নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাদ্রাছা শিক্ষাৰ সংস্কাৰ কিয় জৰুৰী?

  ইঞ্জিনিয়াৰ জাকিৰ হুছেইন

অতি সম্প্রতি মাদ্রাছা শিক্ষা বন্ধ কৰা বিষয়ত কেৱল অসমতে নহয়, সমগ্র দেশৰ মিডিয়াত চর্চাৰ কাৰণ হৈ পৰিছে৷ আমি মাদ্রাছা শিক্ষাৰ সংস্কাৰৰ বিষয়টোৰ ওপৰত ধাৰাবাহিকভাৱে লিখা–মেলা কৰিছেছা৷ ২০১৮ চনতে বিধানসভা অধিৱেশনৰ এখনত শিক্ষামন্ত্রীয়ে শিক্ষা বিষয়ত দিয়া ভাষণত উত্থাপন কৰে যে অসমীয়া ভাষা যদি আৰবত শিকায় তেন্তে অসমতো আৰবী ভাষা শিকোৱা হ’ব৷ তাকে লৈ বিধানসভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ কিন্তু পৰিতাপৰ বিষয় এয়ে যে দল–মত নির্বিশেষে কেৱল মুছলমান বিধায়কসকলেহে এনে নাভূত–নাশ্রুত মন্তব্যৰ বিৰোধিতা কৰিছিল৷ যিকোনো ভাষা জনা বা শিকাটো কোনো নেতিবাচক বিষয় নহয়৷ যিমানেই বেছিকৈ ভাষা জানিব সিমানেই বিভিন্ন জাতি, ধর্ম, জনগোষ্ঠীৰ বিষয়ে জনাত সহজ হ’ব৷ যিদৰে হিন্দু ধর্মৰ বিষয়ে জানিবলৈ হ’লে সংস্কৃত ভাষা জনাৰ প্রয়োজন ঠিক তেনেকৈয়ে ইছলাম ধর্মৰ বিষয়ে জানিবলৈ বা বুজিবলৈ আৰবী ভাষা জনা প্রয়োজন৷ সংস্কৃত, আৰবী দুয়োটা ভাষাই প্রাচীন আৰু একোটা নির্দিষ্ট ধর্মীয় সম্প্রদায়ৰ ভাষা৷ সংস্কৃত ভাষা হিন্দু ধর্মৰ তথা হিন্দুস্তানৰ মূল ভাষা৷ তাৰ অর্থ এয়া নহয় যে আৰবী এটা বিদেশী ভাষা আৰু ইছলাম ধর্মৰ মূল ভাষা৷ কিন্তু বহু ঠাইত যিদৰে মুছলমানসকলে সংস্কৃত ভাষা অধ্যয়ন কৰে ঠিক তেনেদৰে আৰবী ভাষা হিন্দুসকলেও অধ্যয়ন কৰা দেখা যায়৷ অসমত নাথাকিব পাৰে হায়দৰাবাদ তথা অন্যান্য ৰাজ্যত এনে হোৱা পৰিলক্ষিত হয় আৰু বিশেষকৈ পশ্চিমীয়া দেশবোৰত খ্রীষ্টানসকলেও আৰবী ভাষাত কথা কয়৷ ইহুদী দেশ ইজৰাইলত চৰকাৰী ভাষা দুটা হিব্রু আৰু আৰবী৷ সি যি নহওক, শিক্ষামন্ত্রীয়ে পুনৰ নির্বাচনৰ আগমুহূর্তত বিষয়টো উত্থাপন কৰি নির্দিষ্ট বার্তা দিয়াৰ প্রয়াস কৰিছে৷ কিন্তু এই কোনো মিডিয়া গোষ্ঠীয়ে অনুধাৱন কৰিব পৰা নাই যে মন্ত্রীজনাই কেৱল চৰকাৰী মাদ্রাছা বন্ধৰ বিষয়হে উত্থাপন কৰিছে আৰু তেনে মাদ্রাছাৰ সংখ্যা তেনেই নগণ্য৷ কিন্তুব্যক্তিগত বা ৰাজহুৱা মাদ্রাছা যাক কৌমি মাদ্রাছা সেইবোৰ কাঠফুলাৰ দৰে বাঢ়িছে আৰু এই মাদ্রাছাসমূহ চৰকাৰী নিয়ন্ত্রণলৈ আনি মাদ্রাছা শিক্ষাৰ সংস্কাৰ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে৷
