূর্বৰ চৰকাৰতকৈ প্রায় ৭,০০০ কোটিৰো অধিক টকাৰ ৰাজহ সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷’ চৰকাৰখনৰ দুর্নীতিবিৰোধী কঠোৰ স্থিতিৰ বাবেই এয়া সম্ভৱ হোৱা বুলি আৱালে সংবাদ মেলত মন্তব্য কৰে৷

You might also like