নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিলিপাইনছত সামুদ্রিক ধুমুহা ‘ভামকো’ৰ তাণ্ডৱ; ৬৭জনৰ প্রাণহানি

নিয়মীয়া বাৰ্তা, ১৬ নবেম্বৰঃ সামুদ্রিক ধুমুহা ভামকোৰ তাণ্ডৱত পূব এছিয়াৰ ৰাষ্ট্র ফিলিপাইনছত প্রাণ হেৰুওৱা লোকৰ সংখ্যা ৬৭গৰাকীলৈ বৃদ্ধি পাইছে৷ দেশখনৰ দুর্যোগ ব্যৱস্থাপনা সংস্থাই  সদৰী কৰিছে এই তথ্য৷

দুর্যোগ ব্যৱস্থাপনা সংকট প্রতিৰোধ আৰু পৰিচালনা পৰিষদ (এনডিআৰ আৰএমচি)ৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি ভামকোৱে কঢ়িয়াই অনা মুষলধাৰ বৃষ্টিপাতৰ পিছত ভূমিস্খলনত সন্ধানহীন হৈ আছে ১২গৰাকী লোক৷

স্মর্তব্য যে চলিত বছৰত ২১টা সামুদ্রিক ধুমুহাই খুন্দিয়াইছে ফিলিপাইনছত৷ ধুমুহাৰ পিছত মুষলধাৰ বৃষ্টিপাতে প্লাৱিত কৰিছে দেশখনৰ উত্তৰ প্রান্তৰ কাগায়ান আৰু ইছাবেলা প্রদেশ৷ এই দুয়োখন প্রদেশৰ দুর্গত লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ ক্ষেত্রত কেইবাটাও বাহিনীক মোতায়েন কৰিছে ফিলিপিন’ চৰকাৰে৷

ইতিমধ্যে বন্যার্ত লোকসকলক খাদ্য আৰু বিশুদ্ধ খোৱাপানী যোগান ধৰিছে কেইবাটাও দাতব্য সংস্থাই৷ ফিলিপিন’ ৰাষ্ট্রপতি ৰড্রিগ’ ডুটার্টেই কাইলৈৰ ভিতৰত বানাক্রান্ত অঞ্চলসমূহ পৰিদর্শন কৰাৰ সম্ভাৱনা আছে৷

You might also like