‘World language as a language that is spoken internationally and its learned and spoken by a large number of people as a second language.’ It lists 7 #languages.-English, Arabic, Russian, Spanish, German, French and Chinese. #Arabic is the 6th official language of the UNO and spoken by around 420 million speakers in the world’
মাদ্রাছা শিক্ষা সংস্কাৰৰ ক্ষেত্রত কেন্দ্র আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰ দুখনে দুটা সুদূৰপ্রসাৰী আৰু যুগান্তকাৰী সিদ্ধান্ত লৈছে৷ অৱশ্যে মাদ্রাছা শিক্ষাৰ সংস্কাৰৰ ক্ষেত্রত চৰকাৰ দুখনৰ সদিচ্ছা যে সঁচাকৈয়ে আছে সেই বিষয়ে সন্দেহৰ অৱকাশ থাকি যায়৷ তেওঁলোকে এই সিদ্ধান্তসমূহৰদ্বাৰ্ মাদ্রাছা শিক্ষাৰ সৈতে জডিত ছাত্র–ছাত্রীৰ নিশ্চয়কৈ হিত সাধন কৰিব বিচৰিছে৷ ইয়াৰ আগেয়ে মহাৰাষ্ট্রৰ সেই সময়ৰ বিজেপি চৰকাৰেও অনুৰূপ সিদ্ধান্ত হাতত লৈছিল৷ মহাৰাষ্ট্রৰ বিজেপি চৰকাৰে মাদ্রাছাৰ সকলো ধৰণৰ ডিগ্রীৰ সকলো ধৰণৰ স্বীকৃতি বাতিল কৰিছিল৷ অসমত প্রথমতে মাদ্রাছাসমূহক সপ্তাহত শুকুৰবাৰৰ পৰিৱর্তে দেওবাৰে বন্ধ ৰখা সিদ্ধান্ত আৰু তাৰ সমান্তৰালকৈ ৰমজান মাহত বন্ধ উঠাই দিয়াক লৈ চৰকাৰে গ্রহণ কৰা সিদ্ধান্তক লৈ সমগ্র ৰাজ্যতে বিতর্কৰ সূত্রপাত হ’ল৷ যুক্তি হ’ল এখন ধর্মনিৰপেক্ষ দেশৰ আইন সমান আৰু একক হ’ব লাগে৷ লগতে এই কথাও সোঁৱৰাই দিয়া হ’ল যে এইখন ভাৰতবর্ষ, পাকিস্তান বা বাংলাদেশ নহয়৷ তাত বাৰু সন্দেহৰ অৱকাশ নাই, নথকাই স্বাভাৱিক, ধার্মিক তুষ্টিকৰণ বন্ধ হ’ব লাগে৷ কিন্তু প্রশ্ণ উদয় হোৱা স্বাভাৱিক যে মাদ্রাছাসমূহ ধর্মীয় অনুষ্ঠান নহয় জানো? চৰকাৰৰ অনুজ্ঞাপ্রাপ্ত, চৰকাৰী সাহায্যপ্রাপ্ত মাদ্রাছাও অৱশ্যে নথকা নহয়৷ দ্বিতীয়তে, মুছলমান জনসাধাৰণক উদ্দেশ্য কৰি এক নতুন জনসংখ্যা নীতিৰ প্রস্তাৱ আগবঢ়োৱা হ’ল৷ মন কৰিবলগীয়া কথা যে মুছলমানৰ বিভিন্ন বিষয়ত কেন্দ্র আৰু ৰাজ্য চৰকাৰসমূহে অতি গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে৷ কিন্তু চৰকাৰে মুছলমানৰ সমস্যাসমূহৰ সমাধানত আগ্রহী হোৱাৰ পৰিৱর্তে আগ্রাসী হোৱা বুলিহে বিজ্ঞ মহলে সন্দেহ প্রকাশ কৰিছে৷ তেওঁলোকে কেৱল মুছলমানৰ বিতর্কিত বিষয়বোৰ এটা এটাকৈ বাছি ল’বলৈ ধৰিছে আৰু তেওঁলোকৰ সৈতে জডিত নির্দিষ্ট এটা মহলক সন্তুষ্ট কৰাৰ প্রয়াস অব্যাহত ৰখাৰ অভিযোগ উঠিছে৷ যেন প্রতিটো সমস্যাৰ মূলতে আছে মুছলমান জনসাধাৰণ৷ সি যি নহওক, আমি আজি মাদ্রাছা শিক্ষাৰ সংস্কাৰৰ বিষয়তে আমাৰ আলোচনা সীমাবদ্ধ ৰাখিম৷
কেন্দ্রীয় সংখ্যালঘু দপ্তৰৰ মন্ত্রীগৰাকীয়ে মাদ্রাছা শিক্ষাৰ সংস্কাৰৰ ক্ষেত্রত ঘোষণা কৰিছিল এক তিনি তৰপীয়া আঁচনি৷ তিনি তৰপীয়া এই সাহায্য হ’ব শিক্ষকৰ সংখ্যা বৃদ্ধি, ছাত্র–ছাত্রীৰ বাবে জলপানি আৰু শৌচালয় নির্মাণ(3Ts – Teachers, Tiffins & Toilets)৷ তেওঁ জনাইছিল যে এই আঁচনিৰ অধীনত যিসমূহ মাদ্রাছাই মূল ধাৰাৰ শিক্ষা প্রদান কৰি আছে অথবা কৰাৰ প্রতি আগ্রহী তেওঁলোকক চৰকাৰে পুর্ণোদ্যমে সাহায্য প্রদান কৰিব৷ ইয়াৰ উপৰি তেওঁ জনাই যে দেশৰ মূল ধাৰাৰ সৈতে জডিত এক লাখ মাদ্রাছাৰ উন্নীতকৰণ কৰা হ’ব, নতুন প্রযুক্তিৰ সংযোজনৰ ব্যৱস্থা কৰা হ’ব৷ ইতিমধ্যে ২৫ হাজাৰ মাদ্রাছা বাছনি কৰা হৈছে আৰু ইয়াৰে ১২ হাজাৰ উত্তৰ প্রদেশৰ৷ অৱশ্যে অসমৰ দৰে সংখ্যালঘু অধ্যুষিত ৰাজ্যৰ কেইখন মাদ্রাছা চিনাক্ত কৰা হ’ল সেই তথ্য ৰাজহুৱা কৰা নাই৷ ৰাজ্যৰ বিয়াগোম সংখ্যালঘু বিভাগেও হয়তো কোনো খবৰেই ৰখা নাই৷ স্মর্তব্য যে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে সংখ্যালঘুসকলৰ বাবে ভাৰতবর্ষত পাঁচখন উচ্চ মানৰ বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্তও লৈছে৷ অৱশ্যে অসম চৰকাৰে এইক্ষেত্রত যোগাযোগ কৰিছেনে নাই সেইকথা স্পষ্ট হোৱা নাই৷ জনগাঁথনিৰ ফালৰ পৰা অসম এইক্ষেত্রত সম্পূর্ণৰূপে যোগ্য ৰাজ্য, অন্ততঃ ৰাজস্থানৰ দৰে ৰাজ্যতকৈ অধিক যোগ্য৷ কিন্তু ৰাজস্থানৰ মুখ্যমন্ত্রীয়ে আগভাগ লৈ জয়পুৰত এনে এখন বিশ্ববিদ্যালয় স্থাপনৰ যো–জা চলাইছে৷ কংগ্রেছ চৰকাৰৰ দিনত বর্তমানৰ শিক্ষামন্ত্রীৰ কার্যকালত এনে এখন বিশ্ববিদ্যালয় স্থাপনৰ পোষকতা কৰা হৈছিল৷ কিন্তু বিষয়টো কালক্রমত তলপৰি ৰ’ল৷ এনেধৰণৰ সংখ্যালঘু উন্নয়নৰ ক্ষেত্রত বর্তমানৰ চৰকাৰে কি ব্যৱস্থা গ্রহণ কৰে সেয়া সময়েহে ক’ব৷
