নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভক্তিমূলক অনুষ্ঠানত ক্লিক কৰোঁতে চলিল অশ্লীল ছবি, তদন্তত ওলাল সৰিয়হৰ ডুলিতে ভূত

নিয়মীয়া বাৰ্তা ১২ নৱেম্বৰঃ  প্ৰতিদিনেই ই-মেইল যোগে আহে ভক্তিমূলক অনুষ্ঠানৰ ভিডিঅ’। এই লিংক ক্লিক কৰি ভক্তিমূলক ভিডিঅ’ অনুষ্ঠান উপভোগ কৰি আহিছে বহুতে। কিন্তু ভক্তিমূলক অনুষ্ঠানৰ মাজতে ঘটিল এক আচৰিত ঘটনা। ভক্তিমূলক গীতৰ ভিডিঅ’ৰ ই-মেল ক্লিক কৰাৰ পিছতেই চলিব ধৰে অশ্লীল ছবি। এই ঘটনা সংঘটিত হৈছে অন্ধ্ৰপ্ৰদেশত।

ৰাজ্যখনত টিটিডিৰ শ্ৰী ভেংকেটেশ্বৰ ভক্তি চেনেল দৰ্শনৰ বাবে বুক কৰি থোৱা আছিল। সেই মতে প্ৰতিদিনেই ই-মেলযোগে ভক্তিমূলক অনুষ্ঠান, ভক্তিমূলক গীত অথবা ধৰ্মগ্ৰন্থৰ পাঠ ৰেকৰ্ড কৰি পঠায় দিয়ে। কিন্তু চলিত সপ্তাহত তেনে এক ই-মেলৰ লিংকট ক্লিংক কৰাত অশ্লীল ছবি চলিবলৈ আৰম্ভ কৰে। আনহাতে ই-মেইলত চাবজেক্টৰ নাম আছিল শতনাম ভবতি। এই সম্পৰ্কত এতিয়া টিটিডিৰ ওচৰত অভিযোগ দিছে ভক্তজনে।

টিটিডিৰ ছেয়াৰমেন ওয়াইভি সুব্বা ৰেড্ডিয়ে আৰম্ভ কৰে তদন্ত। কিন্তু তদন্তত ওলাল সৰিয়হ ডুলিঁৰ ভূত। যি জন কৰ্মচাৰীয়ে ই-মেইল পঠিয়াইছিল তেওঁ আধ্যাত্মিক কৰ্মৰ মাজত অশ্লীল ছবি উপভোগ কৰি আছিল। আৰু ভক্তিমূলক ভিডিঅ’ৰ মাজতে অশ্লীল ছবিৰ লিংক পঠাইছিল, যাৰ পৰিপেক্ষিতত এই ঘটনাটো সংঘটিত হ’বলৈ পালে। এতিয়া টিটিডিৰ কৰ্তৃপক্ষই সেই কৰ্মচাৰীজনৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিছে। সেই তদন্তত ওলাই পৰে যে চেনেলটোৰ কৰ্মচাৰীসকলে কামৰ মাজতে একাধিকবাৰ অশ্লীল ছবি উপভোগ কৰে।

source- india today, sanbad pratidin

You might also like