নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হংকঙৰ বিৰোধী সাংসদক বেইজিঙৰ গৰিহণা

নিয়মীয়া বাৰ্তা, ১৩ নবেম্বৰঃ চীনশাসিত হংকঙৰ সংসদৰ অধিকসংখ্যক বিৰোধী সাংসদে পদত্যাগ কৰা বিষয়টোক গৰিহণা দিছে বেইজিং প্রশাসনে৷ বেইজিঙৰ আধিপত্যক প্রত্যাহ্বান জনাই হংকঙৰ বিৰোধী পক্ষৰ সাংসদসকলে কালি পদত্যাগ কৰিছে৷ স্মর্তব্য যে বেইজিং প্রশাসনে গ্রহণ কৰা এক প্রস্তাৱৰ ভিত্তিত চাৰিগৰাকী হংকঙৰ বিৰোধী সাংসদক অযোগ্য ঘোষণা কৰাৰ পিছতে এছিয়াৰ সমৃদ্ধিশালী মহানগৰখনত সৃষ্টি হৈছে ৰাজনৈতিক সংকট৷

বেইজিং প্রশাসনে ৰাষ্ট্রীয় নিৰাপত্তাৰ প্রতি ভাবুকি কঢ়িওৱাৰ অভিযোগ তুলি চাৰিগৰাকী গণতন্ত্রৰ সপক্ষত থকা সাংসদক কালি অযোগ্য ঘোষণা কৰিছিল৷ ইয়াৰ পিছতে হংকঙত উত্তাল পৰিস্থিতিৰ সৃষ্টি হয়৷ বেইজিঙৰ এই সিদ্ধান্তৰ প্রতিবাদ জনাই গণতন্ত্রৰ সপক্ষত থকা সকলো সাংসদে তাৎক্ষণিকভাৱে পদত্যাগ কৰে৷ লগে লগে বিষয়টোৱে আন্তর্জাতিক মহলত চর্চা লাভ কৰে৷ চীনে শেহতীয়াকৈ হংকঙৰ সীমিত গণতন্ত্রলৈ কঢ়িয়াই আনিছে ভাবুকি৷ ১৯৯৭ চনত ব্রিটেইনে হংকঙক চীনৰ হাতত গতাই দিয়াৰ পিছত মহানগৰখনৰ বাসিন্দাসকলৰ যি স্বতন্ত্র অধিকাৰ আছিল, সেয়া পর্যায়ক্রমে খর্ব হৈ আহিছে৷

শেহতীয়াকৈ চীনে আৰোপ কৰা বিতর্কিত নিৰাপত্তা আইনৰ পিছতে হংকংবাসীৰ আত্মপৰিচয়লৈ আহি পৰিছে প্রত্যাহ্বান৷ গতিকে চীনৰ এই বিতর্কিত আইনে হংকঙত তীব্র প্রতিক্রিয়া সৃষ্টি কৰিছে৷ বিৰোধী সাংসদসকলে অভিযোগ কৰা অনুসৰি হংকঙৰ আত্মপৰিচয়ৰ অৱসান ঘটাবলৈ বেইজিঙে এখনৰ পিছত এখনকৈ কঠোৰ আইন বলৱৎ কৰি আহিছে৷ ইয়াক হংকঙৰ উদাৰপন্থী গণতান্ত্রিক সাংসদস কলে কেতিয়াও গ্রহণ নকৰে বুলি ঘোষণা কৰিছে৷

You might also like