ইফালে, অসম চৰকাৰে ৰাজ্যৰ মাদ্রাছা শিক্ষা ব’ড তথা মাদ্রাছা সঞ্চালকালয় বিলুপ্ত কৰাৰ পোষকতা কৰিছে আৰু তাক অসম মাধ্যমিক শিক্ষা পৰিষদৰ সৈতে সংযোজন কৰাৰ বিষয়ে শিক্ষামন্ত্রীয়ে সদৰী কৰিছে৷ এই কথা উল্লেখ নকৰিলেও ধৰি লোৱা হৈছে যে সংস্কৃত টোলসমূহৰ ক্ষেত্রতো অনুৰূপ সিদ্ধান্ত লোৱা হৈছে৷ অৱশ্যে খেৰাজি, কৌমি মাদ্রাছাসমূহৰ ক্ষেত্রত চৰকাৰৰ মতামত জানিব পৰা হোৱা নাই৷ মাদ্রাছা শিক্ষাৰ যে আমূল সংস্কাৰ সাধন জৰুৰী সেই কথা আমি বাৰে বাৰে কৈ আহিছোঁ৷ কিন্তু মাদ্রাছা ব’ড বা সঞ্চালকালয় ভংগ কৰিলেই সংস্কাৰ সাধন সম্ভৱপৰ হ’ব জানো? চৰকাৰৰ দ্বাৰা স্বীকৃত আৰু অনুমোদিত মাদ্রাছাসমূহহে ইয়াৰ অন্তর্ভুক্ত৷ তেনে মাদ্রাছাসমূহত কম–বেছি পৰিমাণে মূলসুঁতিৰ শিক্ষা প্রদান কৰা হয় যদিও চার্টিফিকেটসমূহক স্বীকৃতি প্রদান কৰা নহয়৷ তনজিম ব’ডৰ তত্ত্বাৱধানত থকা মাদ্রাছাসমূহ তথা ছাত্র–ছাত্রীসকল মূলসুঁতিৰ শিক্ষাৰ সৈতে কেনেকৈ জডিত হ’ব সেই কথা স্পষ্ট হোৱা নাই৷ ধর্মীয় শিক্ষাৰ সমান্তৰালকৈ মূলসুঁতিৰ শিক্ষাৰ সামঞ্জস্য ঘটালেহে প্রকৃতপক্ষে মাদ্রাছা শিক্ষাৰ সংস্কাৰ সাধনৰ ক্ষেত্রত চৰকাৰ আগ্রহী বুলি ধৰা হ’ব৷ মাদ্রাছাসমূহৰ স্বকীয়তা বজায় ৰাখিও সংস্কাৰ সাধন সম্ভৱ৷ যিদৰে সংস্কৃত টোলসমূহক কুমাৰ ভাস্কৰ বর্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অধীনলৈ নিয়া হৈছে, অনুৰূপ সিদ্ধান্ত মাদ্রাছাসমূহৰ ক্ষেত্রতো ল’ব পাৰিলেহেঁতেন৷
The Article 21A of the Indian Constitution states: ‘‘The State shall provide free and compulsory education to all children of the age of six to fourteen years in such manner as the State may, by law, determine.‘‘ The RTE Act is not a fundamental right, the right to education is. Also, Article 4l states: ‘‘The State shall endeavour to provide early childhood care and education for all children until they complete the age of six years.‘‘ এই আইনৰ আওতাৰ পৰা মাদ্রাছা বা গুৰুকুল (টোল)সমূহক ৰেহাই দিয়া হৈছে৷ ধর্মনিৰপেক্ষ ইউপিএ চৰকাৰৰ কার্যকালতে হোৱা এনে হঠকাৰী সিদ্ধান্ত ধার্মিক চৰকাৰখনৰ দিনতো বাতিল হোৱা নাই৷ এই আইনৰ যোগেদি শিক্ষাৰ অধিকাৰ সকলো শিশুৰ মৌলিক অধিকাৰ স্বৰূপ৷ মাদ্রাছা বা টোলত পঢ়া শিশুসকলৰ শিক্ষাৰ মৌলিক অধিকাৰ নাই নেকি? দৰাচলতে মাদ্রাছাত পঢ়া ছাত্র–ছাত্রীক সম্পূর্ণ এলাগী কৰাৰ প্রক্রিয়া অব্যাহত আছে৷ বিভিন্ন সময়ত বিজেপিয়ে সংখ্যালঘু আৰু সংখ্যাগুৰুৰ পার্থক্য নামানে বুলি দোহাৰে যদিও প্রতিটো ৰাজনৈতিক দলৰ দৰে তেওঁলোকৰো সংখ্যালঘু মর্চা নামৰ বিয়াগোম দলীয় কোষ এটা আছে৷ অর্থাৎ বিজেপি দলেও সংখ্যালঘুৰ সংজ্ঞা নিজৰ সুবিধা অনুযায়ী উচিত সময়ত ব্যৱহাৰ কৰি আহিছে৷ আমাৰ শিক্ষা পৰিকাঠামোৰ এক বুজন অংশ জডিত হৈ আছে মাদ্রাছা শিক্ষা ব্যৱস্থাৰ সৈতে৷ কউমী মাদ্রাছা, আলিয়া মাদ্রাছা, বিভিন্ন মোক্তাব, প্রী ক্যাডেট, মছজিদভিত্তিক ধর্মীয় শিক্ষা এই পৰিকাঠামোৰ আওতাত পৰে৷ এই ব্যৱস্থা নতুন নহয়৷ প্রায় দুশ বছৰজুৰি বিভিন্ন পৰিৱর্তন, পৰিবর্ধন, উন্নয়নৰ মাজেদি চলি থকা অতীতৰ টোল বর্তমানে মাদ্রাছাৰ ৰূপ পৰিগ্রহণ কৰিছে৷ পাঠ্যপুথিৰ কিছু পৰিৱর্তন হৈছে ক্ষেত্র বিশেষে৷ আৰবী, পার্চি, উর্দুৰ লগতে অসমীয়া, ইংৰাজী, বিজ্ঞানৰ ওপৰতো কিছু জোৰ দিয়া হৈছে৷ কিন্তু এই সংখ্যা অতিকৈ তাকৰ৷ সম্পূর্ণ পৰিসংখ্যা অৱলোকন নকৰিও এই কথা স্পষ্টকৈ ক’ব পাৰি যে ৰাজ্যৰ নিম্ন মধ্যবিত্ত, দৰিদ্র, অর্ধদৰিদ্র আৰু কিছু উচ্চবিত্ত ধর্মভীৰু লোক যিয়ে পৰকালত খোদাৰ সন্তুষ্টি অর্জনৰ কামনা বুকুত বান্ধি ৰাখে নিজৰ ল’ৰা–ছোৱালীক মাদ্রাছালৈ পঠিয়ায়৷ উচ্চবিত্তসকলৰ কথা বাদ দি, এই কথা ক’ব পাৰি যে সন্তানৰ বাবে মাদ্রাছা শিক্ষাকে বাছি লোৱাৰ আঁৰত ধর্মীয় মনোভাবে যিমান ক্রিয়া কৰে, তাতকৈ অধিক ভূমিকা থাকে পিতৃ–মাতৃৰ অর্থনৈতিক অৱস্থাৰ৷ একেবাৰে নামমাত্র খৰচত ল’ৰা–ছোৱালীক শিক্ষা দিয়াৰ এটা পথ বিচাৰি পায় মাদ্রাছা ব্যৱস্থাৰ সুবাদতে৷ যুগ যুগ ধৰি এই ব্যৱস্থা চলি আহিছে আৰু একেদিনাই ইয়াক বন্ধ কৰা ইমান সহজ নহয় যদিও অসম্ভৱো নহয়৷ অসমত মাদ্রাছা ব’ড প্রতিষ্ঠা হৈছিল প্রাকস্বাধীন কালতে, ১৯৩৪ চনত৷ তেতিয়াৰ পৰাই অৱধাৰিতভাৱে চলি আছে পৌৰাণিক এই ব্যৱস্থা৷
কথা হ’ল, সকলো বিষয়ৰে পৰিৱর্তন হয় সময়ৰ সৈতে, সময়ৰ প্রয়োজনত৷ সময়ৰ তাগিদাতে মেইনষ্ট্রিম শিক্ষা ব্যৱস্থাত বিভিন্ন পৰিৱর্তন কৰা হৈছে৷ পাঠ্যপুথি, সূচীৰ পৰিৱর্তন হৈছে, পৰীক্ষা পদ্ধতিৰ পৰিৱর্তন হৈছে, পৰিকাঠামোৰ উন্নতি হৈছে৷ তাৰ লগে লগে নিত্য নতুন গৱেষণাগাৰ, ফেকাল্টী, বিভাগ, অনুষদ খোলা হৈছে৷ লাহে লাহে হ’লেও এই