চকী ৰক্ষাৰ স্বার্থত দখলত থকা ৬ সমষ্টি এৰিব নেতৃত্বই
নিয়মীয়া বাৰ্তা, ১৬ নবেম্বৰঃ বিজেপিৰে আসন বুজাবুজিক কেন্দ্র কৰি অসম গণ পৰিষদৰ গৃহকন্দলে চূড়ান্ত ৰূপ লৈছে৷ নেতৃত্বৰ বিৰুদ্ধে দলটোৰ ভিতৰচ’ৰাত উমি উমি জ্বলিছে ক্ষোভৰ জুই৷ সভাপতি, কার্যকৰী সভাপতিকে ধৰি কেইজনমান মুষ্টিমেয় শীর্ষ নেতাই নিজৰ চকী সুৰক্ষিত কৰি ৰখাৰ স্বার্থতে বিজেপিৰ ওচৰত আঁঠু লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ আনকি অগপ বিধায়কৰ পাৰদর্শিতা নিৰূপণ, তেওঁলোকে দ্বিতীয়বাৰ নিজৰ সমষ্টিত প্রতিদ্বন্দ্বিতা কৰাৰ সুযোগ পাব নে নাই, সেয়া নির্ধাৰণ কৰাৰ কর্তৃত্বও বিজেপিকে দিয়া হৈছে৷ এনে পৰিস্থিতিত কেইবাগৰাকীও অগপ বিধায়কৰ ভৱিষ্যৎ অনিশ্চয়তাৰ মাজত সোমাই পৰিছে৷ স্বাভাৱিকতে এইসকল বিধায়কে এতিয়া মুকলিকৈ ক্ষোভ প্রকাশ কৰিছে নাইবা দল এৰাৰ প্রস্তুতি চূড়ান্ত কৰিছে৷ কিন্তু তাৰ পাছতো বিধায়কৰ খং–ক্ষোভক তিলমাত্রও গুৰুত্ব দিয়া নাই সভাপতি অতুল বৰাকে ধৰি কেন্দ্রীয় নেতৃত্বই৷
অগপৰ জ্যেষ্ঠ নেতাসকলে বর্তমান দলটোৰ দখলত থকা এটাও সমষ্টি এৰি দিয়া নহ’ব বুলি মাজে–সময়ে হুংকাৰ দিয়ে যদিও তেওঁলোকৰ এই ঘোষণাক বিজেপিয়ে কিমান গুৰুত্ব দিয়ে, সেয়া অগপৰ বিধায়কসকলে ভালদৰে বুজি পায়৷ দলটোৰ এগৰাকী শীর্ষ নেতাই জনোৱা মতে, বিজেপিয়ে অগপক এইবাৰ ২০১৬ চনৰ নির্বাচনতকৈ কম আসন দিয়াৰ প্রস্তুতি চলাইছে৷ কেৱল সেয়াই নহয়, বর্তমান অগপৰ দখলত থকা সমষ্টি কাঢ়ি নামনি অসমৰ গণভিত্তি নথকা কেইবাটাও সমষ্টি অগপক গতোৱাৰ যো–জা চলাইছে৷ আশ্চর্যজনকভাৱে বিজেপিয়ে দিয়া সকলো চর্ত নির্বিবাদে মানি লৈছে সভাপতি অতুল বৰা আৰু কার্যকৰী সভাপতি কেশৱ মহন্তই৷ যাৰ বাবে সম্প্রতি অগপৰ দখলত থকা ১৪টা সমষ্টিৰ ভিতৰত অতি কমেও ৬টা সমষ্টি দলটোৱে বিজেপিক এৰি দিয়াটো নিশ্চিত হৈছে৷ ইতিমধ্যে উক্ত সমষ্টিকেইটাত বিজেপিৰ সম্ভাব্য প্রার্থীয়ে জোৰদাৰ প্রচাৰ আৰম্ভ কৰিছে আৰু বিজেপি কর্মীসকলৰ দ্বাৰা অগপৰ বিধায়ককেইগৰাকী ঠায়ে ঠায়ে বাধাৰো সন্মুখীন হৈছে৷
