লীডাৰশ্বিপ নে পার্টনাৰশ্বিপ
বিহাৰ বিধানসভাৰ নির্বাচন শেষ হ’ল এইবাৰ বিটিচিৰ পাল৷ নির্বাচন অনুষ্ঠিত হ’ব ক’ৰোনাসৃষ্ট পৰিৱেশৰ মাজত৷ অৱশ্যে অতিমাৰী ভাইৰাছটোক লৈ ৰাজনৈতিক দল, প্রার্থী নাইবা ঠাইবিশেষে, সভাবিশেষে জনসাধাৰণৰ মাজত বিশেষ চিন্তা–উদ্বিগ্ণতা আছে বুলি মনে নধৰে৷ স্বাভাৱিক সময়ত আয়োজিত নির্বাচনী সভাৰ দৰেই সভাসমূহত জনসাধাৰণৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে৷ সামাজিক দূৰত্বৰো চিন–মোকাম দেখা যোৱা নাই৷ ক’ৰোনা কালত এনেধৰণৰ শক্তি প্রদর্শনে সমাজখনলৈ কেনে বিপর্যয় মাতি আনিব পাৰে, কথাটো নতুনকৈ কোৱাৰ আৱশ্যক নাই৷ বিশাল বিশাল আয়োজনবোৰ এৰাই চলিব পৰা গ’লহেঁতেন৷ ক’ভিড সম্পর্কীয় নীতি–নির্দেশনাবোৰ পালন কৰিব পৰা গ’লহেঁতেন৷ কিন্তু সেয়া নহ’ল৷ নঘটিল৷ শাসন ক্ষমতা দখলৰ যুঁজখনত সকলোবোৰ ধোঁৱাচাঙত তুলি থোৱা হ’ল৷ ক্ষমতা লাভৰ পিছত কাইলৈ হয়তো তেওঁলোকেই জনসাধাৰণক ক’ভিডসৃষ্ট পৰিৱেশৰ ভয়াৱহতাৰ কথা ক’ব৷ সামাজিক দূৰত্বৰ কথা ক’ব৷ অনাহকত ঘৰৰ পৰা ওলাই যাবলৈ মানা কৰিব৷ মাস্ক পিন্ধাটো অপৰিহার্য বুলি আহ্বান জনোৱা হ’ব৷ এইবোৰ কথা ইমানতে থাকক৷ ক্ষমতাই শেষ কথা৷ নির্বাচন শেষ হ’লে নীতি–নিয়মবোৰ পুনৰ আগৰ ঠাইলৈ উভতি আহিব৷ অৱশ্যে সুখকৰ কথা যে আমাৰ ৰাজ্যখনত ভাইৰাছটোৰ সংক্রমণ কমিছে৷ মৃতকৰ সংখ্যাও নিম্নমুখী হৈছে৷ ইয়াৰ বিপৰীতে সুস্থ হৈ উঠা লোকৰ সংখ্যা বাঢ়িছে৷ ক’ভিড–১৯ নামৰ ভাইৰাছটো অতীত হওক, এইটো সকলোৱে বিচাৰে৷ পৃথিৱীখন পুনৰ আগৰ দৰে চঞ্চল হৈ পৰক, এই মুহূর্তত এইটো সকলোৰে প্রার্থনা বুলি ক’ব পাৰি৷
বিটিচি নির্বাচনটো শেহতীয়াকৈ হঠাতে আকর্ষণীয় হৈ উঠিছে৷ ই কেৱল পৰিষদীয় অঞ্চলৰ লোককে নহয়, ৰাজ্যখনৰ আন আন অঞ্চলৰ জনসাধাৰণৰো চিত্ত আকর্ষণ কৰিছে৷ ইয়াৰ মূল কাৰণ নির্বাচনী সমৰখনত বিজেপিৰ সেনাপতি ড০ হিমন্ত বিশ্ব শর্মাৰ প্রত্যক্ষ অংশগ্রহণ আৰু বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীৰে তেওঁৰ বাক্যুদ্ধ৷ মন্ত্রী ড০ শর্মাই নির্বাচনী সমৰত নামিয়েই মিত্রদল বিপিএফক আক্রমণ কৰিবলৈ আৰম্ভ কৰি দিয়ে৷ নির্বাচনী সভাসমূহত তেওঁৰ প্রধান লক্ষ্য হৈ পৰে বিপিএফ আৰু দলটোৰ মুৰব্বী হাগ্রামা মহিলাৰী৷ এইখিনিতে মন কৰিবলগীয়া কথাটো হ’ল বিটিচি নির্বাচনৰ সময়সূচী ঘোষণা কৰাৰ পূর্বৰে পৰা বিজেপিৰ একাংশ নেতা তথা জনপ্রতিনিধিয়ে বিপিএফক লক্ষ্য কৰি আক্রমণাত্মক মন্তব্য দি আহিছিল৷ কিন্তু মন্ত্রী ড০ শর্মাৰ মুকলি অংশগ্রহণ নাছিল৷ ৰাষ্ট্রীয় দলটোৰ এজন দায়িত্বশীল নেতা হিচাপে তেওঁ মিত্রজোঁটৰ সকলো দলৰ সৈতে একেলগে মিলি কাম কৰি গৈছিল৷ কিন্তু নির্বাচনী সভাসমূহত তেওঁ এই ধাৰাটো বজাই নাৰাখিলে৷ এইটো অলপ আচৰিত হ’বলগীয়া কথাও৷ ইয়াৰ পৰা এটা কথা বুজিব পাৰি যে মিত্রদল বিপিএফৰ ভৱিষ্যৎ সন্দর্ভত তেওঁৰ মনত এটা স্পষ্ট ধাৰণা উপজিছে৷ সেই ধাৰণাটো কেৱল বিটিচিৰ পৰিমণ্ডলৰ ৰাজনীতিতে নহয়, সমাগত বিধানসভা নির্বাচনৰ সৈতেও ইয়াৰ সম্পর্ক থাকিব৷ কাৰণ পৰিষদীয় অঞ্চলত ১২টা বিধানসভা সমষ্টি আছে৷ সমষ্টিকেইটাৰ ৰাজনীতিও সেই ধাৰণাৰ মাজতে সোমাই আছে৷ সৰল অর্থত ক’বলৈ গ’লে নিকট অনাগত দিনৰ ৰাজনীতিত বিজেপিয়ে বিপিএফক একাষৰীয়া কৰাৰ ‘হোমৱর্ক’ ইতিমধ্যে সম্পূর্ণ কৰিছে৷ দলটোৱে পৰৱর্তী বিধানসভা নির্বাচনত বিজেপিক ক্ষমতালৈ অহাত বিশেষ সহায় কৰিব নোৱাৰে, বিজেপিৰ নেতৃত্বই সেইটো ইতিমধ্যে বুজি উঠিছে৷ হয়তো সেইবাবেই ‘নেডা’ৰ আহ্বায়ক পদত থকা সত্ত্বেও ড০ হিমন্ত বিশ্ব শর্মাই বিপিএফক সাংঘাতিক ধৰণে সমালোচনা কৰি নির্বাচনী সভা তথা বিটিচি নির্বাচনৰ পৰিৱেশ উত্তাল কৰি তুলিছে৷ আনহাতে, নির্বাচনী সমৰত তেওঁৰ সবল উপস্থিতিয়ে নির্বাচনী পৰিৱেশ লাহে লাহে এনেকুৱা কৰি তুলিছে যে পৰিষদীয় অঞ্চলৰ বহু লোকৰ বিশ্বাসত বিজেপি এতিয়া বিটিচিৰ পৰৱর্তী শাসক দল৷ অনেকে ভাবিবলৈ লৈছে, বিটিচিত এইবাৰ বিজেপি শাসন ক্ষমতালৈ আহিব পাৰে৷ এনে পৰিৱেশে ইভিএমত যোগাত্মক প্রভাৱ পেলায়৷
ভাৰতীয় জনতা পার্টীয়ে এইবেলিৰ নির্বাচনত নিজাববীয়াকৈ ২৬জন প্রার্থী থিয় কৰাইছে৷ এটা সমষ্টিত নির্দলীয় প্রার্থীক সমর্থন জনাইছে৷ দলটোৱে এককভাৱে বিটিচি দখল কৰিবলৈ ২১টা সমষ্টিত জয়লাভ কৰিব লাগিব৷ কিন্তু বিজেপিৰ বাবে সিমান সহজ নহ’ব৷ পৰিষদীয় অঞ্চলটোৰ ৪০টা সমষ্টিৰ ভিতৰত ৫টা সমষ্টি মুকলি আৰু পাঁচটা সমষ্টি অজনজাতীয়ৰ বাবে সংৰক্ষিত৷ বিটিচিৰ আঞ্চলিক দল অর্থাৎ বিপিএফ আৰু ইউপিপিএলৰ বাহিৰে আন ৰাজনৈতিক দলৰ বাবে পৰিষদখন দখল কৰাৰ প্রথম চর্তটোৱেই হ’ব, সেই দহখন আসনৰ সিংহভাগ নিজৰ হাতলৈ অনা৷ কমেও আঠখন আসনত জয়ী হ’ব নোৱাৰিলে কোনো এটা দলে এককভাৱে পৰিষদখনৰ শাসন ক্ষমতা নিজৰ হাতলৈ আনিব নোৱাৰিব৷ সমষ্টিকেইটাত কিন্তু যুঁজখন তীব্র প্রত্যাহ্বানমূলক হ’ব৷ তাত বিপিএফো এটা উল্লেখজনক শক্তি৷ তদুপৰি সাংসদ নৱ কুমাৰ শৰণীয়াৰ জিএছপিৰো সমষ্টিকেইটাত যথেষ্ট পৰিমাণে প্রভাৱ আছে৷ সাংসদগৰাকীয়ে দেশজুৰি প্রবল মোদী লহৰ বৈ থকা সময়তো কোকৰাঝাৰ সমষ্টিত একেৰাহে দুবাৰ জয়ী হৈছে৷ অর্থাৎ দেশৰ অন্যান্য অংশৰ ৰাজনীতিৰ সৈতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ ৰাজনীতি অলপ পৃথক৷ লোকসভা সমষ্টিটোৱে বিটিচিৰ সিংহভাগ অঞ্চল সামৰি আছে৷ পৰিষদীয় অঞ্চলটোৰ আন আন অংশতো একেই ৰাজনীতিৰ প্রভাৱ থকা বুলি ক’লে বঢ়াই কোৱা নহ’ব৷ তদুপৰি ঠাইবিশেষে কংগ্রেছ আৰু এ আই ইউ ডি এফৰো প্রভাৱ আছে৷ সেই অঞ্চলবোৰত বিজেপিৰ বাবে বিশেষ ভোট নাথাকিব৷ বাকী জনজাতিৰ বাবে সংৰক্ষিত ত্রিশটা সমষ্টিৰ যিকেইটাত বিজেপিয়ে প্রার্থী দিছে, তাতো অজনজাতিৰ ভোটৰ ওপৰত দলটো মূলতঃ নির্ভৰশীল হ’ব লাগিব৷ বডোভাষী ভোটাৰক বিটিআৰ চুক্তিখনে নতুন উছাহ আৰু আশা আনি দিছে৷ তেওঁলোকে চুক্তিখনৰ সপক্ষত থকা দলটোৰ বাবে অন্ততঃ এইটো নির্বাচনত আঁতৰি নাহে৷ গতিকে, বডোভাষী লোকৰ সিংহভাগ ভোট ইউ পি পি এলৰ সপক্ষে যোৱাৰ সম্ভাৱনা আছে৷ দলীয় সাংগঠনিক শক্তিৰ আধাৰত বিপিএফেও কিছু পৰিমাণে বডোভাষীৰ ভোট লাভ কৰিব পাৰে৷ একেদৰে সমষ্টিকেইটাৰ অজনজাতীয় ভোটাৰৰো এটা অংশ বিপিএফৰ লগত থকাৰ সম্ভাৱনা প্রবল৷ নৱ কুমাৰ শৰণীয়াৰ দলটোৱেও সমষ্টিবিশেষে অজনজাতীয় ভোটাৰৰ সমর্থন লাভ কৰিব৷ ইয়াৰ মূৰ কাৰণ হৈছে বিটিচিৰ ৪০টা সমষ্টিৰ মাথোঁ কেইটামানতহে অকল বডোভাষী ভোটাৰৰ সমর্থনে প্রার্থীৰ জয়–পৰাজয় নির্ণয় কৰে৷ বডোভাষী ভোটাৰৰ মাজত বিভাজন ঘটিলে তৃতীয় পক্ষ এটা মাজেৰে ওলাই যোৱাৰ সুযোগ থাকে৷ সেই সুযোগটো কিদৰে ল’ব লাগে, দীর্ঘদিনৰ ৰাজনীতিৰে নৱ কুমাৰ শৰণীয়াই কিছু পৰিমাণে বুজি উঠিছে বুলি ক’ব পাৰি৷ তেওঁৰ বাবে সমস্যা এটাই, লোকসভা নির্বাচনত সহায়–সহযোগিতা কৰা বহু সংগঠনে বিটিচি নির্বাচনত তেওঁৰ সংগ এৰে৷ এই জটিল সমীকৰণৰ মাজৰ পৰা ওলাই গৈ গৈ ২১খন আসন লাভ কৰাটো বিজেপিৰ বাবে সিমান সহজসাধ্য নহ’ব বুলি ধাৰণা কৰিব পাৰি৷