আধুনিক যুগৰ বতাহে কিয় চুব পৰা নাই মাদ্রাছা শিক্ষা ব্যৱস্থাক? কিয় সংস্কাৰৰ কোনো দীর্ঘম্যাদি পৰিকল্পনা হাতত লোৱা হোৱা নাই? নীতি নির্ধাৰকসকল কিয় হাত–ভৰি বান্ধি, চকু বন্ধ কৰি, মুখ ঘূৰাই আছে শতাব্দী প্রাচীন এই অৱহেলিত শিক্ষা ব্যৱস্থাৰ পৰা? হয়তো চৰকাৰসমূহে ভাবিছিল বা ভাবিছে, ‘লেট দেম ডু হোৱাট এভাৰ দে লাইক৷ উই হ্যাভ নাথিং–টু– ডু উইথ ৰিলিজিন?’ কথা হ’ল, যিসকলে এই মাধ্যমৰ যোগেদি শিক্ষা প্রদান কৰি আহিছে তেওঁলোকে এবাৰো ভাবি চাইছেনে যে ছাত্র–ছাত্রীয়ে শিক্ষা সাং কৰি কি কৰিছে বা কি অৱস্থাত আছে৷ তেওঁলোকৰ চার্টিফিকেটসমূহ মছজিদ, মোক্তাবৰ বাহিৰে অইন কোনো ক্ষেত্রতে যে স্বীকৃত নহয়৷ তেওঁলোকৰ কাম কার্যক্ষেত্রত কি কেৱল মছজিদৰ ইমাম হোৱা বা পাঁচ ওয়াক্ত আজান দিয়া বা মাদ্রাছাত শিক্ষকতা কৰা? কিয় ভবা হোৱা নাই যে তেওঁলোকৰো মেইনষ্ট্রিম কর্মক্ষেত্রত সমানে সফলভাৱে ভূমিকা পালন কৰাৰ অধিকাৰ আছে? শুভবার্তা এয়ে যে মুছলমানৰ মাত্র পাঁচ শতাংশ ছাত্র–ছাত্রীহে মাদ্রাছা শিক্ষাৰ সৈতে জডিত৷
মুছলমানৰ আটাইতকৈ গুৰুতৰ আৰু চিন্তনীয় বিষয়টো নিৰক্ষৰতা, সাক্ষৰখিনিৰো আধুনিক শিক্ষা, বিজ্ঞান–প্রযুক্তিবিদ্য্ প্রতি অনীহা৷ আজিও শিক্ষিতসকলৰ স্বার্থপৰতাই চৰম সীমা অতিক্রম কৰে আৰু নিৰক্ষৰ, দৰিদ্র জনসাধাৰণক মাতব্বৰসকলে নচুৱাই থাকে৷ দেশৰ ভিতৰত মুছলমানৰ মাজত অশিক্ষিতৰ সংখ্যা আটাইতকৈ বেছি৷ এক বুজনসংখ্যক ছাত্র–ছাত্রীয়ে মাদ্রাছা–মোক্তাবত শিক্ষাগ্রহণ অব্যাহত ৰাখিছে৷ এই ধর্মীয় শিক্ষা ব্যৱস্থাক অনামুছলিম নাগৰিকে সন্দেহৰ দৃষ্টিৰে চায় আৰু তাত দেশবিৰোধী কাম–কাজ হোৱাৰ অভিযোগ কৰে৷ অৱশ্যে এনে অভিযোগ কোনো সত্যৰ ওপৰত প্রতিষ্ঠিত নহয় যদিও এচামে নিৰন্তৰ অপপ্রচাৰ চলাই গৈছে৷ সমস্যা হ’ল এই শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধন কৰিব বিচাৰিলেই ৰহস্যজনক কাৰণত এই শিক্ষা ব্যৱস্থাৰ সৈতে জডিতসকলে ঘোৰ বিৰোধিতা কৰে৷ তেওঁলোকৰ জীৱন আৰু জীৱিকাৰ প্রতি ভাবুকি অহা বুলি আশংকা কৰে৷ সেয়ে এই শিক্ষা ব্যৱস্থাৰ আজিকোপতি কোনো সংস্কাৰ সাধন হোৱা নাই আৰু এক পুৰণিকলীয়া শিক্ষাব্যৱস্থাই চলি আছে৷ বাস্তৱক্ষেত্রত মুছলমানসকলৰ চিন্তাধাৰা, শিক্ষাৰ মান একেভাৱে অচলাৱস্থাতে ৰৈ আছে মোগল সাম্রাজ্যৰ সময়ৰ লেখীয়াই৷ ধর্মীয় শিক্ষাগ্রহণ যে জৰুৰী তাত কিঞ্চিৎমাত্রও সন্দেহৰ অৱকাশ নাই৷ কিন্তু কেৱল এচাম দুখীয়া, দৰিদ্র ছাত্র–ছাত্রীয়েহে সেই শিক্ষাগ্রহণ কিয় কৰিব? তেওঁলোকৰ আধুনিক শিক্ষাগ্রহণৰ অধিকাৰ নাই নেকি? তেনে শিক্ষাৰে শিক্ষিতসকলৰ ভৱিষ্যৎ কি? তেওঁলোকৰ কর্মসংস্থানৰ দায়িত্ব কোনে লয়? মাদ্রাছা শিক্ষাৰ ক্ষেত্রখনত যে আমূল পৰিৱর্তন জৰুৰী হৈ পৰিছে তাক মনেপ্রাণে সম্প্রদায়টোৰ বহু পুৰোধা ব্যক্তিয়ে উপলব্ধি কৰে যদিও হাতে কামে বাস্তৱসন্মত এটা ৰূপ দিবলৈ আগবাঢ়ি নাহে৷ কাৰণ এই কার্য ক’ব নোৱাৰাকৈয়ে যেন ধর্মবিৰোধী হৈ পৰে৷ এই শিক্ষা ব্যৱস্থা যদি সঁচাকৈয়ে কেৱল ধর্মৰক্ষাৰ বাবেই অব্যাহত ৰাখিব লাগে তেন্তে আর্থিকভাৱে টনকিয়ালসকলে নিজৰ ল’ৰা–ছোৱালীক মাদ্রাছালৈ নপঠাই কিয়? ধর্মৰক্ষাৰ দায়িত্ব দৰিদ্রসকলৰ ওপৰতে ন্যস্ত কিয়? চৰকাৰে শিক্ষাৰ অধিকাৰ আইনৰ জৰিয়তে সকলো শ্রেণীৰ নাগৰিকৰ বাবে শিক্ষাগ্রহণ সহজলভ্য কৰি তুলিছে৷ কিন্তু ইয়াৰ সদ্ব্যৱহাৰ মুছলমানসকলে কৰা নাই কিয়? কাৰ প্রৰোচনা আৰু স্বার্থসিদ্ধিৰ হকে দৰিদ্র, নিছলাৰ ইচ্ছাৰ বিপৰীতে এই শিক্ষাব্যৱস্থা অব্যাহত আছে?
দৰাচলতে অসমত প্রৱর্তিত তনজিম মাদ্রাছা শিক্ষা ব্যৱস্থাৰ আর্হি উত্তৰ ভাৰতীয় আহুকলীয়া শিক্ষা ব্যৱস্থাৰে চলি আছে৷ ইয়াৰ বিপৰীতে দক্ষিণ ভাৰতীয় বিশেষকৈ কেৰালা ৰাজ্যত প্রৱর্তিত মাদ্রাছা শিক্ষা ব্যৱস্থাৰ আর্হি গ্রহণ কৰিব পাৰিলে সকলো পক্ষই উপকৃত হ’ব৷ ইছলাম ধর্মীয় শিক্ষাৰ সমান্তৰালকৈ আধুনিক শিক্ষা ব্যৱস্থাৰ সমন্বয়ত গঢ় লৈ উঠা এনে শিক্ষা ব্যৱস্থাই কেৰালাৰ মুছলিম সমাজক এক স্বকীয় পৰিচয় দিবলৈ সক্ষম হৈছে৷ আমাৰ ৰাজ্যত দুখীয়া, দৰিদ্র বা পৰিয়ালৰ আটাইতকৈ গাধা শিক্ষার্থীক মাদ্রাছা শিক্ষাৰ বাবে প্রেৰণ কৰাৰ বিপৰীতে সেই ৰাজ্যত অভিজাত, শিক্ষিত, তীক্ষ্ণ বুদ্ধিৰ শিক্ষার্থী মাদ্রাছা শিক্ষাগ্রহণৰ বাবে উদ্যোগ লোৱা হয়৷ বহুতে প্রশ্ণ কৰিব পাৰে যে তেনে কৰিলে শিক্ষার্থীসকলৰ ওপৰত অতিৰিক্ত বোজা পৰিব, ফলত আধুনিক শিক্ষা (দুনিয়াবি) বা ধর্মীয় শিক্ষা (আখিৰত) দুয়োটাতে পিছপৰি ৰ’ব৷ কিন্তু কেৰালাত দুয়ো শিক্ষা পদ্ধতিৰ এনে সন্তুলন গঢ়ি তোলা হৈছে এফালে যিদৰে তেওঁলোক ধর্মীয় শিক্ষাৰে শিক্ষিত হৈছে আৰু আনফালে আধুনিক