অসম গণ পৰিষদে বিজেপিক এৰি দিবলৈ সন্মত হোৱা সমষ্টিকেইটা হ’ল– লখিমপুৰ, তেজপুৰ, পাটাছাৰকুছি, পশ্চিম গুৱাহাটী, কমলপুৰ আৰু নাহৰকটীয়া৷ ইতিমধ্যে লখিমপুৰত বিজেপি সভাপতি ৰঞ্জিত দাসে নির্বাচনী কুচকাৱাজ আৰম্ভ কৰি তাৰ আগতীয়া ইংগিত দিছে৷ একে সময়তে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে সমাগত নির্বাচনত পাটাছাৰকুছি সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰাটো একপ্রকাৰ নিশ্চিত হৈছে৷ গতিকে লখিমপুৰৰ বিধায়ক উৎপল দত্ত আৰু পাটাছাৰকুছিৰ বিধায়ক পবিন্দ্র ডেকাই নিজ সমষ্টিত পুনৰ অগপৰ পৰা প্রার্থিত্ব পোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ৷ এই কথা আগতীয়াকৈ বুজিব পাৰি পাটাছাৰকুছিৰ বিধায়ক পবিন্দ্র ডেকাই দলৰ লগত সম্পর্ক প্রায় ছেদ কৰিছে আৰু দলীয় নেতৃত্বৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে মুকলি অসন্তুষ্টি ব্যক্ত কৰি আছে৷
জানিব পৰা মতে, পবিন্দ্র ডেকাই নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদত যোগদান কৰাটো সুনিশ্চিত৷ নতুন দলটোৰ পৰাই তেওঁ অহা নির্বাচনত পাটাছাৰকুছি সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ ইফালে পাটাছাৰকুছি সমষ্টিৰ পৰা প্রার্থিত্ব লাভৰ আশাৰে অগপত যোগ দিয়া ৰঞ্জিত ডেকাকো ভৱানীপুৰ সমষ্টিত মন দিবলৈহে দলৰ পৰা পৰামর্শ দিয়া হৈছে৷ ইফালে জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামীৰ দখলত থকা তেজপুৰ সমষ্টিও বিজেপিক এৰি দিবলৈ সন্মত হৈছে অগপৰ শীর্ষ নেতৃত্ব৷ বিজেপিয়ে এইবাৰ ‘সস্কৃতি বা সভ্যতাৰ যুঁজ’ক মূল ইছ্যু হিচাপে লৈ নির্বাচনত অৱতীর্ণ হোৱাৰ যো–জা চলাইছে৷ সেই বাবেই দলটোৰ এগৰাকী জ্যেষ্ঠ নেতাই সংস্কৃতি নগৰী তেজপুৰৰ পৰা প্রতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা কৰিছে৷ তদুপৰি ‘কা’ আন্দোলনৰ সময়ৰে পৰা অতুল বৰা আৰু কেশৱ মহন্তৰে বৃন্দাবন গোস্বামীৰ সম্পর্ক তিক্ততাপূর্ণ হৈ পৰিছে৷ গতিকে নির্বাচনৰ সামূহিক স্বার্থতে তেজপুৰ সমষ্টি বিজেপিক এৰি দিয়াৰ দোহাই দি গোস্বামীক একে সময়তে নিশকতীয়া কৰি পেলাব বিচৰা হৈছে৷ এই বিষয়টো আৰু কেইটামান দিনৰ ভিতৰতে স্পষ্ট হৈ পৰিব৷ যদিহে অগপৰ পৰা প্রার্থিত্ব লাভ নকৰে, তেনেহ’লে বৃন্দাবন গোস্বামীয়েও অসম জাতীয় পৰিষদতে যোগদান কৰিব বুলি চর্চা চলিছে৷