এবছুৰ নেতৃত্বত ডিভাইড আছাম ফিফটী ফিফটী আন্দোলনৰ সময়ৰ পৰাই বিটিচি অঞ্চলৰ ৰাজনীতি এটা ভিন্ন পথেৰে গতি কৰিবলৈ লয়৷ অঞ্চলটো সুদীর্ঘ কালধৰি হিংসা–সন্ত্রাসৰ কবলত বন্দী হৈ আছিল৷ তেনে অঞ্চল এটাৰ জনসাধাৰণৰ মনস্তত্ত্বও অলপ ভিন্ন ধৰণৰ হয়৷ ১৯৯১ চনত যেতিয়া বিধানসভা নির্বাচন অনুষ্ঠিত হৈছিল, পৰিষদীয় অঞ্চলটোৰ বহু লোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পৰা নাছিল৷ বহুতোকে ভোটকেন্দ্রলৈ যোৱাৰ পথতে ওভতাই পঠিওৱা হৈছিল৷ অনেকে ভোটকেন্দ্রলৈ গৈ গম পাই যে তেওঁলোকৰ ভোটটো ইতিমধ্যে আনে দি থৈছে৷ পৰিৱেশো এনেকুৱা আছিল যে প্রতিবাদৰ বিশেষ সুবিধাই নাছিল৷ পৰৱর্তী কালত কম–বেছি পৰিমাণে অঞ্চলটোত তাৰ প্রভাৱ ৰৈ যায়৷ আৰু আন এটা উল্লেখযোগ্য কথা হ’ল, এবছুৰ আন্দোলনটো অহিংস আছিল যদিও আন্দোলনটোৰ সমান্তৰালকৈ হিংসাত্মক আন্দোলনৰ ধাৰা এটাও চলিছিল৷ বিএচি চুক্তিৰ জৰিয়তে তেওঁলোকে অস্ত্র সম্বৰণ কৰে যদিও পৰিষদীয় অঞ্চলত হিংসা–সন্ত্রাসৰ ধাৰা এটা চলি থাকিল৷ বিএলটিৰ জন্ম হ’ল৷ তাৰে পূর্বে বিএছএফ (পৰৱর্তীত এনডিএফবি)ৰ সন্ত্রাস চলিল৷ বিটিচি চুক্তি হ’ল, বিটিআৰ চুক্তি হ’ল, সশস্ত্র সংগঠনকেইটা মূলসুঁতিলৈ উভতি আহিল৷ এতিয়া পৰিষদীয় অঞ্চলত বডোলেণ্ডৰ দাবী কৰা সক্রিয় সংগঠন নাই৷ কিন্তু তেওঁলোকে পূর্বতে ধনদাবী, অপহৰণ, হত্যা আদিৰ জৰিয়তে অজনজাতীয় লোকৰ মনত আতংকৰ যিডৰা খেতি কৰিলে, তাৰ বীজ, ফল আজিও আছে৷ নির্বাচনত ইয়াৰ প্রভাৱ পৰে৷ বিশেষকৈ ভিতৰুৱা অঞ্চলবোৰত৷ তেনে ঠাইত সকলো ধৰণৰ মানসিক চাপৰ পৰা মুক্ত হৈ ভোটাধিকাৰ সাব্যস্ত কৰিব পৰা ধৰণৰ পৰিৱেশ এটা এতিয়াও সম্পূর্ণৰূপে অহা নাই৷ এই পৰিৱেশত পৰিষদীয় অঞ্চলক কেন্দ্র কৰি গঠিত বিপিএফ নতুবা ইউপিপিএলে অজনজাতীয় ভোট লাভৰ ক্ষেত্রত সদায়েই এটা সুবিধাজনক স্থিতিত থাকে৷ ইয়াৰ অর্থ এইটো নহয় যে ৰাজনৈতিক দল দুটাই সেই লোকসকলক ভয়–ভাবুকি দি ভোট আদায় কৰে৷ তাত বিশ্বাসৰ পৰিৱেশ উভতি আহিবলৈ অলপ সময় লাগিব৷ গতিকে বিজেপিৰ বাবে অকলে ২১খন আসন লাভ কৰাটো সিমান সহজ নহ’ব৷ অৱশ্যে লীডাৰশ্বিপত নাথাকিলেও দলটো কোনোবাৰ সৈতে পার্টনাৰশ্বিপত থাকিব পাৰে৷ সিমানখিনি হ’লেও বিজেপিৰ বাবে বিটিচি নির্বাচন এটা বৃহৎ সাফল্য ৰূপে পৰিগণিত হ’ব পাৰে বুলি ক’ব পাৰি৷