সমাজ আৰু প্রযুক্তিবিদ্যাৰ শিক্ষাৰেও শিক্ষিত হৈছে৷ তেনে কৰাৰ ফলত শিক্ষার্থীসকলৰ সন্মুখত বহুতো বিকল্পৰ সন্ধান পায়৷ তেওঁলোকে নিজকে মৌলানা–মৌলবী হিচাপেও কার্যনির্বাহ কৰিব পাৰে নতুবা চৰকাৰী–বেচৰকাৰী বিভিন্ন কর্মসংস্থানৰ সন্ধান কৰিব পাৰে৷ আনকি তেওঁলোকে চিকিৎসা বিজ্ঞান বা অভিযান্ত্রিক শিক্ষা ব্যৱস্থাতো মনোনিৱেশ কৰিব পাৰে৷ কেৰালাৰ মাদ্রাছাৰ ছাত্রীয়ে এইমছৰ দৰে প্রতিষ্ঠানৰ বাছনি পৰীক্ষাত উত্তীর্ণ হোৱাৰো বহু উদাহৰণ আছে৷ কিন্তু কেৰালাত কোনো মাদ্রাছা শিক্ষা ব’ড বা সঞ্চালকালয় নাই৷
আমাৰ ৰাজ্যত প্রচলিত মাদ্রাছা শিক্ষা ব্যৱস্থাৰ জৰিয়তে শিক্ষাগ্রহণ কৰা শিক্ষার্থীৰ মাত্র এটাই বিকল্প মছজিদ–মাদ্রাছা৷ মছজিদৰ সংখ্যাৰ তুলনাত শিক্ষার্থীৰ সংখ্যা বহুগুণে অধিক হোৱা বাবে বহুতে কর্মসংস্থানৰ মুখ নেদেখে৷ যিসকলে মছজিদত মৌলানা হিচাপে কার্যভাৰ তেওঁলোকৰ অৱস্থাও শোচনীয়৷ কাৰণ আজিৰ যুগত চাৰি–পাঁচ হাজাৰ টকাৰে ঘৰ–সংসাৰ চলাব পাৰি জানো? প্রয়োজনতকৈ অধিক হাৰত মৌলানা, আলিম হৈ ওলোৱা বাবেই কর্মসংস্থান সম্ভৱপৰ হৈ উঠা নাই৷ মাদ্রাছা শিক্ষা সংস্কাৰ সাধনৰ উদ্দেশ্য ই কোনোপধ্যে নহয় যে ধর্মীয় শিক্ষা সম্পূর্ণৰূপে বন্ধ কৰিব লাগিব৷ এনে এক ব্যৱস্থা গ্রহণ কৰিব লাগে যাৰ দ্বাৰা ধর্মীয় শিক্ষাৰ সমান্তৰালকৈ আধুনিক শিক্ষাও গ্রহণ কৰিব পাৰে যাতে শিক্ষার্থীসকলে বহল ভিত্তিত চিন্তা–চর্চা কৰাৰ লগতে বিকল্প সন্ধান কৰিব পাৰে৷ উচ্চ শিক্ষাৰে শিক্ষিত হোৱাৰ বিকল্পও যাতে খোলা থাকে– স্নাতক, স্নাতকোত্তৰ আনকি ডক্তৰেট উপাধিও ল’ব পাৰে৷ ৰাষ্ট্রীয়, আন্তঃৰাষ্ট্রীয় পর্যায়ৰ শিক্ষাৰ সমকক্ষ শিক্ষা ব্যৱস্থাৰ সন্ধান কৰিব লাগিব৷ যিয়ে মৌলানা, মৌলবী হ’ব বিচাৰে সেই ব্যৱস্থাও একে সময়তে কৰিব লাগিব৷ এনে এক লক্ষ্য আগত ৰাখি মাদ্রাছা শিক্ষা ব্যৱস্থাৰ আমূল সংস্কাৰ সাধনৰ বাবে সকলো পক্ষ আগুৱাই আহিব লাগিব৷ তাৰ বাবে অপ্রয়োজনীয় ধর্মীয় আৱেগৰ পৰিধিৰ পৰা বাহিৰ ওলাই আহিব লাগিব৷ মাদ্রাছাসমূহ যে অনৈতিক কার্যৰ স্থলী নহয় বৰং ই প্রগতিশীল চিন্তা–চর্চাৰ কেন্দ্রস্থল তাক প্রতিপন্ন কৰিব লাগিব৷ আহুকলীয়া কুসংস্কাৰসমূহ দূৰ কৰাৰ বাবে সকলোৱে উদ্যোগ লোৱা উচিত৷ তাৰবাবে প্রয়োজন এক বৌদ্ধিক বিপ্লৱৰ৷

You might also like