সমাগত নির্বাচনত অগপৰ পৰা বিজেপিৰ হাতলৈ যাবলগীয়া আন দুটা সমষ্টি হৈছে পশ্চিম গুৱাহাটী আৰু কমলপুৰ৷ দলীয় কর্মীৰ হেঁচাতে এই দুটা সমষ্টি বিজেপিয়ে বিচাৰিছে৷ বিপদ সমাগত দেখি সমষ্টি দুটাৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা আৰু সত্যব্রত কলিতাই নিজে গেৰুৱা বসন পিন্ধিবলৈ সাজু হৈছে৷ এই সমষ্টিকেইটাৰ লগতে এইবাৰ নাহৰকটীয়াও অগপৰ দখলত নাথাকিব৷ য’ত বর্তমান বিধায়ক হিচাপে আছে নৰেন সোণোৱাল৷ নাহৰকটীয়াত বিজেপিয়ে নিজা প্রার্থী প্রক্ষেপ কৰাটো নিশ্চিত৷ এই ছটা সমষ্টিৰ সলনি ২০২১ৰ নির্বাচনত বিজেপিয়ে নামনি অসমৰ কেইবাটাও সমষ্টি অগপক এৰি দিব বিচাৰিছে৷ যাৰ বাবে নামনিৰ কেইবাটাও সমষ্টিত নতুন নতুন প্রার্থিত্বপ্রয়াসীয়ে অগপৰ পতাকাৰ তলত ভিৰ কৰিছে৷ তাৰ ভিতৰত এনে কেইবাগৰাকীও প্রার্থিত্ব বিচৰা লোক আছে, যাৰ যোগদানে দলৰ লাভৰ সলনি ক্ষতিৰ সম্ভাৱনাহে বৃদ্ধি কৰিছে৷ উদাহৰণস্বৰূপে উল্লেখ কৰিব পাৰি দক্ষিণ অভয়াপুৰী সমষ্টিলৈ৷ সমষ্টিটোত পূর্ণেন্দু বণিক্য নামৰ এজন ব্যক্তি হ’ল অগপৰ প্রার্থিত্বৰ অন্যতম দাবীদাৰ৷ পূর্বতে এটা জাতীয় সংগঠনৰ দায়িত্বত থকা এইগৰাকী ব্যক্তি গৰুৰ চোৰাং চালানৰ লগত জড়িত থকাৰ অভিযোগত সংগঠনৰ পৰা বহিষৃকত হৈছিল৷ এনে এগৰাকী ব্যক্তিক প্রার্থী ৰূপে প্রক্ষেপ কৰাত স্বাভাৱিকতে আঞ্চলিকতাবাদী জনতাৰ অগপৰ প্রতি মোহভংগ হোৱাৰ উপক্রম হৈছে৷ অগপ নেতৃত্বৰ এনে পদক্ষেপক সহজভাৱে লোৱা নাই স্থানীয় সংগঠনসমূহেও৷ অসামাজিক কামৰ লগত জড়িত ব্যক্তিক অগপই নেতাৰ মর্যাদা দিয়া কার্য দলটোৰ বাবেই বুমেৰাং হোৱাৰ উপক্রম হৈছে৷
অসম গণ পৰিষদৰ শীর্ষ নেতৃত্বৰ এনে কর্মকাণ্ডই দলৰ মাজত ভয়ংকৰ গৃহকন্দলৰ সূচনা কৰিছে৷ কেৱল নিজৰ চকী বচাবলৈ মুষ্টিমেয় কেইজনমান লোকে আন দলৰ ওচৰত আত্মসমর্পণ কৰাই নহয়, দলৰ ভিতৰচ’ৰাত এটা স্তাৱক বাহিনীৰো সৃষ্টি কৰিছে৷ যাৰ পৰিণতিত নিষ্ঠাৱান নেতা–কর্মীসকলে অগপ এৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে৷